নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত পৌৰসভাৰ জাবৰ কঢ়িওৱা বাহনৰ চালকক বৰ্বৰ আক্ৰমণ যুৱকৰ

✅আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত চাফাই কৰ্মবিৰতি

✅গ্ৰেপ্তাৰ আক্ৰমণকাৰী মেজিক চালক

✅পৌৰসভাৰ চাফাই কৰ্মীক মানৱীয় দৃষ্টিৰে চোৱাৰ আহব্বান কাৰ্য্যবাহী বিষয়াৰ

নিয়মীয়া বাৰ্তা, ২৪ জুলাইঃ দীৰ্ঘ প্ৰায় ৮টা মাহে প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হোৱাৰ পিছতো সেৱাৰ মনোবৃত্তিৰে শিৱসাগৰ চহৰৰ সকলো লেতেৰা জাবৰ-জোঁথৰ, গেলা পচা সামগ্ৰী পুৱাতে আঁতৰাই চহৰখন পৰিষ্কাৰেৰে ৰাইজৰ বাবে বাসপযোগী কৰি ৰখা পৌৰ সভাৰ এগৰাকী জাবৰ কঢ়িওৱা বাহনৰ চালক এজন যুৱকে সাধাৰণ কথাতে অতি বৰ্বৰভাৱে আক্ৰমণ চলাই আহত কৰাক লৈ আজি উত্তপ্ত হৈ পৰে শিৱসাগৰ চহৰ৷ জাবৰ সংগ্ৰহত ব্যস্ত থকাৰ সময়তেই অনাহকত উদণ্ড যুৱকৰ হাতত চহৰৰ মাজমজিয়াত এগৰাকী চাফাই কৰ্মী গুৰুত্বৰ ভাৱে আহত হোৱাৰ পিছতেই শতাধিক পৌৰ সভাৰ চাফাই কৰ্মীয়ে কৰ্মৰ পৰা বিৰত থাকি এই কাৰ্য্যত প্ৰতিবাদ কৰাৰ ফলত সমগ্ৰ চহৰ খনতেই এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় ৷অৱশ্যে জিলা প্ৰশাসনৰ তৎপৰ ভূমিকা আৰু শিৱসাগৰ আৰক্ষীয়ে ক্ষ্ৰীপ্ৰতাৰে আক্ৰমণকাৰী ৱাহিদুৰ ৰহমান নামৰ উদণ্ড যাত্ৰীবাহী মেজিক চালক জনক গ্ৰেপ্তাৰ কৰি আদালতলৈ প্ৰেৰণ কৰাৰ পিছতহে পৰিস্থিতি শান্ত হয় আৰু চাফাই কৰ্মী সকলে কামত ধৰে৷ প্ৰাপ্ত বাতৰি মতে আন দিনাৰ দৰে আজি পুৱাও বিমান গগৈ নামৰ পৌৰ সভাৰ জাবৰ কঢ়িওৱা মিনি ডাম্পাৰ খনৰ চালক জনে সহকৰ্মী সহিতে নগৰৰ পৰিবহণ নিগম তিনিআলিত জাবৰ সংগ্ৰহ কৰি আছিল৷ কিন্তু হৰ্ঠাত সেই সময়তে সেই স্থান অতিক্ৰম কৰিব বিছৰা এএচ ০৪ বি চি ৪০৮৩ নম্বৰৰ টাটা মেজিক খনৰ চালক গৰাকীৰ সৈতে পৌৰ সভাৰ মিনি ডাম্পাৰৰ চালক গৰাকীৰ পথ এৰি দিয়া-নিদিয়াক লৈ তৰ্কাতকিৰ সুত্ৰপাত হয়৷ কিন্তু টাটা মেজিক গাড়ী খনৰ চালক জনে হৰ্ঠাতে কোনো কথাৰ অৱতাৰনা নকৰাকৈ জাবৰ কঢ়িওৱা মিনি ডাম্পাৰৰ চালক বিমান গগৈৰ ওপৰত জপিয়াই পৰে ৷হাতৰ মুঠিত মেজিকৰ চাবিতো লৈ প্ৰচণ্ড জোৰেৰে পৌৰ সভাৰ মিনি ডাম্পাৰৰ চালক বিমান গগৈক উপৰ্য্যপুৰি প্ৰহাৰৰ কৰাৰ ফলত শৰীৰৰ বিভিন্ন স্থানৰ পৰা ৰক্তক্ষৰণ হবলৈ ধৰে ৷ লগে লগেই এই কথা মবাইলযোগে আন সতীৰ্থ সকলক অৱগত কৰাৰ পিছতেই চাফাই কৰ্মীৰ সভাপতি সম্পাদক সহিতে এটা দল ঘটনাস্থলীত উপস্থিত হয় ৷ কিন্তু উগ্ৰমূৰ্তি ধাৰণ কৰা মেজিক চালক ৱাহিদুৰ ৰহমানে ইয়াৰ পিছতো পৌৰ সভাৰ চাফাই কৰ্মীৰ আন কৰ্মকতা সকলৰ সন্মুখতেই পুণৰ আহত বিমান গগৈক চুচৰাই নি বুকুত কেইবাটাও ঘোচা মৰাৰ ফলত বিমান গগৈ ঠাইতে বাগৰি পৰে ৷ কিন্তু এই উত্তপ্ত পৰিস্থিতিৰ মাজতেই সেই স্থানত আহি উপস্থিত হোৱা এটা আৰক্ষীৰ দলে ঘটনাস্থলীৰ কিছু নিলগত কৌশলেৰে মেজিক চালক ৱাহিদুৰক গাড়ী সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহয় ৷ইফালে কিছু সময়ৰ পিছতেই সতীৰ্থক আক্ৰমণ আৰু আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ দাবীত চাফাই কৰ্মী সকলে কৰ্মবিৰতীৰে প্ৰতিবাদত নমাত চহৰ খনত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় ৷ বিশেষকৈ নিশাৰ ভাগত শিৱদৌলত পূজা অৰ্চনাৰ বাবে অহা শ শ বলবম ভক্তই বিভিন্ন সামগ্ৰী য’ তে ত’তে পেলাই থৈ যোৱাৰ ফলত চহৰ খনে পুঁৱাৰ ভাগত এক কৰ্দয্যময় ৰূপ ধাৰণ কৰে ৷ফলত এই অনাহুত ঘটনাৰ বাবে চাফাই কৰ্মী সকলে চাফাই কৰ্মৰ পৰা বিৰত থকাত চহৰ খনত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে নগৰৰ মাজমজিয়াত নাকে মুখে ৰূমাল মেৰিয়াইহে সাধাৰণ ৰাইজে পথ অতিক্ৰম কৰিব লগীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ ইফালে পৌৰ সভাৰ চাফাই কৰ্মীক আক্ৰমণ, চাফাই কৰ্মীৰ কৰ্মবিৰতী পালনৰ পিছতেই প্ৰশাসনৰ ভিতৰ চঁৰাতো হাহাকাৰ লাগে ৷ ঘটনাৰ পিছতেই ঘটনাস্থলীত পৌৰ সভাৰ কাৰ্য্যবাহী বিষয়া নিমাশ্ৰী ডাউকা উপস্থিত হয় ঘটনাৰ বুজ লোৱাৰ লগতে জিলা উপায়ুক্তকো অৱগত কৰে ৷আনহাতেদি চাফাই কৰ্মীৰ প্ৰতিবাদৰ মাজতেই আহত পৌৰ সভাৰ ডাম্পাৰ চালক বিমান গগৈয়ে আহত অৱস্থাৰেই সদৰ আৰক্ষী থানাত আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত এখন এজাহাৰ দাখিল কৰে ৷ এই এজাহাৰৰ ভিত্তিতেই অৱশেষত সদৰ আৰক্ষী থানাই চালক ৱাহিদুৰক কেইবাটাও গুৰুত্বৰ ধাৰাত গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাতহে পৰিস্থিতি শান্ত হোৱাৰ লগতে শ্ৰমিক সকলে পুণৰ কামত নিয়োজিত হয়৷ ইফালে বিভিন্ন সময়ত পৌৰ সভাৰ চাফাই কৰ্মী, জাবৰ কঢ়িওৱা বাহনৰ চালকক সৰু সৰু কথাতে একাংশ ব্যক্তিয়ে দু- ব্যৱহাৰ, শাৰিৰীক ভাৱে অপদস্থ কৰা কাৰ্য্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাৰ্য্যবাহী বিষয়া নিমাশ্ৰী ডাউকাই ৷ বিষয়াগৰাকীয়ে সামান্য পৰিশ্ৰমিকৰ বিনিময়ত চহৰখনৰ সকলো জাবৰ জোঠৰ, মল মূত্ৰ,জীৱ জন্তুৰ মৰাশ আদি চহৰ খনৰ পৰা আঁতৰাই চহৰখন ৰাইজৰ বাসপযোগী কৰি তুলাত গুৰুত্বপুৰ্ণ ভূমিকা পালন কৰি অহা চাফাই কৰ্মীসকলক মানৱীয় দৃষ্টিৰে চাবলৈ সকলোৰে প্ৰতি আহব্বান জনায় ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like