নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিন্দু বাঙালী–চাহ জনগোষ্ঠীৰ ভোটেৰে বৰাক দখলৰ লক্ষ্য বিজেপিৰ

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ ২০২১ চনৰ বিধানসভা নির্বাচনত বিজেপিক পৰাভূত কৰি পুনৰ শাসনলৈ অহাৰ লক্ষ্যৰে ইতিমধ্যে কংগ্রেছ–এ আই ইউ ডি এফে গঢ়ি তোলা মিত্রতাই ৰাজ্যৰ নির্বাচনী সমীকৰণ সলনি কৰাৰ সম্ভাৱনা প্রকট কৰি তুলিছে৷ উজনি অসমত এই মিত্রতাই বিশেষ প্রভাৱ বিস্তাৰ কৰিব নোৱাৰিলেও নামনি আৰু বৰাকত কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাক লৈ বিজেপি প্রত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে৷

বৰাক উপত্যকাত বিগত লোকসভা নির্বাচনত শক্তিশালী ৰূপত প্রভাৱ বিস্তাৰ কৰা বিজেপি এইবাৰ এই মিত্রতাক লৈ কিছু পৰিমাণে চিন্তিত৷ বৰাক উপত্যকাৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি এই তিনি জিলাত আছে মুঠ ১৫টা বিধানসভা সমষ্টি৷ ইয়াৰে কাছাৰ জিলাত ৭টা, কৰিমগঞ্জ জিলাত ৫টা আৰু হাইলাকান্দি জিলাত ৩টা বিধানসভা সমষ্টি আছে৷ এই ১৫টা সমষ্টিৰ শাসকীয় বিজেপিৰ হাতত আছে ৮টা সমষ্টি, কংগ্রেছৰ হাতত ৩টা আৰু এ আই ইউ ডি এফৰ হাতত আছে ৪টা সমষ্টি৷

কিন্তু ২০২১ চনৰ বিধানসভা নির্বাচনত বিজেপিয়ে নিজৰ দখলত থকা ৮টা সমষ্টি ধৰি ৰাখিব পাৰিব নে নাই, তাক লৈ হৈছে চর্চা৷ বিশেষকৈ কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাৰ ফলত বৰাক উপত্যকাৰ মুছলমান ভোট বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱাৰ সম্ভাৱনা প্রবল৷ এনে অৱস্থাত বিৰোধী দল দুটাৰ হাতত থকা ৭টা সমষ্টিৰ লগতে সোণাই, বৰখলা, কাটিগড়া, ৰাতাবাৰী, উদাৰবন্দ, পাথাৰকান্দি আৰু ধলাই সমষ্টিত এই মিত্রতাই সৃষ্টি কৰিব পাৰে তীব্র প্রত্যাহ্বান৷ অৱশ্যে কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাই বহুধাবিভক্ত হিন্দু ভোটবেংক একত্রিত কৰাৰ সম্ভাৱনা আছে৷

এই একত্রিত ভোটবেংকক শাসকীয় দলটোৱে নিজৰ সপক্ষে অনাৰ বাবে আৰম্ভ কৰিছে বিশেষ পৰিকল্পনা৷ বৰাকৰ বিজেপিৰ শীর্ষ সূত্রই জানিবলৈ দিয়া মতে, ২০২১ চনত বিজেপিৰ ভোটবেংক শক্তিশালী কৰাৰ ক্ষেত্রত মূল দুটা বিষয় গুৰুত্বপূর্ণ হ’ব৷ ভোটবেংকৰ এই দুই স্তম্ভ হ’ব হিন্দু বাঙালী আৰু চাহ জনগোষ্ঠী৷ বৰাক উপত্যকাৰ ৮টা সমষ্টিত হিন্দু বাঙালী আৰু চাহ জনগোষ্ঠী ভোটাৰে নির্ণায়ক ভূমিকা গ্রহণ কৰি আহিছে৷

২০১৯ বর্ষৰ লোকসভা নির্বাচনত এই দুয়োটা জনগোষ্ঠী বিজেপিৰ সপক্ষত থিয় দিয়া বাবেই বৰাকত দুয়োখন আসন শাসকীয় দলটোৱে কাঢ়ি আনিবলৈ সক্ষম হৈছিল৷ এইবাৰো বিধানসভা নির্বাচনত হিন্দু বাঙালী আৰু চাহ জনগোষ্ঠীক নিজৰ সপক্ষলৈ অনাৰ বাবে বিজেপিয়ে আৰম্ভ কৰিছে এলানি বিশেষ ৰণকৌশল৷ সূত্রটোৱে প্রকাশ কৰা মতে, নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে ইতিমধ্যে হিন্দু বাঙালী ভোটাৰক ৰাজনৈতিকভাৱে প্রভাৱান্বিত কৰা বিজেপিয়ে শেহতীয়াকৈ চাহ জনগোষ্ঠী ভোটাৰৰ বাবে গ্রহণ কৰা বিশেষ উন্নয়নমূলক আঁচনিয়ে জনগোষ্ঠীটোৰ মাজত বিশেষ প্রভাৱ বিস্তাৰ কৰিছে৷

এনে অৱস্থাত বৰাকৰ ১৫টা সমষ্টিত কংগ্রেছ–এ আই ইউ ডি এফৰ বাবে মুছলমান ভোটাৰ ভোটবেংক হোৱাৰ বিপৰীতে বিজেপিৰ ভোটবেংক হ’ব হিন্দু বাঙালী আৰু চাহ জনগোষ্ঠী ভোটাৰ৷ বৰাক উপত্যকাত হিন্দু বাঙালী আৰু চাহ জনগোষ্ঠীৰ ভোটাৰৰ সংখ্যা প্রায় ৪২ শতাংশ৷ বৰাকৰ লক্ষীপুৰ, উদাৰবন্দ, ধলাই, পাথাৰকান্দি, কাটলিচেৰা, ৰাতাবাৰী, বৰখলা আৰু কাটিগড়া বিধানসভা সমষ্টিত চাহ জনগোষ্ঠী ভোটাৰ বহু পৰিমাণে নির্ণায়ক ভূমিকাত আছে৷ বিজেপিয়ে নিজৰ দখলত থকা ৮টা সমষ্টিৰ লগতে এইবাৰ লক্ষীপুৰ আৰু কাটলিচেৰা সমষ্টি দুটা দখলৰ লক্ষ্য বান্ধি লৈছে৷

কিন্তু এইক্ষেত্রত কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রজোঁটে শাসকীয় দলটোৰ লক্ষ্যত কিছু পৰিমাণে হেঙাৰ হিচাপে দেখা দিছে৷ সূত্রটোৱে উল্লেখ কৰা মতে, কংগ্রেছ–এ আই ইউ ডি এফৰ এই মিত্রতাক প্রতিহত কৰাৰ সমান্তৰালকৈ কংগ্রেছৰ দুর্গত আঘাত হানিবলৈ লক্ষীপুৰ সমষ্টিৰ বিধায়ক ৰাজদীপ গোৱালাক বিজেপিলৈ অনাৰ প্রচেষ্টা আৰম্ভ হৈছে৷ চাহ জনগোষ্ঠীৰ প্রভাৱশালী নেতা তথা কংগ্রেছক সাংগঠনিভাৱে শক্তিশালী কৰাত বিশেষ ভূমিকা লোৱা ৰাজদীপ গোৱালা বিজেপিলৈ আহিলে বৰাকৰ চাহ শ্রমিক সম্প্রদায়ৰ ওপৰত বিশেষ প্রভাৱ বিস্তাৰ কৰিব পাৰিব শাসকীয় দলটোৱে৷

কিয়নো ৰাজদীপ গোৱালাৰ নেতৃত্বত চলা চাহ শ্রমিক ইউনিয়নত থকা আই এন টি ইউ চিত কর্তৃত্ব নোহোৱা হ’ব কংগ্রেছৰ৷ ফলস্বৰূপে চাহ শ্রমিক ইউনিয়ন দখলেৰে বিজেপিয়ে কেইবাটাও সমষ্টিত কংগ্রেছৰ ওপৰত মোক্ষম আঘাত হানিবলৈ সক্ষম হোৱাৰ আশা আছে৷ উল্লেখ্য যে লক্ষীপুৰ ৰাজদীপ গোৱালাৰ দখলত থকাৰ বিপৰীতে কাটলিচেৰা আছে এ আই ইউ ডি এফৰ বিধায়ক ছুজামুদ্দিন লস্কৰৰ দখলত৷ বিগত দীর্ঘসময় ধৰি প্রাক্তন মন্ত্রী গৌতম ৰয়ৰ দখলত থকা সমষ্টিটো এইবাৰ বিজেপিয়ে কি কৌশলেৰে নিজৰ দখললৈ আনে, সেয়াও যথেষ্ট লক্ষণীয় হৈ পৰিছে৷

বিজেপিৰ এনে ৰণকৌশলৰ বিপৰীতে বিজেপিৰ একমাত্র ধর্মীয় সংখ্যালঘু সম্প্রদায়ৰ বিধায়ক আমিনুল হক লস্কৰক কংগ্রেছত যোগদান কৰাবলৈ প্রচেষ্টা অব্যাহত ৰাখিছে বিৰোধী দলটোৱে৷ বিগত বিধানসভা নির্বাচনত কংগ্রেছ–এ আই ইউ ডি এফৰ ভোট বিভাজনৰ সুযোগতে সোণাই সমষ্টিত জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰে৷ কিন্তু এইবাৰ কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাই বিজেপিৰ ধর্মীয় সংখ্যালঘু বিধায়কগৰাকীলৈ নমাই আনিছে প্রত্যাহ্বান৷ এনে অৱস্থাত আমিনুল হক লস্কৰে সমষ্টি উদ্ধাৰৰ বাবে কংগ্রেছ বা এ আই ইউ ডি এফত যোগদান কৰাটো অলপো অস্বাভাৱিক নহ’ব৷

এনে পৰিস্থিতিত লক্ষীপুৰ সমষ্টি নিজৰ দখললৈ আহিলেও বিজেপিয়ে সোণাই সমষ্টি হেৰুওৱাৰ সম্ভাৱনাই দেখা দিছে৷ কার্যতঃ ৰাজদীপ গোৱালা আৰু আমিনুল হক লস্কৰৰ ভূমিকা বিজেপিৰ বাবে যথেষ্ট গুৰুত্বপূর্ণ হৈ পৰিছে৷ ইফালে বৰাকৰ হাইলাকান্দি, আলগাপুৰ, বদৰপুৰ, সোণাই, দক্ষিণ কৰিমগঞ্জ আৰু উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিত নির্ণায়ক ভূমিকা গ্রহণ কৰি আহিছে সংখ্যালঘু ভোটাৰে৷ ইয়াৰে হাইলাকান্দিত এ আই ইউ ডি এফৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰ, আলগাপুৰত নিজামুদ্দিন চৌধুৰী, বদৰপুৰত কংগ্রেছৰ জামালুদ্দিন সৰকাৰ, দক্ষিণ কৰিমগঞ্জত এ আই ইউ ডি এফৰ আজিজ আহমেদ খান আৰু উত্তৰ কৰিমগঞ্জত কংগ্রেছৰ কমলাক্ষ দে’ পুৰকায়স্থই বিগত নির্বাচনত জয়ী হ’বলৈ সক্ষম হৈছিল৷

ইয়াৰে সোণাই সমষ্টি কংগ্রেছ–এ আই ইউ ডি এফৰ দখললৈ গ’লে বিজেপিৰ বাবে আন এক মোক্ষম আঘাত হিচাপে পৰিগণিত হ’ব৷ চাহ জনগোষ্ঠীৰ প্রাধান্য থকা ৮টা সমষ্টি আৰু সংখ্যালঘু ভোটাৰৰ প্রাধান্য থকা ৬টা সমষ্টিৰ বিপৰীতে বৰাকৰ আন এক গুৰুত্বর্পূ সমষ্টি হ’ল শিলচৰ৷ এই বিধানসভা সমষ্টিটোত ২.২০ লাখ ভোটাৰৰ ১.৭০ লাখ ভোটাৰেই হ’ল হিন্দু বাঙালী৷ ২০২১ চনৰ ভিতৰত হিন্দু বাঙালী সম্প্রদায়ক প্রভাৱান্বিত কৰি পুনৰ এই সমষ্টিটো বিজেপিয়ে দখলৰ সম্ভাৱনা আছে৷ এনে অৱস্থাত আগন্তুক নির্বাচনত বিজেপিয়ে হিন্দু বাঙালী আৰু চাহ জনগোষ্ঠীক প্রভাৱান্বিত কৰি ১০খন আসন দখলৰ বাবে বান্ধি লোৱা লক্ষ্য কিদৰে পূর্ণ কৰে, সেয়া যথেষ্ট লক্ষণীয় হৈ পৰিছে৷

You might also like