নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষ্ণাইত নৈৰ পাৰত ভস্মীভূত বাইক উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰঃ গোৱালপাৰাৰ কৃষ্ণাইৰ দায়ৰঙত চাঞ্চল্যকৰ ঘটনা৷ কোনো দুৰ্বৃত্তই জ্বলাই দিলে দায়ৰং কোঠালগুৰীৰ কৃষ্ণাই নদীৰ পাৰত নম্বৰ বিহীন বাইক ৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ নৈ পাৰৰ পৰা জুইত ভস্মীভূত হোৱা বাইক খন উদ্ধাৰ কৰি থানাত লৈ যায় ৷ ঘটনাস্থলীৰ কাষত কোনো লোকে মদ খোৱা বটল, পানীৰ বটল, বুট-চানা ভাজি আৰু নৈৰ পাৰত ছোৱালীৰ চেণ্ডেল আৰু লৰাৰ জোটা পৰি থকা দেখা গৈছে ৷ ৰবৰ আঠা কাটিবলৈ যোৱা স্থানীয় লোকে, নৈৰ পাৰত জুইত পুৰি ভস্মীভূত হোৱা বাইক প্ৰত্যক্ষ কৰি কৃষ্ণাই আৰক্ষীক খবৰ দিয়ে ৷ সম্প্ৰতি আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ৷ তদন্ত পিছত প্ৰকৃত ঘটনা পোহৰলৈ আহিব কোনে কিয় কাৰ বাইক জ্বলালে ৷

প্ৰেৰক বেনজিন বড়ো

You might also like