নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত বিলাসী বাহনত জব্দ বাৰ্মিজ চুপাৰি

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰ : ৰাজ্যত বাৰ্মিজ চুপাৰি সৰবৰাহৰ বাবে অসাধু ব্যৱসায়ীয়ে দৈনিক ন ন কৌশল অৱলম্বন কৰিছে। ৰঙিয়া আৰক্ষীয়ে এক অভিযান চলাই দুখন বিলাসী বাহনত বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয় ৷ আজি পুৱতিনিশা ৰঙিয়াৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তিত আৰক্ষীয়ে দুখন বিলাসী বাহনত তালাচী চলাই ২৫ বস্তা বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয় ৷ মহিন্দ্ৰা স্কৰ্পিঅ’ আৰু জাইলো বাহনেৰে সৰবৰাহ কৰিছিল ২৫ বস্তা বাৰ্মিজ চুপাৰি৷ গাড়ী দুখন শিলচৰৰ পৰা বিজনী অভিমুখে গৈ আছিল। আৰক্ষীয়ে জব্দ কৰা বাহন দুখনৰ নম্বৰ হল AS 01 AD 0333 আৰু AS 19 D 7473। ১,২১৫ কেজি ৩০০ গ্ৰাম বাৰ্মিজ চুপাৰিখিনিৰ আনুমানিক বজাৰ মুল্য 4 লাখ টকা হব বুলি আৰক্ষীয়ে সদৰী কৰে৷ আৰক্ষীয়ে বাৰ্মিজ চুপাৰি সহ ৪ জন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে৷ আটকাধীন সৰবৰাহকেইজন হ’ল চিৰাং জিলাৰ বিজনীৰ জাকিৰ হুছেইন আৰু ফৰিদ আলম, ঢালিগাঁৱৰ নাজিৰ শ্বেখ আৰু বঙাইগাঁৱৰ মাণিকপুৰৰ নুৰুল হক ৷

প্ৰেৰক ফাৰুক হুছেইন

You might also like