নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওজন কমাবলৈ গ্ৰীণ টি খাই নেকি? সাৱধান…

        ওজন হ্ৰাসৰ কথা আহিলে ডায়েট লিষ্টত গ্ৰীণ টিয়ে প্ৰথম স্থান লাভ কৰে। বিশ্বৰ মানুহে দ্ৰুত ওজন হ্ৰাসৰ বাবে এই সেউজীয়া ৰঙৰ তিতা সোৱাদযুক্ত তৰল পনীয়ক বিশ্বাস কৰে। বিজ্ঞাপন সংস্থাসমূহেও দাবী কৰে যে সেউজীয়া চাহ খালে ওজন হ্ৰাস হয়। কিন্তু জানেনে, নিয়মীয়াকৈ সেউজীয়া চাহ সেৱন কৰিলে শৰীৰৰ ক্ষতি হ’ব পাৰে? 

    গৱেষণা অনুসৰি, গ্ৰীণ টিয়ে বিপাকীয় ক্ৰিয়াৰ হাৰ বৃদ্ধি কৰে, যাৰ ফলত ওজন কমা প্ৰক্ৰিয়াটো ক্ষিপ্ৰ হয়। কিন্তু চিকিৎসকে কয় যে কেফেইনৰ পৰিমাণ বেছি হোৱাৰ বাবে অধিক পৰিমাণে গ্ৰীণ টি সেৱন কৰিলে শৰীৰত পানীলগা আৰু পেটত এচিড হ’ব পাৰে। খালী পেটত নিয়মিতভাৱে গ্ৰীণ টি সেৱন কৰিলে পেটৰ বিষ হ’ব পাৰে। এই চাহত টেনিন থাকে যিয়ে পেটৰ এচিডৰ মাত্ৰা বৃদ্ধি কৰে। দিনটোত কেইবাবাৰো গ্ৰীণ টি খালে বিভিন্ন সমস্যা হোৱাটো অস্বাভাৱিক নহয়। কেৱল এয়াই নহয়, গ্ৰীণ টিয়ে বিপাকীয় ক্ৰিয়াৰ হাৰ বৃদ্ধি কৰে। লগতে ই শৰীৰত আইৰণৰ মাত্ৰা হ্ৰাস কৰিব পাৰে। কেফেইনে মূৰৰ বিষৰ সৃষ্টি কৰিব পাৰে। ফলত দিনটোত মাত্ৰ কেইকাপমান গ্ৰীণ টি খাব লাগে।

(Disclaimer:  এই খবৰটো গৱেষণাৰ আধাৰত লিখা হৈছে। যিকোনো পৰামৰ্শ মানি চলাৰ আগতে এজন বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক।)

You might also like