নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

BTCৰ নিৰ্বাচন স্থগিত ঘোষণা ৰাজ্যিক নিৰ্বাচনী আয়োগৰ

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ BTADৰ নিৰ্বাচন স্থগিত ঘোষণা অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ। সংবাদমেল যোগে জনালে নিৰ্বাচন আয়োগে। ২২ মাৰ্চৰ পৰা বন্ধ নিৰ্বাচনী প্ৰচাৰ। ক’ৰণা ভাইৰাছৰ আতংকৰ বাবেই পিছুৱাই দিয়া হৈছে নিৰ্বাচন। পৰৱৰ্তী সময়ত আয়োগে ঘোষণা কৰিব নিৰ্বাচনৰ নতুন তাৰিখ।

          ক’ৰণা ভাইৰাছৰ আতংকৰ বাবেই স্তব্ধ হৈ পৰিছে ৰাজ্য। কিছুসময়ৰ পূৰ্বে এক সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল যে ৰাজ্য চৰকাৰে  BTCৰ নিৰ্বাচন পিছুৱাই দিবলৈ নিৰ্বাচনী আয়োগক পৰামৰ্শ দিছে। ৪ এপ্ৰিলত ৪০টা সমষ্টিৰ নিৰ্বাচন তাৰিখ ধাৰ্য কৰা হৈছিল।

 

 

You might also like