নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যপালৰ শাসনে বিটিচিত আনিব স্বতন্ত্রতা

উন্নয়নৰ ধনৰ অধিকাংশই আত্মহাৎ বিপিএফৰঃ সাংসদ শৰণীয়া

নিয়মীয়া বার্তা,৬ মেঃ বিপিএফৰ শাসন কালত বিটিচিত তৃণমূল পর্যায়ৰ পৰাই দুর্নীতি সংঘটিত হৈছিল৷ ৰাইজৰ উন্নয়নৰ নামত অহা ধনৰ অধিকাংশই বিপিএফে আত্মসাৎ কৰিছিল৷ বিভিন্ন হিতাধিকাৰীৰ নামত অহা কোটি কোটি টকা বিপিএফ দলে আত্মসাৎ কৰিছে৷ বিটিচিত চলি থকা এই দুর্নীতি ৰাজ্যপালৰ শাসনৰ লগে লগেবন্ধ হৈ পৰিব৷ সেয়ে ৰাজ্যপালৰ শাসনক লৈ অস্বস্তিত পৰিছে বিপিএফ দল৷ কিন্তু বিটিচিৰ শাসন ৰাজ্যপালৰ হাতলৈ যোৱাৰ লগে লগে বিটিচিত স্বতন্ত্রতা আহিছে৷ প্রশাসনে নিৰপেক্ষভাৱে কাম কৰাৰ সুযোগ পাব৷ এই মন্তব্য কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ৷

মঙলবাৰে সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে সাংসদগৰাকীয়ে৷ ক’ৰোনা ভাইৰাছ নির্মূল নোহোৱালৈকে বিটিচিত নির্বাচন অনুষ্ঠিত কৰিব নালাগে বুলি মন্তব্য কৰি তেওঁ কয় যে ক’ৰোনা ভাইৰাছ নির্মূল নৌহওতেই নির্বাচন অনুষ্ঠিত হ’লে বিটিচিত ভয়াৱহ সংক্রমণ হৈ পৰিস্থিতি ভয়ংকৰ হ’ব পাৰে৷ প্রধানমন্ত্রী কৃষক সাহায্যৰ নামতো ব্যাপক দুর্নীতি হোৱা বুলি মন্তব্য কৰি সাংসদগৰাকীয়ে এই দুর্যোগৰ সময়ত প্রকৃত হিতাধিকাৰীকহে সাহায্য প্রদান কৰিবলৈ আহ্বান জনায়৷ আনহাতে ৰাজ্যপালৰ শাসন বিটিচিৰ বাবে দুর্নীতিৰ ভেকচিন বুলি মন্তব্য কৰি নির্বাচনৰ পূর্বে অঞ্চলটোত ৰাজ্যপালৰ শাসনে প্রশাসনত থকা ভাইৰাছবোৰ নির্মূল কৰিব বুলি মন্তব্য কৰে৷ সাংসদগৰাকীয়ে লগতে ক্ষমতাৰ ৰাগিত অন্ধ হৈ বিপিএফৰ নেতাসকলে ৰাজ্যপালৰ শাসনক তাচ্ছিল্য কৰা কার্যক গৰিহণা দিয়ে।

You might also like