নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচি নির্বাচনঃ ঘোষণা–পত্র প্রকাশ কৰিলে কংগ্রেছে

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ অহা ৭ ডিচেম্বৰ আৰু ১০ ডিচেম্বৰত দুটা পর্যায়ত হ’বলগীয়া বিটিচি নির্বাচনৰ বাবে অসম প্রদেশ কংগ্রেছ কমিটীয়ে কালি আনুষ্ঠানিক ঘোষণা–পত্র প্রকাশ কৰে৷ গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এক অনুষ্ঠানত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই ঘোষণা–পত্রখন উন্মোচন কৰি কয় যে এইবাৰ বিটিচি নির্বাচনত কোনো দলেই ১০খনতকৈ অধিক আসন লাভ নকৰিব৷

বিজেপি, ইউ পি পি এল, বি পি এফ কোনেও ১০খনৰ অধিক আসন নাপায়৷ এই নির্বাচনত কংগ্রেছ আৰু এ আই ইউ ডি এফ ঐক্যবদ্ধভাৱে অৱতীর্ণ হৈছে৷ কংগ্রেছে ১৩টা আৰু এ আই ইউ ডি এফে ৭টা পৰিষদীয় সমষ্টিত প্রার্থিত্ব আগবঢ়াইছে৷ নতুন বিটিচি চৰকাৰ গঠনৰ ক্ষেত্রত কংগ্রেছ–এ আই ইউ ডি এফে নির্ণায়ক ভূমিকা গ্রহণ কৰিব৷

আনহাতে, কংগ্রেছ–এ আই ইউ ডি এফ মিত্রজোঁটে নির্ণায়ক ভূমিকা লোৱা পৰৱর্তী বিটিচি চৰকাৰ গঠনৰ পাছত বিটিচিবাসীৰ হৈ কৰিবলগীয়া কামৰো প্রতিশ্রুতি দিয়ে৷ ঘোষণা–পত্রখনত উল্লেখ কৰে ১৮টা প্রতিশ্রুতি। বি টি আৰ সন্দর্ভতো কংগ্রেছ দলৰ স্থিতি সদৰী কৰি সভাপতি বৰাই কয় যে বি টি আৰ ৰূপায়ণৰ সময়ত অঞ্চলটোৰ সকলো জাতি–জনগোষ্ঠীৰে ভূমি ক্রয়–বিক্রয় তথা হস্তান্তৰৰ অধিকাৰ সুৰক্ষিত কৰা, গাঁও কর্তন আৰু অন্তর্ভুক্তিৰ প্রক্রিয়াটো নিয়াৰিকৈ সম্পাদিত যাতে হয়, তাৰ বাবে আয়োগত স্থানীয় অজনজাতীয় লোকৰ উপযুক্তসংখ্যক প্রতিনিধি অন্তর্ভুক্ত কৰা, পৰিষদীয় আসনৰ সংখ্যা বৃদ্ধি কৰাৰ সময়ত অজনজাতীয় লোকৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা যাতে উচিত হাৰত বৃদ্ধি পায়, তাৰ বাবেও ব্যৱস্থা গ্রহণ কৰিব৷

সংবাদ মেলখনত তেওঁ বি পি এফ দলক ব্যর্থ–দুর্নীতিগ্রস্ত, বিজেপিক সাম্প্রদায়িক–বিশ্বাস, ইউ পি পি এলক স্বার্থপৰ–গণভিত্তি, গণ সুৰক্ষা পার্টীক বড়ো–বড়োৰ বিষাক্ত ৰাজনীতি কৰা বুলি গুৰুতৰ অভিযোগ কৰে৷

You might also like