নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ ভোগডাংগাত আশ্ৰয় বিচাৰি অহা বাংলাদেশীক ওভতালে বিএছএফে

নিয়মীয়া বাৰ্তা, ১০ আগষ্টঃ বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ লোকৰ ওপৰত আৰম্ভ হোৱা নিৰ্যাতন অব্যাহত থকাৰ সময়তেই আজি ধুবুৰী জিলাৰ গোলাকগঞ্জ থানাৰ অন্তৰ্গত তথা সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰৰ সীপাৰৰ ভাৰতীয় গাওঁ ভোগডাংগাত আজি ৭ বাংলাদেশৰ নাগৰিকে আশ্ৰয় বিচাৰি অহা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, আজি পুৱা টুলুঙা এখন নাৱেৰে ৭জনীয়া বাংলাদেশী নাগৰিকৰ এটা দলে আজি ভোগডাংগাত উপস্থিত হৈ আশ্ৰয় বিচাৰে। গাঁওখনৰ ৰাইজে তেতিয়া নদী দূৰতে থকা সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ প্ৰহৰা চকীত অৱগত কৰে। ততালিকে বিএছএফৰ এটি দলে গাঁওখনত উপস্থিত হৈ সেই বাংলাদেশী নাগৰিকৰ দলটোক পুনৰ বাংলাদেশলৈ ওভতাই পঠায়। সেই লোক কেইগৰাকী নিজকে বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ নাগেশ্বৰী উপ জিলাৰ কচাকাটা থানাৰ অন্তৰ্গত টেপাৰকুটি আৰু দেবীবাৰী অঞ্চলৰ নিখিল বিশ্বাস, নিপুল বিশ্বাস, বিপুল চন্দ্ৰ বিশ্বাস, মানিক ৰায়, দয়া কুমাৰ বিশ্বাস, মনমোহন চন্দ্ৰ বিশ্বাস আৰু বিনোদ চন্দ্ৰ বিশ্বাস বুলি পৰিচয় দিয়া বুলি প্ৰকাশ। উল্লেখ্য যে ভাৰতীয় ভূখণ্ডৰ পৰা কাঁইটীয়া তাৰৰ সীপাৰৰ ভোগডাংগা আৰু ফেসকাৰকুটি নামৰ ৰাজবংশী লোক অধ্যুষিত সেই ভাৰতীয় গাওঁ দুখনত যোৱাৰ একমাত্ৰ পথ হ’ল ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰৰ মাজত থকা তথা অহৰ্নিশে বিএছএফৰ অতন্দ্র প্ৰহৰাত থকা এখন বিশেষ দুৱাৰ। ইপিনে শেহতীয়া ভাবে বাংলাদেশৰ চাঁপাইনবাবগঞ্জ, ৰাজশাহী, নওগাঁ, দিনাজপুৰসহ বিভিন্ন জিলাত সাঁওতা, মুণ্ডাকে ধৰি বিভিন্ন জনজাতীয় লোকৰ মানুহকো মাৰধৰ, বাসগৃহত অগ্নিসংযোগ আৰু লুটপাতৰ ঘটনাও আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like