বিতর্কিত ‘বুল্লী বাই’ এপৰ মাষ্টাৰমাইণ্ডক যোৰহাটত গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা , ৭ জানুৱাৰীঃ যোৱানিশা যোৰহাটৰ ডিগম্বৰ চুকত অভিযান চলাই দিল্লী আৰক্ষীয়ে নীৰজ বৈষ্ণ নামৰ এজন ২১ বছৰীয়া ছাত্রক গ্রেপ্তাৰ কৰা ঘটনাই সমগ্র জিলাখনতে তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ দেশ কঁপাই যোৱা ‘বুল্লী বাই এপছ’ ঘটনাৰ মূল নায়ক আছিল নীৰজ৷ বুল্লী বাই এপছৰ জৰিয়তে বিভিন্ন মহিলাৰ ফটো মহিলাসকলৰ অজ্ঞাতে আপলোড কৰি ভার্চুৱেল নিলাম কৰিছিল৷ ইতিমধ্যে এই ঘটনাৰ লগত জডিত থকাৰ অভিযোগত দেশৰ বিভিন্ন ৰাজ্যৰ পৰা ৪জনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ এই ঘটনাৰ লগত জডিত থকাৰ অভিযোগত মুম্বাই আৰক্ষীয়ে ১৮ বছৰীয়া শ্বেতা সিংক, উত্তৰাখণ্ডৰ পৰা ২১ বছৰীয়া মায়াংক ৰাৱলক আৰু বাংগালুৰুৰ পৰা ২১ বছৰীয়া ইঞ্জিনীয়াৰিঙৰ ছাত্র বিশাল কুমাৰ ঝাক গ্রেপ্তাৰ কৰিছিল৷ ইয়াৰ পাছতেই যোৱানিশা দিল্লী আৰক্ষীৰ এটা দলে যোৰহাটৰ ডিগম্বৰ চুকৰ বাসগৃহৰ পৰা গ্রেপ্তাৰ কৰে নীৰজ বৈষ্ণক আৰু দিল্লীলৈ লৈ যায়৷ উল্লেখ্য যে নীৰজ ভেল’ৰ ইনষ্টিটিউট অৱ টেকন’লজী, ভূপালৰ বি টেক ২য় বর্ষৰ ছাত্র আছিল৷ আনহাতে আৰক্ষী সূত্রে প্রকাশ কৰা মতে, নীৰজৰ ঘৰৰ পৰা বুল্লী বাই এপ নির্মাণ কৰা সামগ্রী জব্দ কৰিছে৷ উল্লেখ্য যে বিগত বর্ষত আৰক্ষীয়ে ‘ডিলছ’ নামৰ এনে এটা এপৰ নির্মাণ কৰা দল কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল আৰু এই বুল্লী বাই এপ একে আর্হিৰে নির্মাণ কৰা হৈছিল বুলি সন্দেহ কৰিছে৷