নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষ লেখাঃ এক সন্ধিক্ষণক অতিক্রমৰ যাত্রা; শান্তিপূর্ণ, বিকশিত বড়োলেণ্ডৰ প্রতিষ্ঠাৰ লক্ষ্য

প্রমোদ বড়ো

আজি মোৰ স্মৃতিয়ে মোক সেহ সময়লৈ লৈ যায়, যেতিয়া আমি ২০২০ চনৰ ৭ ফেব্রুৱাৰী তাৰিখে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন (বি টি আৰ)ৰ কোকৰাঝাৰত আমাৰ অতি জনপ্রিয় প্রধানমন্ত্রী নৰেন্দ্র মোদীজীক আদৰণি জনোৱাৰ সৌভাগ্য লাভ কৰিছিলোঁ, তেতিয়া বড়ো শান্তি চুক্তি স্বাক্ষৰৰ এমাহো সম্পূর্ণ হোৱা নাছিল৷ আমি বি টি আৰৰ প্রতিটো কোণৰ পৰা প্রায় এক নিযুত লোকে আহি সমাৱেশত মিলিত হৈছিলোঁ৷ শান্তিপূর্ণ, নিৰাপদ আৰু স্থিতিশীল বড়োলেণ্ড প্রতিষ্ঠাৰ সম্ভাৱনাৰ ওপৰত আমাৰ আত্মবিশ্বাসক যোগাই তুলিবলৈ প্রধানমন্ত্রীয়ে যি ভাষণ দিছিল, তাক লৈ আমি আশ্বস্ত হৈছিলোঁ৷ সন্মানীয় প্রধানমন্ত্রীয়ে ভৱিষ্যদ্রষ্টাৰ দৰে যি জ্ঞানগর্ভ ভাষণ দিছিল, তাৰ দ্বাৰা আমাৰ হূদত জাগৃত হৈছিল গভীৰ সত্য৷ বি টি আৰবাসীক আশ্বস্ত কৰি প্রধানমন্ত্রীয়ে কৈছিল– ‘আজি এক নতুন আৰম্ভণি, এক নতুন পুৱা আৰু এক নতুন প্রেৰণাক স্বাগতম জনোৱাৰ সময়৷ বড়োলেণ্ডৰ উন্নয়নৰ বাবে শান্তি আমাৰ মূলমন্ত্র৷’ নিশ্চিতভাৱে সেই সময়ত বড়োলেণ্ডৰ বাসিন্দাসকল আছিল দুই পথৰ এক সন্ধিক্ষণত৷ সাধাৰণতে এই পথসন্ধিয়ে আমাৰ সন্মুখত সৃষ্টি কৰে নতুন সুযোগ৷ আমাক সন্মুখীন কৰায় নতুন আশা আৰু আকাংক্ষা৷ এনে পৰিস্থিতিত ব্যক্তি সম্প্রদায় আৰু জাতিসমূহে সঠিক সিদ্ধান্ত লোৱাৰ ক্ষেত্রত, সঠিক গতিৰে অগ্রসৰ হোৱাৰ পথত আগবঢ়োৱা স্বাধীনতাৰ প্রতি আশংকাক অতিক্রম কৰাৰ ক্ষেত্রত বৃহৎ প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়৷ মই সুখী তথা কৃতজ্ঞ যে বি টি আৰৰ জনসাধাৰণে ২০২০ চনত সকলো ধৰণৰ সন্দেহ আৰু আশংকাক অতিক্রম কৰি সঠিক সিদ্ধান্ত তথা সঠিক পথ গ্রহণ কৰিছিল৷ বি টি আৰৰ জনসাধাৰণে আশীর্বাদ দি গঠন কৰিছিল ইউনাইটেড পিপলছ পার্টী লিবাৰেল (ইউ পি পি এল), ভাৰতীয় জনতা পার্টী (বিজেপি) আৰু গণ সুৰক্ষা পার্টী (জি এছ পি)ৰ মিত্রজোঁট চৰকাৰ৷ বড়োলেণ্ডৰ জনসাধাৰণৰ এই সন্মিলিত পদক্ষেপে আমাক দীর্ঘদিনীয়া সংঘাত, হিংসা, সংঘর্ষ, অজ্ঞতা আৰু সমস্যাৰ পৰা আঁতৰি থকাৰ বাবে হেৰুৱাই পেলোৱা বহু সোণালী বছৰ মুক্ত কৰাৰ সুযোগ দিলে৷ আমাৰ শিক্ষা, অর্থনীতি, সমাজ, মাটি তথা মানৱ সম্পদৰ যথেষ্ট ক্ষতি হৈছিল উক্ত বছৰবোৰত৷ গতিকে গতিপথ সলনি কৰাটো প্রয়োজনীয় আছিল৷ সলনি কৰাৰ প্রয়োজন আছিল আমি আমাৰ মানসিকতা, কাম কৰাৰ নীতি–নিয়ম তথা গতি৷ দুবছৰ সন্ধিপথৰ তললৈ গৈ আমি চৌহদৰ বহু ওপৰলৈ আগবাঢ়ি আহিলোঁ৷ আচলতে আমাৰ চৰকাৰ গঠন হৈছিল ২০২০ চনৰ ২০ ডিচেম্বৰ তাৰিখে, যি সময়ত অসম তথা বি টি আৰৰ লগতে সমগ্র দেশত চলি আছিল ক’ভিড–১৯ অতিমাৰী৷ সেই সময়ত আমি বড়োলেণ্ড পিপলছ ফ্রণ্ট (বি পি এফ)ৰ পূর্বৰ ১৭ বছৰীয়া অপশাসন তথা ব্যর্থ শাসনৰ উত্তৰাধিকাৰী হৈ পৰিছিলোঁ৷ আমাৰ সমাজত সেই সময়ত চলি আছিল এক আতংক আৰু অনিশ্চয়তাৰ পৰিৱেশ৷ স্বাস্থ্য, পুষ্টি আৰু শিশুৰ সুৰক্ষাৰ ক্ষেত্রত মানৱ উন্নয়নৰ মৌলিক সূচকাংকৰ প্রতি সামগ্রিকভাৱে গাফিলতি আছিল যথেষ্ট বেছি৷ আমি উত্তৰাধিকাৰী সূত্রে লাভ কৰিছিলোঁ এক অকার্যকৰী প্রশাসনিক ব্যৱস্থাৰ লগতে বৃহৎ পৰিমাণৰ ধনৰাশিৰ দায়বদ্ধতা (২,৯০০ কোটি টকাৰ) তথা নীতিশূন্যতা৷
প্রতিটো পদক্ষেপতে বি টি আৰ চৰকাৰৰ সুস্থিৰতাক পৰীক্ষা কৰা হৈছিল৷ বড়োলেণ্ডত শান্তি প্রতিষ্ঠা নির্মাণ, বৃদ্ধি আৰু উন্নয়নৰ প্রক্রিয়াটোক আক্রান্ত কৰাৰ বাৰে বাৰে চেষ্টা চলোৱা হৈছিল৷ হিংসা, ভয় আৰু অৰাজকতাৰ পৰিৱেশত লাভৱান হোৱা উপাদানসমূহে সৃষ্টি কৰা এহ শত্রুতাপূর্ণ পটভূমিৰ মাজতে আমাৰ বি টি আৰ চৰকাৰে ‘নিউ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়’ন’ (নিউ বি টি আৰ) সৃষ্টিৰ এক সাহসী যাত্রা আৰম্ভ কৰিলে৷ এই নতুন বি টি আৰ শান্তিপূর্ণ সেউজীয়া আৰু বিচক্ষণ৷ নতুন বি টি আৰে সকলো স্তৰতে জনকেন্দ্রিক শাসন ব্যৱস্থা আগবঢ়াহ নিবলৈ মানুহক অংশগ্রহণ তথা নিজৰ দৃষ্টিভংগী প্রকাশৰ সুযোগ দিছে৷ সকলো সম্প্রদায়, বুদ্ধিজীৱী, উদ্যোগ, পর্যটক আৰু উদ্যোগীক পূর্ণ ৰূপত বিকশিত হোৱাৰ পৰিৱেশ প্রদান কৰিছে এই নতুন বি টি আৰে৷ এই নতুন বি টি আৰ য’ত মানুহৰ স্বাস্থ্য আৰু শিক্ষাৰ উন্নতি হয়, য’ত শিশুৰ অপুষ্টি নহয়, য’ত ক্রীড়া–সংগীত আৰু সাহিত্যই বিকাশ লাভ কৰে, য’ত যৌৱনৰ আকাংক্ষাক সমর্থন কৰা হয়, য’ত মহিলাসকলৰ কর্মসংস্থাপনৰ পথ আছে আৰু য’ত মানুহে ঐক্যবদ্ধভাৱে সমৃদ্ধি লাভ কৰিব পাৰে৷ নতুন বি টি আৰৰ এহ দৃষ্টিভংগীয়ে আমাৰ জনপ্রিয় ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীজী, গৃহমন্ত্রী অমিত শ্বাহজী আৰু অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাজীৰ আশীর্বাদ অহৰহ লাভ কৰি আহিছে৷
যোৱা দুবছৰমানৰ পৰা আমি শান্তিপূর্ণ সহাৱস্থান, সু–সংগত বিকাশ আৰু সু–শাসনৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছোঁ৷ বড়ো শান্তি চুক্তি–২০২০ অনুসৰি প্রতিষ্ঠানসমূহৰ উন্নয়নৰ কার্যসূচী বড়ো চুক্তি ৰূপায়ণ বিভাগ স্থাপনৰ জৰিয়তে দ্রুতগতিত আগুৱাহ নিয়াৰ ব্যৱস্থা কৰা হৈছে৷ এহ বিভাগে বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলত বাস কৰা সকলো সম্প্রদায়ৰ সামাজিক–সংস্কৃতি, ভাষিক আৰু শৈক্ষিক উন্নয়নৰ বাবে বিভিন্ন প্রকল্পৰ ধাৰণা, খচৰা প্রস্তুত আৰু প্রকল্প প্রতিষ্ঠাৰ কাম ক্ষিপ্রতাৰে আগবঢ়াই নিয়া হৈছে৷
গিয়ান স্বৰং বিথাংকি (জ্ঞান পোহৰ মিছন)ৰ দৰে ফ্লেগশ্বিপ কার্যসূচী আৰম্ভ কৰি আমাৰ চৰকাৰে বড়োলেণ্ড সুকল এডপচন প্রগ্রেমৰ জৰিয়তে শিক্ষাৰ ক্ষেত্রত দুর্বলতা আঁতৰ কৰিবলৈ চেষ্টা চলাইছে, এক্সচেঞ্জ প্রগ্রেম আৰু প্রশিক্ষণৰ জৰিয়তে শিক্ষক–কর্মীসকলৰ্ সামর্থ্য বিকাশ, জলপানিৰ বাবে দৰিদ্র ছাত্র–ছাত্রী আৰু ছুপাৰ ৫০ শিক্ষার্থী মিছন গ্রহণ কৰা হৈছে৷ কৃষিভিত্তিক খণ্ডসমূহত ছেৰিকালচাৰ মিছন, হস্ততাঁত আৰু বস্ত্রশিল্প মিছন, মাছৰুম মিছন, দুগ্ধ মিছন, ছাগলী মিছন, বড়োলেণ্ড গাহৰি মিছন, খাদ্য মিছন আদিৰ জৰিয়তে যুৱক–যুৱতীসকলৰ্ জীৱিকা, আয় আৰু কর্মসংস্থাপন বৃদ্ধিৰ বাবে গুৰুত্বপূর্ণ অভিযান আৰম্ভ কৰা হৈছে৷ বাঁহ মিছন, হাঁহ–কুকুৰা মিছন, ফার্ম মেকানাহজেচন মিছন আৰু ধান ক্রয় মিছন আদিও এইক্ষেত্রত গ্রহণ কৰা হৈছে৷
ফিন ৰৱডৱমখাং বিথাংকি (ব্লুম এগেহন মিছন)ও আৰম্ভ কৰা হৈছে যাতে ভংগ হোৱা নেচনেল ডেম’ক্রেটিক ফ্রণ্ট অৱ বড়োলেণ্ডৰ (এন ডি এফ বি)ৰ পূর্বৰ কেডাৰসকল, বড়োলেণ্ড আন্দোলনৰ সময়ত হিংসাৰ পৰা ৰক্ষা পোৱা লোকসকল আৰু আভ্যন্তৰীণভাৱে স্থানচ্যুত লোকসকলৰ সামাজিক, অর্থনৈতিক আৰু মানসিক পুনৰ ঐক্য সম্ভৱ হৈ পৰে৷ সংঘাতৰ পাছৰ পৰিস্থিতিত মানসিক সুস্থতা আৰু নিৰাময়ৰ প্রসাৰৰ বাবে বড়োলেণ্ড কমিউনিটী কাউন্সেলিং প্রগ্রেম আৰু বড়োলেণ্ড হেপীনেছ মিছন আৰম্ভ কৰা হৈছে৷ টেলিমেডিচিন, ম’বাহল মেডিকেল ৰেছপন্স টীম আৰু দৰিদ্র লোকৰ কল্যাণমূলক অনুদানৰ জৰিয়তে স্বাস্থ্যজনিত উদ্বেগ সমস্যা সমাধান কৰিবলৈ সাজু হৈছে ৰগ নির্মল বড়োলেণ্ড মিছন৷ আকৌ, উচ্চ মূল্যৰ–নিম্ন পৰিমাণৰ পৰিৱেশ পর্যটন প্রকল্প, প্রদূষণহীন উদ্যোগ আৰু ব্যৱসায়িক কেন্দ্র স্থাপন, কৃষি–বনানীকৰণ, ছেৰিকালচাৰৰ উৎপাদিত সামগ্রীৰ বিপণন আদি কিছুমান পদক্ষেপ গ্রহণ কৰা হৈছে, যিবোৰৰ লক্ষ্য হৈছে পৰিষদৰ বাবে ৰাজহ আহৰণ৷
সমসাময়িক সময়ত এজন ব্যক্তি সফল হ’বলৈ হ’লে প্রয়োজন হয় সর্বাত্মক দক্ষতা৷ দক্ষতাৰ বিকাশে নিয়োগযোগ্যতা আৰু কর্মশক্তিৰ উৎপাদনশীলতা বৃদ্ধি কৰি গাঁথনিগত পৰিৱর্তন আৰু অর্থনৈতিক বৃদ্ধিত অৰিহণা যোগাব পাৰে৷ এহ ক্ষেত্রখনে সমাজসমূহক অধিক প্রগতিশীল হোৱাত সহায় কৰে৷ এহ সন্দর্ভত আমাৰ চৰকাৰে ২০২১ চনৰ ১৪ ডিচেম্বৰত বড়োলেণ্ড দক্ষতা নিয়োগ আৰু উদ্যোগীকৰণ বিকাশ SEED) মিছন আৰম্ভ কৰে৷ এক দক্ষ বি টি আৰ সৃষ্টিৰ দৃষ্টিভংগীয়ে আমাৰ অঞ্চলৰ লোকসকলৰ মাজত সুখ নিশ্চিত কৰিব৷
হউ এন ডি পি, হউনিচেফ, আজিম প্রেমজী বিশ্ববিদ্যালয়, ড্রেন্সফর্মিং ৰুৰেল হণ্ডিয়া ফাউণ্ডেচন (টি আৰ আই এফ), নর্থ–হষ্ট চেণ্টাৰ ফৰ টেকন’লজী এপ্লিকেচন এণ্ড ৰিচ (নেক্টাৰ), চেণ্টাৰ ফৰ হফেক্টিভ গৱর্নেন্স অৱ হণ্ডিয়ান ষ্টেটছ (চি হ জি আহ এছ), ভাৰত গ্রাম্য জীৱিকা ফাউণ্ডেচন (বি আৰ এল এফ) আৰু ভাৰত ৰুৰেল লিভলীহুডছ ফাউণ্ডেচন (বি আৰ এল এফ) আৰু নাগৰিক সমাজৰ সংগঠনসমূহ স্থাপন কৰা হৈছে ২০৩০ চনৰ এছ ডি জিসমূহ বাস্তৱায়িত কৰাৰ দিশত আগবাঢ়ি যোৱাৰ প্রয়াসত৷
বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলৰ সকলো জনগোষ্ঠী আৰু সম্প্রদায়ৰ শান্তি আৰু ঐক্যবদ্ধ বসবাস আছিল বড়ো শান্তি চুক্তি–২০২০ৰ আঁৰত এক গুৰুত্বপূর্ণ চিন্তাধাৰা৷ ইয়াৰ ওপৰত ভিত্তি কৰি আমাৰ চৰকাৰে শান্তি, প্রেম, সংহতি আৰু সুস্থিৰতাৰ বার্তা প্রেৰণ কৰি আহিছে কবিতা, নাটক, সংগীত, নৃত্য আৰু ক্রীডাৰ জৰিয়তে৷ এহ অনুষ্ঠানসমূহৰ ভিতৰত আটাহতকৈ উল্লেখযোগ্য অনুষ্ঠানসমূহ হ’ল– ১০০ ভাষাৰ কবিতা মহোৎসৱ (২০২১), জোথুমা ২.০– এক যুৱ সন্মিলন (২০২২) আৰু আন্তঃষষ্ঠ অনুসূচিত প্রিমিয়াৰ লীগ (আহ এছ পি এল) ২০২২৷ বড়োলেণ্ড, অসম আৰু ভাৰতৰ বিভিন্ন ভাষা, শিল্প, সংস্কৃতি আৰু ক্রীডাৰ সফল সন্মিলন হৈছিল এহ অনুষ্ঠানবোৰত৷
আমাৰ চৰকাৰৰ মতে আমাৰ সমাজৰ ব্যক্তি আৰু পৰিয়ালৰ অস্তিত্ব, মর্যাদা আৰু আত্মসন্মানৰ বাবে ভূমি এক গুৰুত্বপূর্ণ উপাদান৷ মাটি অবিহনে বিশেষকৈ গ্রাম্য আৰু জনজাতীয় জনগোষ্ঠীৰ লোকসকলে সামাজিক, সাংস্কৃতিক আৰু অর্থনৈতিক পুঁজি গঢ়ি তুলিব নোৱাৰে৷ ভূমিহীন হোৱাৰ ফলত ঘৰখনৰ অহৰহ দৰিদ্রতা চলি থাকে, যাৰ ফলত প্রায়ে বেদখলৰ জৰিয়তে বনাঞ্চল আৰু বন্যপ্রাণী ধ্বংস হয়৷ এহ ধাৰাত মিছন বসুন্ধৰাক প্রসংগক্রমে ৰূপায়ণ কৰিবলৈ আৰু আমাৰ সামূহিক দৃষ্টিভংগীক সাধনৰ উদ্দেশ্যে বি টি আৰ চৰকাৰে ২০২৩ চনৰ ২৭ জানুৱাৰীত মিছন ৱিছৱমুঠি আৰম্ভ কৰিব বি টি আৰৰ সকলো চক্র কার্যালয়ত৷
এহদৰে আমাৰ বি টি আৰ চৰকাৰে সর্বাংগীণ পৰিৱর্তন আৰু উন্নয়ন অনাৰ বাবে উত্তম পদ্ধতি, নতুন জ্ঞান আৰু প্রেক্সিছৰ সংমিশ্রণেৰে অঞ্চলটোৰ সমসাময়িক শাসনৰ আর্হিক ৰূপান্তৰিত কৰাত নিমগ্ণ হৈ আছে৷
অৱশ্যে আমি যাত্রা আৰম্ভ কৰিছেছা আৰু এতিয়াও গন্তব্য স্থান পোৱা নাহ৷ আমাৰ চৰকাৰ আমাৰ সামূহিক লক্ষ্যত উপনীত হ’বলৈ আগন্তুক দিনবোৰত আৰু অধিক কষ্ট কৰিবলৈ সংকল্পবদ্ধ৷ এক নতুন বি টি আৰ তেতিয়াহে উপলব্ধি কৰিব পাৰি, যেতিয়া হ ২৪/৭ বি টি আৰ হয়৷ এতিয়া আমাৰ জীৱন পুনৰ নির্মাণ, আমাৰ সম্প্রদায়ক পুনৰুজ্জীৱিত কৰা আৰু আমাৰ প্রতিষ্ঠানসমূহক সজীৱ কৰি তোলাত মনোনিৱেশ কৰাৰ সময়৷ আমাৰ অঞ্চলত শান্তি থকাৰ সময়তে আমি এনে এক পৰিৱেশতন্ত্র গঢ়ি তুলিব লাগিব, য’ত সকলো মানুহে সপোন দেখিব পাৰে আৰু সেহ সপোন বাস্তৱায়িত কৰাৰ বাবে কাম কৰিব পাৰে৷ হতিমধ্যে বি টি আৰৰ ৰাহজে এহ দিশত এক সাহসী পদক্ষেপ গ্রহণ কৰিছে৷ আমাৰ পিতৃ–মাতৃ, ভাহ–ভনীসকলে সঠিক বাছনি কৰি চৌহদত সঠিক বাট ল’লে৷ আমি এতিয়া বাকী অসম আৰু ভাৰতৰ লগতে উন্নয়ন আৰু সমৃদ্ধিৰ বৃহত্তৰ উচ্চতাত উপনীত হ’বলৈ সাজু৷

You might also like