নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ মাৰ্চঃ ৰাজ্য চৰকাৰে অধিবক্তা বুদ্ধদীপ গগৈ আৰু পদ্মধৰ নায়কক অতিৰিক্ত মহাধিবক্তা হিচাপে নিযুক্তি দিছে৷ ৰাজ্য চৰকাৰৰ ন্যায়িক বিভাগৰ আয়ুক্ত সচিব আদিত্য হাজৰিকাই এক অধিসূচনাৰ জৰিয়তে তৎকালীনভাৱে বলৱৎ হোৱাকৈ তেওঁলোকক অসমৰ অতিৰিক্ত মহাধিবক্তা হিচাপে নিযুক্তি দিয়ে৷ ভাৰতীয় সংবিধানৰ ১৬২নং অনুচ্ছেদৰ অধীনত প্রদান কৰা ক্ষমতাৰ ভিত্তিত আৰু ৰাজ্যপালৰ অনুমোদনসাপেক্ষে বুদ্ধদীপ গগৈ আৰু পদ্মধৰ নায়কক ন্যায়িক বিভাগৰ আয়ুক্ত সচিবগৰাকীয়ে অতিৰিক্ত মহাধিবক্তা হিচাপে নিযুক্তি প্রদান কৰে৷ উল্লেখ্য যে দুয়োগৰাকী অধিবক্তাই দীর্ঘদিন ধৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত ওকালতি কৰি আহিছে৷ কেইবাটাও গুৰুত্বপূর্ণ গোচৰত তেওঁলোকে যুক্তি প্রদর্শন কৰিছে৷