নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলাৰ আৰ্থিক উন্নয়নত বিশেষ অগ্ৰাধিকাৰ বিটিআৰ চৰকাৰৰ : প্ৰমোদ বড়ো

✅বাক্সাৰ ককলাবাৰীত হেণ্ডলুম মডেল ভিলেজৰ শিলান্যাস।

✅বিটিআৰৰ তিনি লাখ শিপিনীক উপকৃত কৰাৰ লক্ষ্য।

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰ : “আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ হৈ গৌৰৱ অনুভৱ কৰোঁ। ভাৰতত ২৭ লাখ শিপিনী আছে। তাৰে অসমত আছে ১৪ লাখ আৰু আমাৰ বি টি আৰত ৩ লাখতকৈ অধিক শিপিনী আছে। এই তিনি লাখ শিপিনীয়ে যদি বোৱা-কটা কামত মনোনিবেশ কৰে; তেন্ত ভাবি চাওঁক আমি কিমান টকা উপাৰ্জন কৰিব পাৰোঁ।” বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বাক্সাৰ ককলাবাৰী দৌলসত্ৰ প্ৰাঙ্গণত মুখ্য অতিথিৰ ভাষণত এনে দৰে উল্লেখ কৰে। ককলাবাৰী দৌল সত্ৰত আজি ককলাবাৰী হস্ততাঁত আদৰ্শ গাঁৱৰ শিলান্যাস স্থাপন উপলক্ষে অনুষ্ঠিত এখন ৰাজহুৱা সভাত বিটিআৰপ্ৰধান প্ৰমোদ বড়োৱে ভাষণত হেণ্ডলুম আদৰ্শ গাঁও প্ৰকল্প সম্পৰ্কত কয় যে মন্ত্ৰী ইউ জি ব্ৰহ্মৱে এই সমষ্টিৰ প্ৰতিনিধি হিচাপে তিনি কোটি সোতৰ লাখ টকা ব্যয়েৰে হেণ্ডলুম আদৰ্শ গাঁওৰ প্ৰকল্পটো ৰূপায়নৰ ব্যৱস্থা কৰিছে। ইয়াৰ জৰিয়তে ৪৭৮গৰাকী শিপিনী উপকৃত হ’ব। ইয়াত শিপিনীসকলক উন্নত আৰু আধুনিক বস্ত্ৰ উৎপাদন, ডিজাইন, ৰং কৰা আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। হস্ততাঁত বস্ত্ৰৰ বজাৰৰ সমস্যাৰ কথা উল্লেখ কৰি তেওঁ কয় যে পাৱাৰলুমৰ বস্ত্ৰই যাতে গ্ৰাস কৰিব নোৱাৰে তাৰ বাবে চৰকাৰে আইন প্ৰস্তুত কৰি আছে। বডোলেণ্ডত ৰেছম শিল্পৰ বহুত সম্ভাৱনা আছে বুলি উল্লেখ কৰি বিটিআৰত ৰেশম মিছন প্ৰস্তুত কৰাৰ কথা উল্লেখ কৰে। বিটিআৰ চৰকাৰে মহিলাৰ আৰ্থিক উন্নয়নত অধিক অগ্ৰাধিকাৰ দিয়াৰ কথা তেওঁ কয়। লাখ পতি মহিলা আচনিৰ অধীনত অলপতে ছয় হাজাৰ আৰু পৰৱৰ্তী সময়ত আৰু দহ হাজাৰ আত্মসহায়ক গোটক ছেক বিতৰণ কৰা হব বুলি কয়। গাঁও অঞ্চলৰ উন্নয়নৰ বাবে ৰুৰেল ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক স্থাপন কৰা হ’ব বুলি কয়। বিপিএফ চৰকাৰৰ দিনত ৰাজনীতি কৰি বহুতো গণ্ডোগোল কৰি থৈ গ’ল বুলি উল্লেখ কৰি বিটিআৰ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক আচনিৰ উল্লেখ কৰে । তাৰ ভিতৰত জ্ঞান সৌৰাং বিথাংখি, অনসাই বিথাংখি আদি আচনিৰ কথা কয়। বি টি আৰৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানক দুই লাখ কৈ আৰ্থিক অনুদান দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলিও কয়। বি টি চিলৈ যি অলপ টকা আহে তাৰ সদব্যৱহাৰ কৰি উন্নয়নৰ কাম কৰি থকা হৈছে। পৰিবৰ্তনৰ প্ৰতিশ্ৰুতিৰে কাম কৰি থকা বুলি দোহাৰি তেওঁ কয় যে এতিয়া বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা হৈছে। আগৰ দৰে বন্দুক-বাৰুদৰ ভয়-শংকাৰ পৰিবেশ নাই। ৭০০ খনৰ অধিক বিদ্যালয় মেৰামতি কৰা হব আৰু আগৰ চৰকাৰে গোলমাল কৰি থৈ যোৱা বাৰখন পকী দলং নিৰ্মাণ কৰা হব বুলি কয়। সামাজিক পৰিবেশ উন্নত কৰাৰ বাবে ড্ৰাগছ, মদ, জুৱাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি থকাৰ কথা উল্লেখ কৰে। সভাত মহিলা সৱলীকৰণৰ ওপৰত গুৰুত্ব দি মহিলাৰ আৰ্থিক উন্নতিৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা হেণ্ডলুম মডেল ভিলেজ আচনিৰ বিষয়ে কয় মন্ত্ৰী ইউ জি ব্ৰহ্ময়ে ভাষণত। তেওঁ কয় যে আচনি অনুসৰি তিনি কোটি সোতৰ লাখ টকাৰে নুজুৰিলে পুনৰ ধনৰ আৱন্তন দিয়া হ’ব আৰু বি টি আৰ চৰকাৰেও এই ক্ষেত্ৰত সহায় কৰিব। ইয়াৰ আগেয়ে পূৰ্বৰ ককলাবাৰী এম ই স্কুল চৌহদত ককলাবাৰী হেণ্ডলুম মডেল ভিলেজৰ শিলান্যাস কৰে মন্ত্ৰী ইউ জি ব্ৰহ্ময়ে। সভাত বি টি চিৰ ই এম ৰাকেশ ব্ৰহ্ম, বি টি চিৰ অধ্যক্ষ কাতিৰাম বড়ো, ই এম ঘনশ্যাম দাস, এম চি এল এ মণ্টু বড়ো প্ৰমুখ্যে কেবাগৰাকী ই এম, অসম চৰকাৰ আৰু বি টি আৰ চৰকাৰৰ হস্ততাঁত বস্ত্ৰ বিভাগৰ বিষয়া, ইউ পি পি এলৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ নেতা সভাত উপস্থিত থাকে। সভাত ১৭ গৰাকী নিৰ্বাচিত শিপিনীক প্ৰত্যেককে এক লাখ বিশ হাজাৰ টকাৰ একোখনকৈ এককালীন সাহায্যৰ চেক বিতৰণ কৰা হয়।

প্ৰেৰক দিগন্ত দাস

You might also like