নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টঙিঘৰত উঠি তিনি মাহ কটালে মেঘনাই… হস্তী–মানৱৰ সংঘাত ৰোধৰ আদর্শ দেখুৱালে সাহসী নাৰীয়ে

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ নগাঁও–কার্বি আংলং সীমান্তৱর্তী হাতীখলী ৰংহাং গাঁৱত এটা ১৫ ফুট ওখ টঙিঘৰত নিয়মীয়াকৈ তিনি মাহ ধৰি বাস কৰিছে এগৰাকী মহিলাই৷ চাপানালাৰ প্রকৃতিপ্রেমী যুৱক বিনোদ দুলু বৰাৰ পত্নী মেঘনা ময়ূৰ হাজৰিকাই টঙিঘৰটোত বনৰীয়া হাতীৰ জাকৰ সৈতে সহবাস কৰি নজিৰ স্থাপন কৰিছে৷ হাতী–মানুহৰ সংঘাত ৰোধ কৰিবলৈ বনৰীয়া হাতী অহা বাটত টঙিঘৰ সাজি জনাঞ্চললৈ হাতী অহাত বাধা দিয়াৰ লগতে হাতীৰ বাবে ধান খেতি কৰি এটা হাতীৰ জাকৰ বাবে পর্যাপ্ত খাদ্যৰ ব্যৱস্থা কৰিছে৷

এইদৰে কৃষক ৰাইজক পকা ধান চপোৱাতো সহায় কৰিছে৷ এই প্রতিবেদকৰ সৈতে হোৱা বার্তালাপত মেঘনা ময়ূৰ হাজৰিকাৰ স্বামী প্রকৃতিপ্রেমী যুৱক বিনোদ দুলু বৰাই কয় যে মহানগৰীৰ এটা ৰে’ল ষ্টেচনত তেওঁৰ পত্নীক থৈ আহিলে সুৰক্ষিত নহ’লেও জংঘলৰ হাতীৰ মাজৰ এটা টঙিঘৰত তেওঁৰ পত্নী সুৰক্ষিত৷ বনৰীয়া হাতীয়ে কেতিয়াও মানুহৰ সৈতে সংঘাত নিবিচাৰে৷ হাতীয়ে সদায় শান্তি আৰু মৰম বিচাৰে৷ মানুহে যদি হাতীক মৰমৰ দৃষ্টিৰে চায়, হাতীয়ে মৰম দিব বিচাৰে৷ নহ’লে ১৫ ফুট ওখ এটা টঙিঘৰত তেওঁৰ পত্নী থকাৰ পাছত হাতীয়ে শুঁৰেৰে ধৰি আনি মাৰি পেলাব পাৰিলেহেঁতেন৷

কিন্তু ১০/১২ ফুট ওখ এটা প্রকাণ্ড হাতীয়ে টঙিৰ তলতে পেট ভৰাই ধান খাই থকাৰ পাছত কেতিয়াও এইগৰাকী সাহসী মহিলাক আক্রমণ কৰাৰ চেষ্টা কৰা নাছিল৷ উল্লেখ্য যে হাতী–মানুহৰ সংঘাত ৰোধ কৰিবলৈ হাতীৰ খাদ্যৰ বাবে ২০১৯ বর্ষত ৰংহাং গাঁৱৰ ৰাইজ, বন বিভাগ আৰু হাতীবন্ধু নামৰ প্রকৃতিপ্রেমী সংগঠনৰ মুৰব্বী ৮৬ বছৰীয়া গুৱাহাটীৰ প্রদীপ ভূঞাৰ নেতৃত্বত হাতীৰ খাদ্যৰ বাবে ২০০ বিঘা মাটিত পৰীক্ষামূলকভাৱে ধান খেতি কৰিছিল৷

সেই ধান খেতি কৰাৰ বাবে হাতীৰ জাকে সেই ধান প্রায় ২৫ দিন ধৰি খাই জনাঞ্চলত প্রৱেশ নকৰাকৈ থকাৰ বাবে কৃষক ৰাইজে ধান চপাবলৈ সক্ষম হৈছিল৷ এইবাৰো তেওঁলোকৰ নেতৃত্বত ২০০ বিঘা মাটিত ধান খেতি কৰাৰ উপৰি আন চাৰিশ বিঘা মাটিত হাতীৰ প্রিয় খাদ্য নেফিয়াৰ, ঝাৰু, ঔটেঙা, কুম্ভিৰ, কঁঠাল আদি ৰোপণ কৰি হাতীৰ খাদ্য যোগাৰ কৰাৰ চেষ্টা কৰে৷ এই চেষ্টাৰ সফল ৰূপত প্রতিফলিত হয়৷ হাতীৰ বাবে কৰা ধান খেতি ২৬ দিন ধৰি প্রায় ৩০০ হাতীয়ে খাই শেষ কৰে৷

যিটো সময়ত পকা ধান খাবলৈ হাতীৰ জাক জনাৰণ্যত প্রৱেশ কৰি মানুহৰ লগত ভয়াৱহ সংঘাতত লিপ্ত হয়, সেই সময়ত হাতী বন্ধু, নগাঁও–কার্বি আংলং জিলাৰ বন বিভাগ, লুংচে, ভগৱান আৰু ৰাজীৱ নামৰ তিনিজন বিশেষ লোকৰ সহযোগত বিনোদ দুলু বৰাই হাতীৰ জাকটোক বিশেষ পদ্ধতিৰে দৈনিক দহ বিঘাকৈ মাটিৰ ধানহে খাবলৈ দিয়ে৷

এই দহ বিঘা শেষ হোৱাৰ পাছত পুনৰ দহ বিঘা মাটিৰ ধান খাবলৈ দিয়ে৷ এনেদৰে হাতীৰ জাকটোক ২৬ দিন ধৰি ধান আৰু আন প্রিয় খাদ্য খুৱাই একেটা এলেকাতে আবদ্ধ কৰি ৰাখে বিনোদ দুলু বৰাৰ নেতৃত্বত থকা দলটোৱে৷ ইফালে এই সকলো টঙিৰ ওপৰত অকলে উঠি থাকি পর্যবেক্ষণ কৰে বিনোদ দুলু বৰাৰ সাহসী পত্নী মেঘনা ময়ূৰ হাজৰিকাই৷ স্বামীয়ে ওৰেনিশা তলত থাকি হাতীৰ জাকটো নিয়ন্ত্রণ কৰি থকাৰ সময়ত এগৰাকী মহিলাই অকলে এটা টঙিঘৰত উঠি থাকি সাহসিকতাৰ পৰিচয় দাঙি ধৰিছে৷

একমাত্র হাতী–মানুহৰ সংঘাত ৰোধ কৰিবলৈ এনেদৰে নিজৰ জীৱনকো বিপদলৈ ঠেলি দি জীৱকুলৰ প্রতি দেখুওৱা দায়বদ্ধতা সমগ্র ভাৰতবর্ষৰ কাৰণে আদর্শৰ বিষয় হিচাপে বিবেচিত হৈছে৷ উল্লেখ্য যে হাতীৰ জাকৰ উপদ্রৱৰ বাবে কৃষক ৰাইজে ধান খেতি কৰিবলৈ বাদ দিয়াৰ সময়ত হাতীৰ জাকে প্রয়োজনীয় খাদ্য খাই নির্দিষ্ট স্থানত আবদ্ধ হৈ থকাটো কৃষক ৰাইজৰ বাবে আশাৰ বার্তা হিচাপে বিবেচিত হৈছে৷ হাতী–মানুহৰ এই সংঘাত ৰোধ কৰাৰ ক্ষেত্রত বিনোদ দুলু বৰা, তেওঁৰ পত্নী মেঘনা ময়ূৰ হাজৰিকা, হাতীবন্ধু সংগঠনৰ প্রদীপ কুমাৰ ভূঞাক নগাঁও জিলা সংমণ্ডল বন বিষয়া ৰাজেন চৌধুৰী, তেজপুৰৰ বন সংৰক্ষক যতীন শর্মা, কার্বি আংলঙৰ মুখ্য বন সংৰক্ষক অভিজিৎ ৰাভা, চাপানালা খণ্ড বন বিষয়া নজমুল হুছেইন, তেওঁৰ কর্যালয়ৰ বনকর্মী, হাতীখলী উপ–খণ্ড বন বিষয়া কার্যালয়ৰ বনকর্মীৰ লগতে ৰংহাং গাঁৱৰ ৰাইজে বিশেষ সহযোগিতা আগবঢ়ায়৷

হাতী–মানুহৰ সংঘাত ৰোধ কৰিবলৈ পাঁচ মাহ আগৰে পৰা বিনোদ দুলু বৰাৰ লগতে তেওঁৰ পত্নী মেঘনা ময়ূৰ হাজৰিকাই অভিযান আৰম্ভ কৰে যদিও যোৱা আগষ্ট মাহৰ পৰা ১৫ ফুট ওখ টঙিঘৰতে তেওঁলোক দুয়োৱে দিন–ৰাতি পাৰ কৰে৷ বনৰীয়া হাতীৰ বাবে কৰা দুশ বিঘা মাটিৰ ধান খাই হাতীয়ে কালি শেষ কৰাৰ পাছত আজিহে তেওঁলোক নিজৰ চাপানালাৰ বাসগৃহলৈ ৰাওনা হয়৷ উল্লেখ্য যে হাতী–মানুহৰ সংঘাত ৰোধ কৰিবৰ বাবে বনৰীয়া হাতীৰ জাকটো প্রকৃততে ক’ৰ পৰা আহে, ক’লৈ যায়, এই সকলো বিষয় পর্যবেক্ষণ কৰিবৰ বাবে হাতীবন্ধু নামৰ প্রকৃতিপ্রেমী সংগঠনৰ মুৰব্বী ৮৬ বছৰীয়া প্রদীপ কুমাৰ ভূঞাই বিনোদ দুলু বৰা আৰু মেঘনা ময়ূৰ হাজৰিকাৰ লগত যোৱা বর্ষত কাজিৰঙা বুঢ়া পাহাৰৰ পৰা নুমলীগডলৈকে পাহাৰৰ মাজেৰে এক যাত্রা আৰম্ভ কৰি এমাহৰ অন্তত শেষ কৰিছিল৷

এই এমাহৰ অভিজ্ঞতা আৰু চেষ্টাৰ অন্তত হাতী অহা–যোৱা কৰা পথ আৰু বাসস্থান সন্দর্ভত এখন নিজাববীয়াকৈ মেপ তৈয়াৰ কৰিছিল৷ এই মেপ তৈয়াৰ কৰাৰ সময়ত হোৱা অভিজ্ঞতাৰ বাবে হাতীৰ জাকটো কেনেদৰে নিয়ন্ত্রণ কৰিব পাৰি, সেই বিষয়েও অভিজ্ঞতা হৈছিল৷ একমাত্র খাদ্যৰ বাবে হোৱা এই সংঘাতত হাতীৰ জাকক যদি প্রচুৰ পৰিমাণে খাদ্য যোগান ধৰিব পৰা যায়, তেনেহ’লে জাকটো নিয়ন্ত্রণ কৰাটো সম্ভৱ বুলি থিৰাং কৰিয়েই এনেদৰে ধান খেতি কৰিবলৈ উৎসাহিত হয় ৮৬ বছৰীয়া প্রদীপ ভূঞা৷ হস্তী–মানৱৰ সংঘাত নিৰাময় কৰিবলৈ অসমৰ আন স্থানতো এনে পদক্ষেপ গ্রহণ কৰিলে হাতী–মানুহৰ সংঘাতৰ দৰে এটা স্পর্শকাতৰ সমস্যা নাইকিয়া হোৱাটো নিশ্চিত৷

You might also like