নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূপেন বৰাক উভতি ধৰিলে বিটিআৰপ্ৰধানে

🔹 মানহানিৰ গোচৰ ৰুজু কৰা হ’ব : প্ৰমোদ বড়ো
ষ্টাফ ৰিপৰ্টাৰ, কোকৰাঝাৰ ২৬ আগষ্ট : অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ মন্তব্যক লৈ বিটিচিপ্ৰধান প্ৰমোদ বড়োই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে ভূপেন বৰাৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব বুলি সকীয়নি প্ৰদান কৰিছে । ভূপেন বৰাই কোনোধৰণৰ তথ্য প্ৰমাণ নোহোৱাকৈ অকল ৰাজনীতিৰ স্বাৰ্থত  যি কথা কৈ গ’ল, ইয়াৰ দ্বাৰা কংগ্ৰেছৰ এটাও ভোট বৃদ্ধি নহয় বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে । আজি কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা নৱাগত আদৰণী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত উক্ত মন্তব্য কৰে প্ৰমোদ বড়োৱে। উল্লেখ্য যে যোৱা ২৪ আগষ্টত কংগ্ৰেছৰ এক দলীয় সভাত অংশগ্ৰহণ কৰি ভূপেন বৰাই প্ৰমোদ বড়োৰ এতিয়া শ্লোগান হৈছে ডিভাইড মানী ৫০/৫০ বুলি কোৱাৰ লগতে কোকৰাঝাৰলৈ যিমান পইচা আহে, তাৰে আধা তেওঁ ল’ব আৰু আধা দিছপুৰক দিব বা বিজেপিক দিব বুলি মন্তব্য কৰিছিল । তদুপৰি বড়োলেণ্ড লাগে বুলি কোৱা একাংশ নেতা এতিয়া বেংগালুৰু আৰু দিল্লীত লেণ্ড (মাটি) কিনিছে বুলি মন্তব্য কৰিছিল। উক্ত মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি আজি প্ৰমোদ বড়োৱে কয় যে নিজৰ পৈত্ৰিক ঘৰতে থাকিবলৈ সময় নাপাওঁ, তেনে ক্ষেত্ৰত দিল্লী, বেংগালুৰুত মাটি কিয় লাগে ? ৰাজনীতি কৰাৰ নামত তেওঁ যি  কথা কৈ গ’ল ইয়াৰ দ্বাৰা কংগ্ৰেছৰ এটাও ভোট বৃদ্ধি নহয়, বৰঞ্চ কমি যাব । প্ৰমোদ বড়ো আৰু ইউপিপিএলৰ কথা কৈ কংগ্ৰেছৰ নতুনকৈ কোনো উত্থান নহয় ৷ কাৰণ ইতিমধ্যে বিটিচিত হাগ্ৰামা মহিলাৰীয়ে কংগ্ৰেছৰ কঁকাল ভাঙি থৈছে৷ কংগ্ৰেছক নিঃশেষ কৰিছে ৷ ৰাজ্যিক সভাপতিৰ দায়িত্বত থাকি এনে ধৰণৰ মন্তব্য কৰাটো দুৰ্ভাগ্যজনক আৰু ইয়াৰ প্ৰমাণ দিব নোৱাৰিলে ভূপেন বৰা জে’লত যাব লাগিব। অতি ক্ষোভেৰে প্ৰমোদ বড়োই কয়- কংগ্ৰেছৰ শাসন কালছোৱা বিটিচিৰ বাবে ক’লা অধ্যায় আছিল ।  ২০০৮ , ২০১২ আৰু ২০১৪ চনৰ গোষ্ঠী সংঘৰ্ষ , হত্যা-হিংসা কোনেও পাহৰা নাই বুলি উল্লেখ কৰিছে বড়োই ৷ আনহাতে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি প্ৰমোদ বড়োই কয় যে ৫খন উন্নত ৰাজ্যৰ ভিতৰত অসমক প্ৰতিষ্ঠা কৰাৰ যি ভিছন, তাকে লৈ তেওঁলোকে কাম কৰি আছে । কংগ্ৰেছৰ ইয়াত কোনো অস্তিত্ব নাই আৰু আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্বাচন খেলাটো বিচাৰে বুলি মন্তব্য কৰিছে । উল্লেখ্য যে কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভাত অংশগ্ৰহণ কৰি প্ৰমোদ বড়োই শিক্ষানুষ্ঠানখনৰ প্ৰশংসা কৰাৰ লগতে শিক্ষানুষ্ঠানখনক এক কোটিৰ আৰ্থিক পুঁজি দিয়া হ’ব বুলি ঘোষণা কৰিছে । আনহাতে, তামুলপুৰ জিলাৰ মৰ্যাদা পুনৰা ঘূৰাই দিয়াত উন্নয়নৰ গতি অধিক ত্বৰাম্বিত হ’ব বুলি মন্তব্য কৰে। আজিৰ অনুষ্ঠানত বিধায়ক লৰেঞ্চ ইছলাৰীও উপস্থিত আছিল ।
প্ৰেৰক শুকুৰ আকন্দ
You might also like