নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাপুৰত বাছ-বাইকৰ মাজত ভয়ংকৰ পথ দুৰ্ঘটনা

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰী : মহানগৰীৰ সমীপৰ সোণাপুৰত আজি সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ সোণাপুৰ কমাৰকুছিৰ ৩৭নং ৰাষ্ট্ৰীয় পথত সংঘটিত হৈছে দুৰ্ঘটনাটো৷ চলন্ত বাছত বাইকে খুন্দা মাৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাত এজন লোক গুৰুতৰভাবে আহত হয়৷ আহত বাইক আৰোহী বাবু বাক্কাৰ ছিদ্দিকক ততাতৈয়াকৈ জিএমচিএইচলৈ প্ৰেৰণ কৰা হয় ৷ ঘটনা অনুসৰি গুৱাহাটীৰ পৰা উজনি অভিমুখী AS-09 BC- 1125 নম্বৰৰ কাৰেং নামৰ বাছ আৰু AS 21 T -7482 নম্বৰৰ মটৰচাইকেলৰ মাজত সংঘটিত হৈছে এই দুৰ্ঘটনাটো ৷ উক্ত দুৰ্ঘটনাত বাইক আৰোহী বাবু বাক্কাৰ ছিদ্দিক গুৰুতৰভাৱে আহত হোৱাৰ লগতে মুছতাকিম আলম নামৰ আনগৰাকী বাইক আৰোহী কিছু পৰিমাণে আহত হয় ৷ ঘটনাস্থলীত সোণাপুৰ যান-বাহন আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

প্ৰেৰক ৰমেশ দাস

You might also like