বিপিএফ ‘শ্লো পইজনিং’ ইউপিপিএল ‘ফাষ্ট পইজনিং’ দলঃ নৱ শৰণীয়া
নিয়মীয়া বার্তা, ১২ ছেপ্টেম্বৰঃ বিটিচিৰ নির্বাচন মানে হাজাৰ কোটি টকাৰ লেনদেন৷ ইয়াত ভোট কিনা–বেচা হয়৷ নেতা কিনা–বেচা হয়৷ যিসকলে নিজৰ অস্তিত্ব ধৰি ৰাখিব নোৱাৰে, তেওঁলোক টকাৰ লোভত বিক্রী হয়৷ যিসকলে জাতি–মাটি–ভেটিক ভাল পায়, তেওঁলোকে সেই কামটো কৰিব নোৱাৰে৷ এতিয়াও গণ সুৰক্ষা পার্টীৰ নেতা–কর্মীক বি পি এফে টকাৰ লোভ দি আছে৷– এই মন্তব্য কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ৷
বাক্সা জিলাৰ বৰমা দুর্গাপূজা খোলাত গণ সুৰক্ষা পার্টী আৰু অবড়ো সুৰক্ষা সমিতিৰ এখন সাংগঠনিক সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে সাংসদ শৰণীয়াই৷ গণ সুৰক্ষা পার্টী আৰু অবড়ো সুৰক্ষা সমিতিৰ সমর্থনত প্রার্থিত্ব আগবঢ়োৱা ৩৫টা পৰিষদীয় সমষ্টিৰ ৩৫জন প্রার্থী সভাত উপস্থিত থাকে৷ সভাৰ অন্তত সাংসদ শৰণীয়াই লগতে জাতি–মাটি–ভেটিৰ কথা পাহৰি আন দলক ভোট দিয়া মানে নিজে আত্মহত্যা কৰাৰ নিচিনা হ’ব বুলি মন্তব্য কৰে৷
তেওঁৰ মতে, বি পি এফ হৈছে শ্ল’ পইজনিং দল আৰু ইউ পি পি এল হৈছে ফাষ্ট পইজনিং দল৷ দুয়োটা খালে মৃত্যু অনিবার্য৷ বি পি এফ হ’লে দুদিন পিছত, ইউ পি পি এল হ’লে লগে লগে শেষ হ’ব বুলিও তেওঁ কটাক্ষ কৰে৷ গতিকে তেনে আত্মঘাতী সিদ্ধান্ত ভোটাৰ ৰাইজে নলয় বুলিও তেওঁ নিজৰ বিশ্বাস ব্যক্ত কৰে৷
অৱশ্যে পূর্বৰ অবড়ো নেতা ৰফিক আহমেদৰ নিচিনা দুই–এজন সুবিধাবাদীৰ বাহিৰে মেৰুদণ্ড থকা ব্যক্তিয়ে তেনে কাম নকৰে বুলিও তেওঁ কয়৷ সাংসদগৰাকীয়ে বিটিচিৰ বড়ো-অবড়ো ৰাজনীতিত বিজেপি দলকে ধৰি আন আন ৰাষ্ট্রীয় দলে বেছি লগাৰ আৱশ্যকতা নাই বুলি দোহাৰি তেনে ৰাজনীতিৰ পৰা দূৰত থাকিবলৈ অনুৰোধ জনায়৷ বিজেপিয়ে শাসনৰ নামত ৰাইজক ঠগাই আছে বুলি তেওঁ অভিযোগ কৰে৷ তেওঁ কয় যে বিজেপিয়ে আগন্তুক বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি বিটিচিত যুঁজ–বাগৰ কৰাৰ দৰকাৰ নাই৷ কিয়নো ইয়াত পৰাজিত হ’লে বিজেপিয়ে লাজ পাব৷
বিটিচিত যিকোনো প্রত্যাহ্বানৰ বাবে নৱ শৰণীয়া সাজু আছে বুলিও তেওঁ মত ব্যক্ত কৰে৷ আনহাতে, বিটিচি নির্বাচনত গণ সুৰক্ষা পার্টীয়ে ৩০খন আসনত জয়লাভ কৰি অকলে চৰকাৰ গঠন কৰিব বুলিও পুনৰ দাবী কৰে সাংসদগৰাকীয়ে৷ সভাৰ অন্তত নৱ শৰণীয়াই বিটিচিৰ চাৰি জিলাৰ প্রার্থীসকলৰ সৈতে পৃথকে পৃথকে আলোচনাত মিলিত হয়৷
সাংগঠনিক সভাখনত অবডো সুৰক্ষা সমিতিৰ কেন্দ্রীয় উপ–সভাপতি কমল পাঠকক অব্যাহতি দি জগত দাসক উপ–সভাপতিৰ দায়িত্ব, ৰফিক আহমেদক মুখ্য উপদেষ্টা পদৰ পৰা অব্যাহতি দি বিহাৰী প্রসাদ দাসক মুখ্য উপদেষ্টাৰ দায়িত্ব, তামুলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক যোগেশ তালুকদাৰ আৰু কেন্দ্রীয় সদস্য অনিল কলিতাক অব্যাহতি দি মুকুট মহন্তক তামুলপুৰ জিলাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব, গুলজাৰ হুছেইনক কেন্দ্রীয় কার্যকৰী সভাপতি হিচাপে দায়িত্ব আৰু মুছলপুৰ জিলা সমিতিৰ কার্যকৰী সভাপতি হিচাপে দয়াল কলিতাক দায়িত্ব অর্পণ কৰা হয় বুলিও অবডো সুৰক্ষা সমিতিৰ এক সূত্রত প্রকাশ৷