নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাজেট : আজি ২০ বিভাগৰে বৈঠকত মিলিত হ’ব মুখ্যমন্ত্রী ড০ শর্মা

ষ্টাফ ৰিপ’ৰ্টাৰ, ৩১ জানুৱাৰী : অহা ১২ ফেব্রুৱাৰীত অসম বিধানসভাত দাখিল হ’ব ২০২৪–২৫ বিত্তীয় বর্ষৰ ৰাজ্যিক বাজেট৷ বাজেট প্রস্তুতক লৈ ইতিমধ্যে দিছপুৰত বিত্ত বিভাগৰ লগতে প্রতিটো বিভাগতে ব্যাপক ব্যস্ততা আৰম্ভ হৈছে৷ ইয়াৰ মাজতে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২০টা বিভাগৰ বাজেট সম্পর্কত এখন বৈঠকত মিলিত হ’ব৷ সংশ্লিষ্ট বিভাগসমূহৰ সংশ্লিষ্ট মন্ত্রী–বিষয়া–আমোলাৰ উপস্থিতিত ভাগে ভাগে হ’বলগীয়া বৈঠকত বিভাগসমূহে আগন্তুক বাজেটত কি কি বিচাৰিছে, সেই সম্পর্কে মুখ্যমন্ত্রী ড০ শর্মাই পর্যালোচনা কৰিব৷ বৈঠকখনত বিত্তমন্ত্রী অজন্তা নেওগো উপস্থিত থাকিব৷ জনতা ভৱনৰ লোকসেৱা ভৱন প্রেক্ষাগৃহত প্রথমখন বৈঠক আৰম্ভ হ’ব দিনৰ ১২ বজাৰ পৰা৷ প্রথমখন বৈঠকত বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, ভৈয়াম জনজাতি পৰিক্রমা, খিলঞ্জীয়া আৰু জনজাতি বিশ্বাস আৰু সংস্কৃতি (লাইব্রেৰী আৰু মিউজিয়াম সঞ্চালকালয়) বিভাগৰ সৈতে হ’বলগীয়া বৈঠকখনত মন্ত্রী ডাঃ ৰণোজ পেগু উপস্থিত থাকিব৷ ইয়াৰ পিছতে পৰিৱেশ আৰু বন, এক্ট ইষ্ট পলিচী এফেয়ার্ছ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগক লৈ হ’বলগীয়া বৈঠকখনত মন্ত্রী চন্দ্রমোহন পাটোৱাৰী উপস্থিত থাকিব৷ তাৰ পিছতেই ন্যায়িক আৰু বিধায়িনী, সাধাৰণ প্রশাসন, সচিবালয় প্রশাসন, পঞ্চায়ত আৰু গ্রামোন্নয়ন, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্রাহক পৰিক্রমা বিভাগৰ সৈতে মুখ্যমন্ত্রী ড০ শর্মা মিলিত হ’ব৷ এই বৈঠকখনত মন্ত্রী ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকিব৷ সেই বৈঠকৰ পিছতেই মন্ত্রী অতুল বৰাৰ উপস্থিতিত কৃষি, পশুপালন আৰু পশু চিকিৎসা, সীমান্ত সুৰক্ষা আৰু উন্নয়ন, অসম চুক্তি ৰূপায়ণ বিভাগৰ সৈতে মুখ্যমন্ত্রী ড০ শর্মা বৈঠকত মিলিত হ’ব৷ অন্তিমখন বৈঠকত মন্ত্রী কেশৱ মহন্তৰ উপস্থিতিত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা, বিজ্ঞান–প্রযুক্তি আৰু বতৰ পৰিৱর্তন, তথ্য আৰু প্রযুক্তি বিভাগৰ বাজেটক লৈ মুখ্যমন্ত্রী ড০ শর্মা আলোচনাত মিলিত হ’ব৷

You might also like