নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২ জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশনঃ ১৬ জুলাইত উপস্থাপন কৰা হ’ব ’২১–২২ৰ বিত্তীয় প্রতিবেদন

নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশন অহা ১২ জুলাইৰ পৰা আৰম্ভ হ’ব৷ অধিৱেশনৰ অন্ত পৰিব অহা ১৩ আগষ্টত৷ আৰম্ভণিৰ দিনটোত মৃত্যু প্রসংগ আৰু প্রশ্ণৰ পাছতে অধ্যক্ষই বিধানসভাৰ ২০২১ চনৰ বাজেট অধিৱেশনৰ বাবে কার্যসূচী স্থিৰ কৰি কার্য উপদেষ্টা সমিতিৰ প্রতিবেদন ঘোষণা কৰিব৷ ইয়াৰ পাছত অধ্যক্ষই অসম বিধানসভাৰ প্রক্রিয়া আৰু কার্য পৰিচালনা নিয়মাৱলীৰ ৯ (১) নিয়মৰ অধীনত সদন পৰিচালনাৰ বাবে মনোনীত সভাপতিসকলৰ নাম ঘোষণা কৰিব৷

সেই দিনটোতে অন্যান্য কার্যসূচীৰ লগতে চৰকাৰী বিধেয়কসমূহ উপস্থাপন আৰু ২০২১–২২ চনৰ পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজনসমূহৰ তালিকা উপস্থাপন কৰা হ’ব৷ ১৩ জুলাইত বেচৰকাৰী সদস্যৰ কার্যসূচী আৰু ১৪, ১৫ জুলাইত অধিৱেশনৰ চৰকাৰী কার্যসূচীসমূহ চলিব৷ ২০২১–২০২২ বর্ষৰ বার্ষিক বিত্তীয় প্রতিবেদন (প্রাক্কলিত বাজেট) উপস্থাপন কৰা হ’ব অহা ১৬ জুলাইত৷ অধিৱেশনৰ সময়ছোৱাত বন্ধ দিনসমূহৰ বাদে ২২ জুলাইৰ পৰা ৩ আগষ্টলৈ বিভাগীয়ভাৱে সম্পর্কিত স্থায়ী সমিতিসমূহৰ বৈঠকৰ বাবে জিৰণি থাকিব৷ ৬ আগষ্টৰ দিনা ২০২১ চনৰ অসম বিনিয়োজন (নং) বিধেয়কখনৰ উপস্থাপন, বিবেচনা আৰু পাৰিতকৰণ হ’ব৷

অধিৱেশনৰ পৰৱর্তী দিনসমূহত নির্দিষ্ট ক্রম অনুসৰি চৰকাৰী আৰু বেচৰকাৰী সদস্যৰ কার্যসূচী চলি থাকিব৷ ১২ আগষ্টৰ দিনা থাকিব অধ্যক্ষৰ উদ্যোগৰ কার্যসূচী৷ অধিৱেশনৰ অন্তিম দিন ১৩ আগষ্টত চৰকাৰী বিধেয়কসমূহ বিবেচনা, পাৰিতকৰণ আৰু অন্যান্য অসমাপ্ত চৰকাৰী কার্যসূচীৰ পাছত অধ্যক্ষই অনির্দিষ্টকালৰ বাবে স্থগিত ঘোষণা কৰাৰ লগে লগে এই বাজেট অধিৱেশনৰ অন্ত পৰিব৷

You might also like