নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেপ্টেম্বৰ–অক্টোবৰ বিটিচি নির্বাচনৰ প্রস্তুতি; সামাজিক দূৰত্ব বজাই হ’ব ভোট

নিয়মীয়া বাৰ্তা,২৯ জুলাই:   ৰাজ্যখনত ক’ৰোনাৰ সংক্রমণৰ মাজতেই অহা ছেপ্টেম্বৰ–অক্টোবৰ মাহৰ ভিতৰত বিটিচি নির্বাচন অনুষ্ঠিত কৰাৰ বাবে তৎপৰতা চলাইছে অসম ৰাজ্যিক নির্বাচন আয়োগে৷ ক’ৰোনাৰ সংক্রমণ চলি থাকিলেও সামাজিক দূৰত্ব মানি যাতে বিটিচি নির্বাচন অনুষ্ঠিত কৰিব পৰা যায়, তাৰ বাবে আয়োগৰ তৰফৰ পৰা বিটিএডিৰ চাৰিখন জিলা কোকৰাঝাৰ, বাগ্সা, চিৰাং, ওদালগুৰিৰ উপায়ুক্তৰ লগতে গোসাঁইগাঁও, পর্বতঝোৰা, বিজনী, শালবাৰী, তামুলপুৰ আৰু ভেৰগাঁৱৰ মহকুমাধিপতিক অতিৰিক্ত ভোটগ্রহণ কেন্দ্র স্থাপনৰ বাবে নির্দেশ দিয়া হৈছে৷ এই সম্পর্কত আয়োগে অহা ৬ আগষ্টৰ ভিতৰত তেওঁলোকৰ পৰা প্রতিবেদন বিচাৰিছে৷

  উল্লেখ্য যে যোৱা এপ্রিল মাহতে হ’বলগীয়া বিটিচি নির্বাচন ক’ৰোনাৰ সংক্রমণৰ পৰিপ্রেক্ষিতত যোৱা ২০ মার্চত অনির্দিষ্টকালৰ বাবে স্থগিত ৰখা হয়৷ পৰৱর্তী সময়ত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিটিচি পৰিষদখনৰ কার্যকাল সমাপ্ত হোৱাৰ পৰিপ্রেক্ষিতত যোৱা ২৭ এপ্রিলৰ পৰা ৬ মাহৰ বাবে বিটিচিত ৰাজ্যপালৰ শাসন প্রৱর্তন কৰা হয়৷ অহা ২৭ অক্টোবৰত ৰাজ্যপালৰ শাসনৰ প্রথম ৬ মাহৰ অন্ত পৰিব৷ ইয়াৰ পৰিপ্রেক্ষিতত চৰকাৰে ৰাজ্যপালৰ শাসনৰ প্রথম ৬ মাহৰ ভিতৰতে বিটিচি নির্বাচন অনুষ্ঠিত কৰিব বিচাৰিছে৷ তাৰ অংশ হিচাপে নির্বাচন আয়োগে ক’ৰোনা অধ্যায়ৰ সমাপ্তি হোৱালৈকে অপেক্ষা নকৰি অহা ছেপ্টেম্বৰ–অক্টোবৰ ভিতৰত বিটিচি নির্বাচন অনুষ্ঠিত কৰাত গুৰুত্ব দিছে৷ সেই অনুসৰি ৰাজ্যিক নির্বাচন আয়োগে বিটিএডিৰ প্রতিখন জিলাৰ উপায়ুক্ত আৰু মহকুমাধিপতিসকল ক’ভিড প্রট’কল মানি, সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখি, অধিক জনসমাগম এৰাই চলি যাতে নির্বাচন অনুষ্ঠিত কৰিব পৰা যায়, সেই দিশলৈ অধিক লক্ষ্য ৰাখি অতিৰিক্ত সংলগ্ন ভোটগ্রহণ কেন্দ্র স্থাপনৰ ব্যৱস্থা কৰাৰ নির্দেশ দিয়ে৷ এই সম্পর্কত উপায়ুক্ত আৰু মহকুমাধিপতিসকল সকলো দিশ পর্যালোচনা কৰি ৬ আগষ্টৰ ভিতৰত আয়োগক প্রতিবেদন দাখিলৰ নির্দেশ দিয়ে৷ উপায়ুক্ত আৰু মহকুমাধিপতিসকল পৰা প্রতিবেদন লাভ কৰাৰ পিছতেই আয়োগে বিটিচি নির্বাচন সম্পর্কত পৰৱর্তী পদক্ষেপ গ্রহণ কৰিব বুলি আয়োগৰ সূত্রই জানিবলৈ দিছে৷

সূত্রটোৱে আৰু জানিবলৈ দিয়া মতে, প্রয়োজন সাপেক্ষে ৬৫ৰ ঊর্ধ্বৰ ভোটাৰ, অসুস্থ লোকসকলক প’ষ্টেল বেলটেৰে ভোটাধিকাৰ সাব্যস্তৰ ব্যৱস্থা প্রৱর্তন কৰাৰ বিষয়েও আয়োগে সক্রিয়ভাৱে চিন্তা–চর্চা কৰি আছে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে যোৱা ২৭ এপ্রিলত অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে বিটিচি নির্বাচনৰ ক্ষেত্রত নির্বাচন আয়োগক উদ্ভাৱনীমূলক ব্যৱস্থা গ্রহণ কৰি ভোটগ্রহণ অনুষ্ঠিত কৰাৰ বাবেও পৰামর্শ আগবঢ়াইছিল৷

You might also like