৪.৮০ লাখ সদস্যৰে বিটিচি দখলৰ হুংকাৰ বিজেপিৰ
নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ বিটিচি শাসনৰ অংশীদাৰ হোৱাৰ লক্ষ্যৰে শাসকীয় বিজেপিয়ে সমগ্র বড়ো অধ্যুষিত অঞ্চলত সদস্যৰ সংখ্যা ৪ লাখ ৮০ হাজাৰলৈ বৃদ্ধি কৰিছে৷ আজি এই কথা সদৰী কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে স্পষ্টকৈ কয়, বি টি এ ডিৰ চাৰিখন জিলাত আমাৰ শক্তি এতিয়া যথেষ্ট শক্তিশালী৷ ২ লাখ সদস্যৰ পৰা বিজেপিৰ সদস্যৰ সংখ্যা দুগুণৰো অধিক হ’ল৷
এই সংখ্যাৰে এইবাৰ নির্বাচনত বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰা ২৬খন আসনৰ অধিকাংশ ৪.৮০ লাখ সদস্যৰে বিটিচি দখলৰ হুংকাৰ বিজেপিৰ দখল কৰি বিটিচি পৰিষদৰ অংশীদাৰ হ’ম৷ মন কৰিবলগীয়া যে বিটিচি নির্বাচনত এককভাৱে প্রতিদ্বন্দ্বিতা আগবঢ়োৱা বিজেপিয়ে শেহতীয়াভাৱে ইউ পি পি এলৰ সৈতে গোপনে মিত্রতাৰ দিশে আগবঢ়া বুলি চর্চা চলিছে৷ শাসকীয় দলটোৰ এনে কুচকাৱাজক লৈ ক্ষুব্ধ মিত্রজোঁট চৰকাৰৰ অংশীদাৰ বি পি এফ৷ এনে অৱস্থাৰ মাজতে পুনৰ সভাপতি ৰঞ্জিত দাসে বিটিচি পৰিষদ গঠনৰ লক্ষ্য বান্ধি লোৱা বুলি কৰা মন্তব্যই যথেষ্ট তাৎপর্য বহন কৰিছে৷ উল্লেখ্য যে আজি হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত বি পি এফৰ কেইবাগৰাকীও নেতা–কর্মীয়ে বিজেপি দলত যোগদান কৰে৷ সভাপতি ৰঞ্জিত দাসে দলীয় প্রতীকেৰে এই নেতা–কর্মীসকলক দললৈ আদৰণি জনায়৷ এই যোগদান অনুষ্ঠানতে বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত বিটিচি পৰিষদ দখলৰ হুংকাৰ দি সভাপতি দাসে আগন্তুক দিনত বহু লোকে বিজেপিত যোগ দিব বুলিও উল্লেখ কৰে৷
বিজেপিত যোগদান কৰাসকলৰ ভিতৰত আছিল অসম গোর্খা সন্মিলনৰ সাধাৰণ সম্পাদক বাসুদেৱ উপাধ্যায়, সদৌ অসম শৰণীয়া কছাৰী ছাত্র সন্থাৰ প্রাক্তন সভাপতি তথা শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ প্রাক্তন অধ্যক্ষ ৰমেশ চন্দ্র দাস, বি পি এফৰ দিহিৰাৰ সাধাৰণ সম্পাদক চণ্ডীচৰণ হালৈ, গণ সুৰক্ষা পার্টীৰ বাগানপাৰাৰ কার্যকৰী সভাপতি কৃষ্ণ আর্য বৈশ্য, আঞ্চলিক সভাপতি নিপুল ডেকা, বাক্সা জিলা সীমান্ত চেতনা মঞ্চ পূর্বোত্তৰৰ সম্পাদক নৱ কুমাৰ মেধি, বি পি এফৰ কেন্দ্রীয় কার্যকৰী সমিতিৰ সদস্য তথা অৱসৰপ্রাপ্ত প্রধান শিক্ষক শুকদেৱ দত্ত, বি পি এফৰ গাঁও পৰিষদ উন্নয়ন সমিতিৰ প্রাক্তন অধ্যক্ষ ধীৰেন তালুকদাৰ, বি পি এফৰ সক্রিয় সদস্য জিমি বড়ো, গণ সুৰক্ষা পার্টীৰ ৰাজ্যিক সদস্য নিতুল কলিতা, ধমধমা কলেজৰ অৱসৰপ্রাপ্ত অধ্যাপক অমৃত ৰাজবংশী৷ আজি যোগদান অনুষ্ঠানত উপস্থিত থাকে সাংসদ তথা দলৰ সাধাৰণ সম্পাদক তপন গগৈ, ৰাজ্যিক মন্ত্রী ভৱেশ কলিতা, দলৰ সাংগঠনিক সম্পাদক ফণীন্দ্র নাথ শর্মা, উপ–সভাপতি ৰেখাৰাণী দাস বড়ো আৰু স্বপ্ণনীল বৰুৱা৷