দিনকদিনে বাঢ়িছে ইন্ধনৰ দামঃ এইবাৰ বাঢ়িব যাত্রীভাৰা! চৰকাৰক প্রস্তাৱ পৰিবহণ সন্থাৰ
–দুর্ভোগত সর্বসাধাৰণ
নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ পাঁচ ৰাজ্য বিধানসভা নির্বাচনৰ পাছতে ইন্ধনৰ ধাৰাবাহিক দাম বৃদ্ধিৰ সমান্তৰালভাৱে যোৱা এক এপ্রিলৰ পৰা টোল প্লাজাৰ কৰ–বাহনৰ বীমাৰ বর্ধিত প্রিমিয়াম কার্যকৰী হোৱাৰ লগে লগে পৰিবহণ তথা সমগ্র পৰিবহণ ব্যৱস্থাতেই বিৰূপ প্রভাৱ পৰিছে৷ ফলত সাংঘাটিক ধৰণে দুর্ভোগ ভুগিবলগীয়া হৈছে সর্বসাধাৰণ জনতাই৷ পেট্র’ল–ডিজেল–টোল প্লাজা আদিত অতিৰিক্ত ধন আদায় দিবলগীয়া হোৱাত সামগ্রী কঢ়িওৱাৰ বাবদ ব্যৱসায়ীসকলে ট্রাক আদিক অধিক নিৰিখত ভাৰা আদায় দিবলগীয়া হৈছে৷ ইয়াৰ পৰিণতিত বজাৰত বৃদ্ধি পাইছে খাদ্যবস্তুকে ধৰি বিভিন্ন সামগ্রীৰ দাম৷
অনাগত সময়ছোৱাত বজাৰত দাম বৃদ্ধিৰ জুইকুৰা খাটিখোৱা জনসাধাৰণৰ বাবে অধিক ভয়াৱহ ৰূপ লোৱাৰ সম্ভাৱনা প্রকট৷ কিয়নো যোৱা ২২ মার্চৰ পৰা ১৬টা দিনৰ ভিতৰত ১৪ দিনতেই প্রতিলিটাৰ পেট্র’ল–ডিজেলৰ দাম ১০ টকা বৃদ্ধি পাইছে৷ অসমত এক লিটাৰ পেট্র’লৰ দামে ইতিমধ্যে ভংগ কৰিছে সর্বকালৰ অভিলেখ৷ ঢকুৱাখনাত প্রতিলিটাৰ পেট্র’লৰ দাম ইতিমধ্যে অতিক্রম কৰিছে ১১১ টকা৷ আনকি অসমৰ ভিতৰতে সামগ্রী পৰিবহণৰ ক্ষেত্রতো ডিজেলৰ দাম বৃদ্ধিয়ে জটিলতাৰ সৃষ্টি কৰিছে৷ তদুপৰি সম্ভাৱনা প্রকট হৈ পৰিছে যাত্রী ভাৰা বঢ়াৰো৷
ইতিমধ্যে সদৌ অসম মটৰ পৰিবহণ সন্থাই চৰকাৰৰ ওচৰত যাত্রীবাহী যান–বাহনৰ ভাৰা বৃদ্ধি সন্দর্ভত এক প্রস্তাৱ দাখিল কৰিছে৷ সংগঠনটোৰ সচিবপ্রধান প্রদীপ দাসে পৰিবহণ বিভাগৰ আয়ুক্তলৈ প্রেৰণ কৰা এখন পত্রত পেট্র’ল–ডিজেলৰ দাম বৃদ্ধিৰ লগতে টোল প্লাজাৰ বর্ধিত কৰ, বীমাৰ প্রিমিয়াম বঢ়োৱা, পৰিবহণ ব্যৱসায়ৰ অপৰিহার্য উপাদান টায়াৰ, বেটাৰী, লুব্রিকেণ্ট, স্পেয়াৰ পার্টছ আদিৰ লেকামহীনভাৱে দৰ বঢ়াৰ কথা উল্লেখ কৰি নতুন নিৰিখত যাত্রীৰ ভাৰা বঢ়োৱাৰ যুক্তি দাঙি ধৰিছে৷
পত্রখনত কোৱা হৈছে যে আজি দেশৰ পৰিবহণ উদ্যোগ জর্জৰিত তথা মৃতপ্রায় অৱস্থাত উপনীত৷ ৰাজ্যৰ ৰাজকোষৰ ৩৫ শতাংস কৰ–কাটল আগবঢ়োৱা ৰুগ্ন পৰিবহণ উদ্যোগটোৰ সংকট মোচনৰ উদ্দেশ্যে বলিষ্ঠ পদক্ষেপৰ তাৎক্ষণিক প্রয়োজনীয়তা আমি উপলব্ধি কৰিছোঁ৷ দেশৰ চালিকা শক্তি ইন্ধনৰ দাম বৃদ্ধিয়ে সর্বত্র দাম বৃদ্ধিত অৰিহণা যোগোৱাৰ লগতে ক’ভিডসৃষ্ট পৰিৱেশৰ লোকচানৰ পৰিপূৰক নীতিয়েও ইয়াৰ কাৰক ৰূপে পৰিগণিত হৈছে৷ কেন্দ্র–ৰাজ্য উভয় চৰকাৰে বৃদ্ধি কৰিছে কৰ–কাটল বৃদ্ধিৰ লক্ষ্য৷ যোৱা ১ এপ্রিলৰ পৰা আমাৰ বাহনসমূহক পূর্বৰ টোল প্লাজাৰ কৰৰ ওপৰত অতিৰিক্ত ১৫ শতাংশ ধন দিবলৈ বাধ্য কৰালে৷ একেটা দিনৰ পৰাই ইতিমধ্যে ১২গুণ বৃদ্ধি হোৱা যান–বাহনৰ বীমাৰ থার্ড পার্টী প্রিমিয়াম পুনৰ বঢ়াই বৃদ্ধিৰ ধাৰাবাহিকতা বাহাল ৰাখিছে৷ তদুপৰি পৰিবহণ ব্যৱসায়ৰ অপৰিহার্য উপাদান টায়াৰ, বেটাৰী, লুব্রিকেণ্ট, স্পেয়াৰ পার্টছ সকলোতে লেকামবিহীনভাৱে দাম বৃদ্ধি হৈ আছে৷ এনে প্রেক্ষাপটত মটৰ পৰিবহণ সংগঠনটোৱে যাত্রীবাহী বাহনৰ ভাৰা কমপক্ষেও ৭০ শতাংশ শীঘ্রে বৃদ্ধি কৰাৰ বাবে দাবী জনাইছে চৰকাৰক৷ যদিহে ইন্ধনৰ দাম বৃদ্ধিৰ প্রেক্ষাপটত যাত্রীবাহী বাহনৰো ভাৰা বৃদ্ধি কৰা হয়, তেন্তে সর্বসাধাৰণৰ মূৰৰ ওপৰত আন এক মাধমাৰ পৰাটো নিশ্চিত৷ অৱশ্যে সমগ্র বিষয়টোৰ ওপৰত চৰকাৰেহে সিদ্ধান্ত গ্রহণ কৰিব৷ মুঠৰ ওপৰত ৰঙালী বিহুৰ প্রাক্ক্ষণত জীৱনদায়িনী ঔষধৰ পৰা অত্যাৱশ্যকীয় খাদ্য–নিত্য ব্যৱহার্য খাদ্য–সামগ্রী, ইন্ধনৰ পৰা গৃহ নির্মাণ সামগ্রীলৈকে প্রত্যেকৰে আকাশলংঘী দাম বৃদ্ধিত এতিয়া নাভিশ্বাস কাঢ়িবলগীয়া হৈছে ৰাজ্যৰ খাটিখোৱা জনসাধাৰণে৷