নিয়মীয়া বাৰ্তা ১৯ জুনঃ বছৰটোৰ প্ৰথমটো বানে প্লাৱিত কৰিছে ৰাজ্যৰ উজনি-নামনিৰ বহুবোৰ অঞ্চল। ব্যতিক্ৰম নহয় ৰাষ্ট্ৰীয় উদ্যান তথা বন্যপ্ৰাণী অভয়াৰণ্য সমূহো। ব্ৰহ্মপুত্ৰৰ জলস্তৰ ক্ৰমশঃ বৃদ্ধি পাই অহা ফলত নগাঁও জিলাৰ ৰূপহীহাটৰ সমীপৱৰ্তী বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যলৈ লাহে-লাহে সোমাবলৈ ধৰিছে বাঢ়নী পানী। বিগত ৩/৪ দিন ধৰি বুঢ়াচাপৰি ৰাজহ গাঁৱৰ সীমাতে লাগি থকা “বগানলা”ৰে অভয়াৰণ্যখনলৈ হুৰা-হুৰে সোমাইছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী। বগানলাৰে সোমাই অহা বানে অভয়াৰণ্য খনৰ খাল-ডোং, বিল-জলাশয় সমূহ পানীৰে পৰিপূৰ্ণ কৰি তুলিছে। অৱশ্যে এতিয়ালৈকে বানে প্লাৱিত কৰিব পৰা নাই অভয়াৰণ্য খনৰ মুঠ ১৮টাকৈ বন শিবিৰৰ ভিতৰত এটাও। পুনৰ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ ফলত বগানলাৰে অত্যাধিক হাৰত বাঢ়নী পানী সোমাই আহিলেহে বছৰৰ প্ৰথমটো বানে প্লাৱিত কৰি তুলিব অভয়াৰণ্য খনৰ ন ন অঞ্চল। ইফালে বন্যপ্ৰাণী সমূহৰ বাবে শংকাৰ কোনো কাৰণ নাই বুলি জনালে অভয়াৰণ্য খনত কৰ্মৰত বনৰক্ষী সকলে। কাৰণ সদ্য-উচ্ছেদিত এলেকাসমূহৰ ওপৰিও অভয়াৰণ্য খনৰ ভিতৰচ’ৰাত আছে বহুসংখ্যক ওখ স্থান অৰ্থাৎ হাইলেণ্ড। ইফালে বানৰ সময়ত অভয়াৰণ্যৰ পৰা বন্যপ্ৰাণী সমূহ সমীপৰে জনাঞ্চলত প্ৰৱেশ কৰিলে ৰাইজৰ পূৰ্ণ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হয় কৰ্তব্য পৰায়ন বনৰক্ষী সকলে। অভয়াৰণ্য খনলৈ বানপানীৰ আগমণৰ লগে-লগে এতিয়া অধিক সক্ৰিয় হৈ পৰিছে বন-বিষয়া তথা বনৰক্ষী সকল, পূৰ্বতকৈ অতি সতৰ্কতাৰে দিনে-নিশাই কৰিছে কৰ্তব্য পালন।
প্ৰেৰক জহিৰুল ইছলাম