ষ্টাফ ৰিপৰ্টাৰ, কোকৰাঝাৰ ২৩ এপ্ৰিল : কোকৰাঝাৰৰ বিটিচি বিধান পৰিষদীয় ভৱনত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিটিচিৰ বাজেট অধিবেশন। বিটিচি বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োৰ অধ্যক্ষতাত আৰম্ভ বাজেট অধিবেশনৰ প্ৰথম দিনৰ কাৰ্যসূচীত ৩১ পৃষ্ঠাৰ বাজেট পাঠ কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে। বিত্ত বিভাগৰো দায়িত্বত থকা প্ৰমোদ বড়োৱে বিটিআৰৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ২৫৫৯৬৬.৭৯ লাখ টকাৰ বাজেট উত্থাপন কৰে। মুঠ ৫৪৬৬.৮৫ লাখ টকাৰ ঘাটি বাজেটেৰে বিটিচিৰ ৪০ টা বিভাগৰ বাবে সৰ্বমুঠ ২৫৫৯৬৬.৭৯ লাখ টকা ব্যয় সাপেক্ষে বাজেট ধাৰ্য কৰিছে।
ইয়াৰ ভিতৰত বিটিচিৰ নিজা ৰাজহ ৭৮২৩.৪৬ লাখ , এচঅ’পিডিকে ধৰি আন চৰকাৰী অনুদান ২৪২৬৭৬.৪৮ লাখ টকা অৰ্থাৎ সৰ্বমুঠ ২৫০৪৯৯.৯৪ লাখ টকাৰ বিপৰীতে বাজেটত খৰছ দেখুওৱা হৈছে ২৫৫৯৬৬.৭৯ লাখ টকা ।কাইলৈ বিটিচিৰ সদনত বাজেট চৰ্চা হ’ব আৰু জনমুখী বাজেটখন সৰ্বসন্মতিক্ৰমে গৃহীত হ’ব বুলি আশা প্ৰকাশ কৰিছে প্ৰমোদ বড়োৱে ।
উল্লেখ্য যে এইবেলি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে এচঅ’পিডি শিতানত ৮৪৩ কোটি টকা ধাৰ্য কৰা হৈছে । ইয়াৰে পুণৰগঠন বিভাগত (Transformation dept) সৰ্বাধিক ১২৬.২৬ কোটি ধাৰ্য কৰাৰ বিপৰীতে লটাৰীত মাত্ৰ ১ লাখ টকা ধাৰ্য কৰা হৈছে। আনহাতে শিক্ষা বিভাগত ১০৫.০৫ কোটি, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগত ৯৮.৬৩ কোটি, লোকনিৰ্মান বিভাগত ৯৩.৬৯কোটি,কৃষিত ২৬.৯৪কোটি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ৪৭.৭৪ কোটি, বন বিভাগত ৩৮.৩৮ কোটি, মহিলা আৰু শিশু কল্যাণ বিভাগত ১১.৪৩ কোটি, পৰ্যটনত ৮.৬৪ কোটি, পঞ্চায়ত আৰু গ্ৰামোন্নয়নত ৩৮.৫২ কোটি টকা ধাৰ্য কৰিছে। কাইলৈ বাজেটক লৈ চৰ্চা হ’ব আৰু বিৰোধীয়ে বাজেটক লৈ বিতৰ্ক কৰাৰ সম্ভাৱনা আছে ।
ইপিনে আজি বিটিচিৰ সদনত প্ৰশ্নোত্তোৰ শিতানত বিপিএফৰ এমচিএলএ মুনমুন ব্ৰহ্মই বিটিআৰৰ মাটিকালি আৰু জনসংখ্যা জানিবলৈ বিচৰাত সংশ্লিষ্ট বিভাগৰ কাৰ্যবাহী সদস্যই কয় যে যিহেতু ২০২০ চনৰ ২৭ জানুৱাৰীত বিটিআৰ গঠন হৈছিল। ২০১১ চনৰ পিছত লোকপিয়ল নোহোৱা বাবে তথ্য উপলদ্ধ নহয় বুলি উল্লেখ কৰে। মুনমুন ব্ৰহ্মৰ আন এক প্ৰশ্নোত্তোৰত ২০১১ লোকপিয়ল মতে বিটিএডিৰ জনসংখ্যা ৩১,৫১,০৪৭ জন আৰু ইয়াৰ মাটিকালি ৯৬৮৮ বৰ্গকিলোমিটাৰ বুলি উল্লেখ কৰে।
আনহাতে এমচিএলএ মাধৱ ছেত্ৰীৰ এক প্ৰশ্নোত্তোৰত বিটিচিৰ অন্তৰ্গত বনগাঁৱৰ( forest village) এলেকাত বড়ো, নেপালী, কোচ ৰাজবংশী সকলৰ মুঠ ৩২২৮০টা পৰিয়ালক মাটি পট্টা প্ৰদান কৰা হৈছে বুলি সদৰি কৰে। ভূমি ক্ৰয় বিক্ৰয় বা আৱণ্টনৰ ক্ষেত্ৰত বেচিভাগ ফাইল বিটিচি সচিবালয়ত স্থগিত হয় বুলি মাধৱ ছেত্ৰীৰ আন এক প্ৰশ্নোত্তোৰত সংশ্লিষ্ট বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে উত্তৰত কয় যে অসম ভূমি আৰু ৰাজহ নিয়মাৱলী ,১৮৮৬ দশম অধ্যায়ৰ চৰ্ত আৰু নিয়ম অনুসৰি কিছুমান ফাইলৰ যথাৰ্থতা নিৰ্ণয় কৰিবলৈ সময় লাগিব পাৰে যিহেতু বিটিচিৰ ৭০ শতাংশতকৈ অধিক মাটি জনজাতি বেল্ট আৰু ব্লকৰ অধীনত পৰে।
ইপিনে আজিৰ বাজেটক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে বিটিচিৰ বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰীয়ে। নন প্লেন-নন চেলাৰী ফাণ্ডত ধন ধাৰ্য নকৰাৰ অভিযোগ তুলি দেৰহাছাৎ বসুমতাৰীয়ে কয় যে 17 maintainance , 19 materials, 14 minor works হেডত ধন ধাৰ্য নকৰাৰ বাবে অফিচসমুহ চলাত অসুবিধা হ’ব বুলি উল্লেখ কৰে। কাইলৈ বাজেট বিতৰ্কত ভাগ লব আৰু কৰবাত কৰবাত টকেন বাজেট ধৰা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিব বুলি মন্তব্য কৰি বিটিচি চৰকাৰে বিগত বৰ্ষৰ অৰ্থাৎ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেটৰ ধনে মোকলাই আনিব নোৱাৰিলে বুলি সমালোচনা কৰে।
ইপিনে শাসকীয় পক্ষই বাজেটখনক সুন্দৰ, গতিশীল বুলি আখ্যা দিছে। কাইলৈ সদনত বাজেটৰ ওপৰত চৰ্চা হ’ব আৰু বাজেট সৰ্বসন্মতিক্ৰমে গৃহীত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে শাসকীয়পক্ষই। আনহাতে বিটিচিৰ মুখ্য কাৰ্যবাহী তথা বিত্ত বিভাগৰ দায়িত্বত থকা প্ৰমোদ বড়োৱে বিটিআৰ অঞ্চলৰ আশা-আকাংক্ষা আৰু ৰাষ্ট্ৰীয় সূচাংক চাই বাজেটৰ দ্বাৰা ৰোডমেপ তৈয়াৰ কৰা বুলি সদৰি কৰিছে। এইবাৰ বাজেটত উদ্ভাৱনীমূলক কাৰ্যক গুৰুত্ব দি কৃষি খণ্ডক জৈৱিককৰণ, জীৱিকাভিত্তিক নিয়োগ, শিশু আৰু মহিলাৰ সুৰক্ষা, নিৰাপত্তা ওপৰত বেচি আলোকপাত কৰা হৈছে বুলি মন্তব্য কৰিছে। বিটিআৰৰ পাঁচখন জিলাত শিশু আৰু মহিলাৰ নিৰ্যাতন, মানৱ সৰবৰাহ, হিংসাৰ আইনী সাহাৰ্য বিনামুলীয়াভাৱে দিবলৈ পাঁচজন পাবলিক প্ৰসিকিউটৰ নিযুক্তি দিয়া হৈছে বুলি সদৰি কৰে প্ৰমোদ বড়োৱে। তদুপৰি প্ৰেমসিং ব্ৰহ্মৰ স্মৃতিত ৪২০ টা ভিচিডিচিত মুক্ত ব্যায়ামাগাৰ, কালিদেৱ গুৰুচৰণ ব্ৰহ্মৰ নামত ৪২০টা যোগকেন্দ্ৰ নিৰ্মাণ কৰা হ’ব বুলিও সদৰি কৰিছে প্ৰমোদ বড়োৱে।
প্ৰেৰক শুকুৰ আকন্দ