১২ ফেব্রুৱাৰীত দাখিল হ’ব বাজেট
নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ ফেব্ৰুৱাৰীঃ কাইলৈৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন৷ ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াৰ ভাষণেৰে আৰম্ভ হব লগা এই অধিৱেশন ২৮ ফেব্রুৱাৰীলৈ চলিব। বাজেট অধিৱেশনত এইবাৰ ১০-১২খন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে৷ বাজেট অধিৱেশন সন্দর্ভত আজি সংবাদ মাধ্যমৰ আগত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে উল্লেখ কৰে যে বাজেট অধিৱেশন সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্রত সকলোধৰণৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ এইবাৰ বাজেটত ১০-১২খন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে৷ অৱশ্যে এতিয়ালৈ মাত্র দুখন বিধেয়কহে উত্থাপনৰ বাবে দাখিল হৈছে৷ পর্যটন আৰু শিক্ষা বিভাগৰ এই দুখন বিধেয়ক অধিৱেশনৰ প্রথম দিনাই উত্থাপন হ’ব৷ আনহাতে, ১২ ফেব্রুৱাৰীত বিত্তমন্ত্রী অজন্তা নেওগে ২০২৪-২৫ বর্ষৰ বাজেট দাখিল কৰিব৷ ১৩ আৰু ১৪ ফেব্রুৱাৰীত বাজেটৰ ওপৰত বিতর্ক হ’ব৷ আনহাতে, ৰাজ্যপালৰ ভাষণৰ ওপৰত ৬ আৰু ৭ ফেব্রুৱাৰীত বিতর্ক হ’ব৷