নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰাণত সদ্যজাত শিশু হত্যাৰ অভিযোগত মাতৃক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা ২০ মাৰ্চঃ চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ খুমটাই নাৰদ কমাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত যোৱা ১৯ মাৰ্চত মানৱতা ভু-লুন্ঠিত কৰি নৱজাতক হত্যা চিকিৎসালয়খনৰ নলাত পেলাই থৈ যোৱা হত্যাকাৰী মাতৃক চিনাক্ত কৰি আজি মৰাণহাট থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হত্যাকাৰী মাতৃ গৰাকীৰ সোণাৰি টিঙালীবামৰ প্ৰীতি নায়ক ওৰফে পিৰিতি নায়ক(১৮)। উল্লেখ্য যে- এই ঘটনাৰ আনজন অপৰাধী খুমটাই দীপেন কুমাৰ পলাতক হৈ আছে।চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ খুমটাই নাৰদ কমাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসালয় খনৰ নলাত বৃহস্পতিবাৰে বিয়লি ভাগত উদ্ধাৰ হৈছিল এটি সদ্যজাত শিশুৰ মৃতদেহ ।নৱজাতৰ মৃতদেহটোকে লৈ মৰাণত চাঞ্চল্য সৃষ্টি হৈছিল। সদ্যজাত শিশুটি কোনে চিকিৎসালয়খনৰ নলাত পেলাই থৈ গ’ল তাক জানিব পৰা নাছিল । চিকিৎসালয় খনৰ চিকিৎসক ডাঃ জীতেন শইকীয়াই কালি নিশা ঘটনাৰ সন্দৰ্ভত এখন লিখিত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে সোণাৰি টিঙালীবামৰ পৰা অভিযুক্ত হত্যাকাৰী যুৱতী মাতৃ গৰাকীক আজি গ্ৰেপ্তাৰ কৰিছে।ইফালে আন এজন অভিযুক্ত খুমটাই চকলীয়া দীপেন কুমাৰ পলাতক অৱস্থাত আছে । মৰাণহাট আৰক্ষীয়ে ৭/২০২০ নং গোচৰ পঞ্জীয়ন কৰি অপৰাধীক আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে ।এই ঘটনাই মৰাণত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

You might also like