নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

 মুছলপুৰ অসামৰিক চিকিৎসালয়ত ডাঃ ৰবি বড়োৰ আৱক্ষ মূৰ্তি উন্মোচন

বিশেষ বাৰ্তা, ২০ মে’ : বাক্সা জিলাৰ উন্নত চিকিৎসাৰ একমাত্ৰ কেন্দ্ৰ মুছলপুৰৰ ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত আজি প্ৰয়াত চিকিৎসক ডাঃ ৰবি বড়োৰ আৱক্ষ মূৰ্তি উন্মোচন কৰা হয়৷ উল্লেখ্য যে ১৯৯৭ চনত উগ্ৰপন্থীৰ গুলীত প্ৰাণ হেৰুৱাইছিল বাক্সাৰ মুছলপুৰৰ সু-চিকিৎসক ডাঃ ৰবি বড়োৱে। জিলাখনৰ মুছলপুৰৰ বাথৌফুৰিৰ এটি কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা ৰবি বড়োই চিকিৎসা শিক্ষা শেষ কৰি নিজৰ জন্ম স্থানতে আগবঢ়াইছিল চিকিৎসা সেৱা৷ কিন্তু ১৯৯৭ চনত চিকিৎসাৰ কামত যোৱাৰ সময়তে উগ্ৰপন্থীৰ গুলীত প্ৰাণ হেৰুৱাইছিল সু-চিকিৎসক ডাঃ ৰবি বড়োই। পৰৱৰ্তী সময়ত বিটিএডি গঠন হোৱাৰ পিচত মুছলপুৰত ২০১২ চনত ডাঃ ৰবি বড়োৰ নামত এখন অসামৰিক চিকিৎসালয় স্থাপন কৰিছিল যদিও আজি প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰে সু-চিকিৎসক ডাঃ ৰবি বড়োক ছহিদ ঘোষণা কৰি তেওঁৰ স্মৃতি জীয়াই ৰখাৰ কাৰণে মুছলপুৰ ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয় চৌহদত এটি আবক্ষ মূৰ্তি স্থাপন কৰে। প্ৰতিমূৰ্তিটো উন্মোচন কৰে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু প্ৰয়াত চিকিৎসকগৰাকীৰ পত্নী জয়াৰাণী বড়োৱে। ইয়াৰ পূৰ্বে প্ৰতিমূৰ্তিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে ছহিদ ডাঃ ৰবি বড়োৰ পুত্ৰ নাছেন বডোসাই। বিটিআৰ চৰকাৰে ছহিদ ডাঃ ৰবি বড়োৰ স্মৃতি জীয়াই ৰখাৰ কাৰণে চিকিৎসালয় খনৰ আন্তঃগাঁথনিকে ধৰি সকলো দিশ পৰিচালনা কৰিব বুলি কয় মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই। উন্মোচনী অনুষ্ঠানত বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো, অতিৰিক্ত জিলা আয়ুক্ত জিতু কুমাৰ বৰ্মন, জিলা স্বাস্থ্য যুটীয়া সঞ্চালক ডাঃ মনোজ দাস, চিকিৎসালয় খনৰ অধীক্ষক ডাঃ চক্ৰধৰ বৰ্মনকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
প্ৰেৰক নিৰেণ কুমাৰ শৰ্মা
You might also like