নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশৰ কাৰখানাত অগ্নিকাণ্ড, ৫২জনৰ মৃত্যু

নিয়মীয়া বাৰ্তা ১০ জুলাইঃ বাংলাদেশৰ এক কাৰখানাত সংঘটিত শোকাৱহ অগ্ণিকাণ্ডৰ ঘটনাত ৫২গৰাকী লোকৰ মৃত্যু হোৱাৰ উপৰি অন্য ৩০গৰাকী গুৰুতৰভাৱে আহত হৈছে৷ দেশখনৰ জৰুৰী সেৱা বিভাগে সদৰী কৰিছে এই তথ্য৷ চৰকাৰী তথ্যত প্রকাশ পোৱা অনুসৰি কালি নিশা ৰাজধানী ঢ়াকাৰ সমীপৱর্তী ৰূপগঞ্জৰ হাছেম ফুড এণ্ড বেভাৰেজ ফেক্টৰীত সংঘটিত হয় এই অগ্ণিকাণ্ড৷

সংবাদ সংস্থা এ পি প্রতিবেদন অনুসৰি কাৰখানাটোত থকা ৰাসায়নিক সামগ্রী আৰু প্লাষ্টিকৰ বাবে কেইবাঘণ্টা ধৰি অগ্ণিকাণ্ড অব্যাহত থাকে৷ ইফালে, অগ্ণিনির্বাপক বাহিনীৰ এগৰাকী বিষয়ববীয়াই সংবাদ সংস্থা বিবিচিক জনোৱা অনুসৰি প্রাণ হেৰুওৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে৷ এতিয়াও কেইবাগৰাকীও কর্মী সন্ধানহীন হৈ থকা বুলি সদৰী কৰিছে বিষয়াগৰাকীয়ে৷ উল্লেখনীয় যে ৬ মহলীয়া কাৰখানাটোত ফলৰ ৰস, নুডল আৰু বিভিন্ন মিঠাই প্রস্তুত কৰা হৈছিল৷ এই বাতৰি যুগুতোৱাৰ পৰলৈ ইয়াৰ অভ্যন্তৰত শতাধিক লোক আবদ্ধ হৈ আছে৷

You might also like