নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইকেৰে বাংলাদেশত প্ৰৱেশ : গোলকগঞ্জৰ কিশোৰক বিএছএফক হস্তান্তৰ বিজিবিৰ

নিয়মীয়া বাৰ্তা, ১১ জুনঃ ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তয়েদি তিনিজন কিশোৰৰ অবৈধভাবে বাংলাদেশত প্ৰৱেশ কৰা ঘটনাই চাঞ্চল্য সৃষ্টি হৈছে। অৱশ্যে বাংলাদেশত প্ৰবেশ কৰাৰ লগে লগেই বাংলাদেশ সীমান্তত কর্তব্যৰত বাংলাদেশৰ সোনাহাট বি জি বি কেম্পৰ সদস্যই সিহঁতক অবৈধ অনুপ্ৰবেশৰ অপৰাধত আটক কৰে। আটকাধীন তিনি কিশোৰ জিলাখনৰ ধুবৰী সদৰ থানাৰ অন্তৰ্গত তিস্তাৰপাৰ গাওঁৰ ছামছুল ৰহমানৰ পুত্ৰ আমিনুল ইছলাম (১৬), শহৰ আলীৰ পুত্ৰ নুৰ ইছলাম (১৬),আশকান আলীৰ পুত্ৰ ইচমাইল সেখ (১৫) বুলি নিজকে চিনাকি দিছে। প্ৰাপ্ত তথ্য মতে আজি পুৱা ১১ মান বজাত কিশোৰ তিনিজনে এখন বাইকেৰে সোনাহাট আন্তৰ্জাতিক বানিজ্য কেন্দ্ৰৰ সীমান্তয়েদি তীব্ৰ বেগত বাংলাদেশত প্ৰবেশ কৰে। তেনেদৰে সীমান্তৰ পহৰাৰ দায়িত্বত সীমান্ত সুৰক্ষা বাহিনীৰ সন্মুখেদি কিশোৰ তিনিজনে বাংলাদেশত প্ৰৱেশ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনকি বি এছ এফৰ ফোঁপোলা স্বৰূপ উদঙাই দিয়া বুলি বিশেষ ভাবে চৰ্চিত হৈছে সীমান্তত। ইপিনে কিশোৰ তিনি জনে এনেদৰে বাংলাদেশত প্ৰৱেশ কৰাত সীমান্তত টহলদাৰী বাংলাদেশৰ বি জি বি সদস্যই সিহঁতক আটক কৰি সিহঁতৰ কেম্পলৈ নিয়ে। পিছত আবেলি ৪ বজাত ফ্লেগ বৈঠকৰ মাধ্যমত ভাৰতৰ বিএছএফক আটকাধীন কিশোৰ তিনিজনক হস্তান্তৰ কৰে। সম্প্ৰতি কিশোৰ কেইজনক সীমান্ত সুৰক্ষা বাহিনীয়ে জেৰা চলাই আছে।

প্ৰেৰক শ্যামল চন্দ্ৰ ৰয়

You might also like