নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিআৰত ৫০০ বছৰীয়া সত্র : অসম সত্র আয়োগৰ পৰিদর্শনত ৪৮খন সত্রৰ তথ্য

বিশেষ বাৰ্তা, ৫ জুনঃ বিটিআৰৰ অধীনস্থ কোকৰাঝাৰ, চিৰাং আৰু বাগ্সা জিলাত সৰু-বৰ মুঠ ৪৮খন সত্র থকাৰ তথ্য পোৱা গৈছে৷ ইয়াৰে এখন সত্র ৫০০ বছৰো অধিক পুৰণি৷ দুদিনীয়া ভ্রমণসূচীৰে যোৱা ৩ আৰু ৪ জুনত কোকৰাঝাৰ, চিৰাং আৰু বাগ্সা জিলা ভ্রমণ কৰা অসম সত্র ভূমি সমস্যা পর্যৱেক্ষণ আৰু পৰীক্ষণ আয়োগ চমুকৈ অসম সত্র আয়োগৰ অধ্যক্ষ প্রদীপ হাজৰিকাই এই কথা প্রকাশ কৰে৷ প্রথমদিনা উক্ত অসম সত্র ভূমি সমস্যা পর্যৱেক্ষণ আৰু পৰীক্ষণ আয়োগৰ অধ্যক্ষ হাজৰিকাৰ সভাপতিত্বত কোকৰাঝাৰ জিলাৰ বড়োলেণ্ড গেষ্ট হাউছত কোকৰাঝাৰ, চিৰাং আৰু বাগ্সাৰ বিভিন্ন সত্রৰ সত্রাধিকাৰ আৰু বিষয়ববীয়াসকলৰ লগতে বিটিচিৰ ভূমি আৰু ৰাজহ বিভাগৰ সচিব, সংশ্লিষ্ট জিলা প্রশাসন আৰু ৰাজহ চক্রৰ চক্র বিষয়াসকলৰ সৈতে এক আলোচনাত মিলিত হয়৷ অধ্যক্ষগৰাকীয়ে তেওঁৰ বক্তব্যত উল্লেখ কৰে যে মহাপুৰুষ শ্রীমন্ত শংকৰ গুৰুজনাহ সত্র প্রতিষ্ঠা কৰা প্রায় ৬০০ বছৰত ভৰি দিবৰ হল৷ এই সুদীর্ঘ কালত সত্রসমূহৰ কাম–কাজ, সমস্যা আদিৰ সঠিক পর্যালোচনা হোৱা নাছিল৷ জাতি তথা সমাজৰ লগত বিশেষভাৱে জড়িত এই বিষয়টোৰ সঠিক মূল্যায়ন আৰু বিভিন্ন সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সদিচ্ছা প্রকাশ কৰি সত্র আয়োগ গঠনত গুৰুত্ব আৰোপ কৰিছিলে৷ তেওঁ লগতে উল্লেখ কৰে যে ধর্ম-বর্ণ নির্বিশেষে আমি সত্রৰ ঐতিহ্য ৰক্ষা কৰাত গুৰুত্ব দিব লাগে৷ কোকৰাঝাৰৰ পৰা ভূটান সীমান্তৱর্তী অঞ্চললৈকে এতিয়াও বহু সত্রৰ তথ্যত এহ অঞ্চলত গুৰুজনাৰ সত্র সংস্কৃতিয়ে যে এক বিশেষ প্রভাৱ বিস্তাৰ কৰিছিল, সেহ কথা স্পষ্ট হৈ পৰে৷ সভাত আয়োগৰ তৰফৰ পৰা সত্রসমূহৰ সঠিক আৰু সত্য তথ্য ৰাইজৰ পৰা সবিস্তাৰে বিচৰা হয়, যাতে পৰৱর্তী সময়ত সত্রৰ বিভিন্ন সমস্যা সমাধানত চৰকাৰে ফলপ্রসূ সিদ্ধান্ত গ্রহণ কৰিব পাৰে৷ অসম সত্র আয়োগৰ সঁজাতী দলটোৱে ৩ জুনত কোকৰাঝাৰ চহৰত থকা শংকৰদেৱ সত্র আৰু দ্বিতীয়দিনা চিৰাং আৰু বাগ্সা জিলাৰ কেতবোৰ সত্র পৰিদর্শন কৰে৷ আয়োগে প্রথমতে ১৯০৮ চনতে প্রতিষ্ঠা লাভ কৰা বিজনী সত্রখন পৰিদর্শন কৰে আৰু বিষয়ববীয়াসকলৰ সৈতে মত বিনিময় কৰি সত্রখনৰ বিভিন্ন সমস্যা, সুবিধা–সুবিধা, আয়ৰ উৎস আৰু নিত্য–নৈমিত্তিক কাম–কাজ, আধ্যাত্মিক চিন্তা–চর্চা আদিৰ বিষয়ে বুজ লয়৷ বিজনী মহকুমা প্রশাসন আৰু বিজনী সত্রৰ তৰফৰ পৰা আয়োগলৈ আদৰণি জনোৱা হয়৷ সত্রখনৰ সভাপতি প্রদীপ বায়নে সত্রৰ বিভিন্ন সমস্যা আৰু সম্পাদন কৰা কাম–কাজ, সত্র সংসৃক্তিৰ চর্চা আদি সম্পর্কে সঁজাতী দলটোক অৱগত কৰায়৷ তেওঁ কোৱা মতে, বিজনী অঞ্চলত পাঁচখন সত্র আছে৷ অনুষ্ঠানত বিজনীৰ মহকুমাধিপতি ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া অভিশেষ জৈন আৰু ৰাজহ চক্র বিষয়াগৰাকীয়েও অংশ গ্রহণ কৰে৷ বিজনী সত্রৰ পৰা ওলাহ ভূটান সীমান্তৱর্তী দৰঙামেলাত অৱস্থিত সত্র পৰিদর্শনলৈ যোৱাৰ পথত দলটোৱে তামুলপুৰ আৱর্ত ভৱনত স্থানীয় প্রশাসনৰ উচ্চপদস্থ বিষয়াসকলকো লগ ধৰে আৰু তাৰ পৰাহ স্থানীয় বিধায়ক জলেন দৈমাৰী আৰু চক্র বিষয়া ৱাহিদুৰ ৰহমানে আয়োগৰ দলটোক সংগ দিয়ে৷ এহ ভ্রমণ কালত কুমাৰীকাটা শাখা সত্র ১৫৫১ চনত স্থাপিত, ভূটান সীমান্তৱর্তী দৰঙামেলাত থকা শ্রীমন্ত শংকৰদেৱ শাখা সত্র ১৯৪১ চনত স্থাপিত, তামুলপুৰস্থিত শ্রীমন্ত শংকৰদেৱ শাখা সত্র ১৯৩২ চনত স্থাপিত আৰু তামুলপুৰ কচুবাৰীস্থিত মহাপ্রভু শ্রীশ্রীগোপাল আৰু জগন্নাথ থান সত্র পৰিদর্শন কৰে৷ আয়োগৰ দলটোৱে সত্রকেইখনৰ সত্রাধিকাৰ আৰু বিষয়ববীয়াসকলৰ সৈতে উক্ত সত্রসমূহৰ চৌহদতে তেওঁলোকৰ অভাৱ–ভিযোগকে ধৰি বিভিন্ন দিশ সামৰি মত বিনিময় কৰে৷ আয়োগৰ অধ্যক্ষ প্রদীপ হাজৰিকাহ সত্রৰ সকলো তথ্য–পাতি শুদ্ধ আৰু সত্য ৰূপত দাখিল কৰিবলৈ সত্রকেইখনৰ বিষয়ববীয়াসকলক আহ্বান জনায়, যাতে চৰকাৰে সম্ভৱপৰ সকলো সমস্যা সমাধান কৰাৰ অর্থে এক ফলপ্রসূ পদক্ষেপ গ্রহণ কৰিব পাৰে৷ উল্লেখযোগ্য যে তামুলপুৰ কচুবাৰীস্থিত এক বৃহৎ এলেকা সামৰি থকা মহাপ্রভু শ্রীশ্রীগোপাল আৰু জগন্নাথ থান সত্রখন ৫০০ বছৰৰো অধিক পুৰণা৷ সত্রখনৰ পৰিচালনা সমিতিৰ সূত্রহ প্রকাশ কৰা অনুসাৰে সত্রখনৰ প্রায় ৬৮ বিঘা ভূমি আছে৷ হয়াত অন্যান্য সম্পদৰ লগতে এটা বৃহৎ পুখুৰী আৰু এটি নৱনির্মিত জিৰণি ভৱন আছে৷ প্রভু শ্রীশ্রীগোপাল আৰু জগন্নাথ থান সত্রৰ পুখুৰীটো বর্তমান বিটিচিৰ পুঁজিৰে উন্নয়নৰ কাম নতুনকৈ হাতত লোৱা হৈছে৷ ভক্ত আৰু পর্যটকক আকর্ষিত কৰিব পৰা আটকধুনীয়াকৈ নির্মিত সত্রখনৰ পৰিচালনা আৰু কাম–কাজত আয়োগৰ অধ্যক্ষ শ্রীহাজৰিকাহ তেওঁৰ মতবিনিময় বৈঠকত সন্তোষ প্রকাশ কৰাৰ লগতে কেতবোৰ পৰামর্শও দাঙি ধৰে৷ এই প্রসংগতে উল্লেখ কৰিব পাৰি যে অসম সত্র আয়োগৰ বিটিআৰ ভ্রমণৰ সময়ত বিটিচি প্রশাসনৰ লগতে সত্রসমূহে পূর্ণ সহযোগিতা আগববায় আৰু উষ্ম আদৰণি জনায়৷ সত্রসমূহৰ আলোচ্য বিষয় আৰু ভূমি আদি সমস্যাবোৰ সমাধানত বিটিচি প্রশাসনে সহযোগিতা আগববাব বুলি বিটিআৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে ফোনযোগে আয়োগৰ অধ্যক্ষক আশ্বাস প্রদান কৰে৷ আনহাতে আয়োগৰ দ্বিতীয়দিনাৰ ভ্রমণসূচীত আয়োগৰ অধ্যক্ষৰ আগত তামুলপুৰৰ স্থানীয় বিধায়ক জলেন দৈমাৰীয়েও এইক্ষেত্রত সম্ভৱপৰ সকলো সহযোগিতা আগবঢ়াব বুলি নিজৰ মত ব্যক্ত কৰিছে৷ ইয়াৰ সমান্তৰালভাৱে সত্রাধিকাৰ আৰু বিষয়ববীয়াসকলে দাঙি ধৰা তেওঁলোকৰ মতামতত অসম সত্র আয়োগ গঠন কৰি অসম চৰকাৰে সত্রসমূহৰ বিভিন্ন কথাবোৰ সামৰি ইতিবাচক আৰু সুদূৰপ্রসাৰী ব্যৱস্থা লোৱাৰ বাবে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সদিচ্ছা প্রকাশ কৰি গ্রহণ কৰা বলিষ্ঠ পদক্ষেপৰ শলাগ লয়৷ অসম সত্র আয়োগৰ সঁজাতী দলটোত আয়োগৰ অন্যান্য কর্মকর্তাসকলৰ লগতে আয়োগৰ পৰামর্শদাতাদ্বয় এম পি শর্মা আৰু অতুল দাস, তথ্য আৰু জনসংযোগ বিভাগৰ যুটীয়া সঞ্চালক দীননাথ লয়িং, আয়োগৰ সহকাৰী শাখা বিষয়া উত্তম বৰাহ অংশগ্রহণ কৰে বুলি কোকৰাঝাৰ জিলাৰ ভাৰপ্রাপ্ত তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাহ এক প্রেছ বিজ্ঞপ্তিযোগে জনাইছে৷

You might also like