নিয়মীয়া বাৰ্তা, ১৬ আগষ্টঃ মাৰ্ঘেৰিটাৰ মাকুমপথাৰ কিটি প্লাই মিলৰ সমীপস্থিত ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ আৰু মিনি ট্ৰাকৰ আজি মুখামুখি সংঘৰ্ষ সংঘটিত হয়। এ এছ ০৬ বিচি-২১৪২ নম্বৰৰ প্ৰিশা নামৰ বাছখন ডিব্ৰুগড়ৰ পৰা জাগুনলৈ গৈ আছিল। অন্যহাতে এছ ২৩ এ চি-৬৭৬৬ নম্বৰৰ মিনি ট্ৰাকখন পাৱৈ অভিমুখে গৈ আছিল। দুয়োখনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। ফলত বাছখনৰ প্ৰায় ৪০গৰাকী যাত্ৰী কম বেছি পৰিমাণে আহত হয়। এইসকলৰ ভিতৰত কেইবাগৰাকীৰ আঘাত গুৰুতৰ। ট্ৰাকখনৰ ড্ৰাইভাৰ-হেণ্ডিমেনো আঘাতপ্ৰাপ্ত।মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ তাৎক্ষণিকভাৱে নিয়া হয় আটাইকে। বাছ চালকৰ গাফিলতিত দুৰ্ঘটনাটি সংঘটিত হোৱাৰ অভিযোগ স্থানীয় প্ৰত্যক্ষদৰ্শীৰ। দুখন বাছৰ অভাৰটেকৰ বাবেই এই ঘটনা হয় বুলি স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে সংবাদ মাধ্যমত জানিবলৈ দিছে। ঘটনাস্থলীত মাৰ্ঘেৰিটা আৰক্ষী উপস্থিত হৈ বাছ আৰু ট্ৰাকখন জব্দ কৰি থানালৈ লৈ যায়। একাংশ চালকৰ গাফিলতিৰ বাবেই এনে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত প্ৰতিদিনে হৈ অহাৰ বিপৰীতে পৰিবহণ বিভাগে উদণ্ড চালকক নাকী লগোৱাত চূড়ান্ত ব্যৰ্থ হৈছে বুলি অভিযোগ উঠিছে। এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক কঠোৰ হবলৈ আহ্বান জনাইছে সচেতন ৰাইজে।
প্ৰেৰক মানস প্ৰতিম গগৈ