বিশেষ বাৰ্তা, ২৯ জানুৱাৰী : দেওবাৰে নিশা বাণিজ্যিক চহৰ তিনিচুকীয়াৰ নিউ মাৰ্কেটৰ বি ব্লকত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ড ইমানেই ভয়াৱহ আছিল যে চহৰখনৰ নিউ মাৰ্কেটৰ ২২খনকৈ সৰু-বৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত ১৫খন প্ৰতিষ্ঠান নিমিষতেই জাহ যায়। ১৫খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত তিনিটা গুদাম আৰু ১২ ব্যৱসায়িক প্ৰতিষ্ঠান আছিল ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, অগ্নিকাণ্ডস্থলীৰ পৰা মাত্ৰ আধা কিলোমিটাৰ নিলগতেই অৱস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হওঁতে খবৰ দিয়াৰ পৰা আধা ঘণ্টা সময় লাগিল ৷ প্ৰায় আধা ঘণ্টাৰ পাছত দুখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয় যদিও এখনত পানী নাই আৰু আনখনত মাত্ৰ পাঁচ মিনিটতে শেষ হয় পানী যাৰ বাবে জুইয়ে বিধ্বংসী ৰূপ ল’বলৈ বাধ্য হয়। পৰৱৰ্তী সময় তিনিচুকীয়াৰ লগতে দুলীয়াজান আৰু ডিগবৈ অইলৰ, ডিব্ৰুগড়ৰ বিমানবন্দৰৰ পৰা ১২খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে ওৰেনিশা চলোৱা অহৰহ চেষ্টাৰ ফলত জুইৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও আজি আবেলি পয্যন্ত অগ্নি সম্পূৰ্ণ নিৰ্বাপিত কৰিবলৈ সক্ষম হোৱা নাছিল ৷ বাণিজ্যিক চহৰখনৰ মাজভাগত এনেদৰে সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাই তীব্ৰ চাঞ্চল্যই সৃষ্টি কৰিছে ৷ ইফালে নিশাই ঘটনাস্থলীত তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপ্নীল পাল আৰু জিলা আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলিপে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷
প্ৰেৰক বিবেক বড়া