নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্গা দেৱীৰ প্ৰতিমাত শেষ স্পৰ্শ দিয়াত ব্যস্ত ধুবুৰীৰ খনিকৰ

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰঃ আগন্তুক দুৰ্গা পূজাক লৈ এতিয়াৰে পৰা ব্যাপক তৎপৰতা আৰম্ভ হৈছে ধুবুৰীৰ বিভিন্ন পূজা কমিটিবোৰৰ। সমান্তৰালকৈ আহৰি নাই দুৰ্গা প্ৰতিমাৰ খনিকৰসকলোৰো। পহিলা বহাগৰ দিনটোৰ পৰাই ৰাতি-দিন কাতি কৰি নিৰ্মাণ কৰা মা দুৰ্গাৰ মৃন্ময় মূৰ্তিক “ফিনিশিং টাচ” দিবলৈ ব্যস্ত তেওঁলোক। বৰ্তমানে ধুবুৰীৰ প্ৰতিমা নিৰ্মাণৰ কাৰখানাবোৰত চলিছে মূৰ্তিৰ ৰং আৰু অংগ সজ্জাৰ কাম৷ অৱশ্যে বিগত কিছুদিনৰ পৰা আৰম্ভ হোৱা বৰষুণজাকক লৈ দুশ্চিন্তাত তেওঁলোক। সেমেকা বতৰৰ বাবে মৃন্ময় মূৰ্তিবোৰ ভালদৰে নুশুকালে প্ৰতিমাৰ ৰঙৰ উজ্জ্বলতা ম্লান পৰাৰ সম্ভাবনাক লৈ কিছু পৰিমাণে উৎকণ্ঠিত ধুবুৰী মৃৎশিল্পীসকল। ইয়াৰ সমান্তৰালকৈ নিৰ্মাণ সামগ্ৰীৰ উৰ্ধগামী দাম আৰু নিৰ্মাণ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ সমান্তৰালকৈ দুৰ্গা প্ৰতিমা এটাৰ মূল্য সেই অনুপাতে নবঢ়াৰ বাবে কিছু হতাশাতো স্থানীয় একাংশ খনিকৰ। উল্লেখ্য যে, প্ৰতিমা এটি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় কাঠ, বাঁহ, মাটি পোৱা যায় যদিও মূৰ্তিৰ ৰঙ আৰু অংগ সজ্জাৰ সামগ্রী আদিকে ধৰি প্ৰতিমা নিৰ্মাণৰ বাবে প্ৰয়োজনীয় আনুসংগিক কিছু সামগ্ৰী আনিব লাগে চুবুৰীয়া পশ্চিমবংগৰ কোচবিহাৰ, শিলিগুৰী অথৱা ক’লকাতাৰ পৰা৷ ইয়াতে উল্লেখনীয় যে, ধুবুৰীত আছে চাৰিটাকৈ প্ৰতিমা নিৰ্মাণৰ কাৰখানা। ধুবুৰী কলেজ ৰোডৰ এটা কাৰখানাত মৃৎশিল্পী মদন পালৰ তত্বাবধানত চলিছে নানান ভংগিমাৰ আটক-ধুনীয়া দুৰ্গা প্ৰতিমা নিৰ্মাণৰ কাম। আনহাতে একেটা অঞ্চলৰে অইন এটা কাৰখানাত মৃৎ শিল্পী অজয় পালৰ তত্বাবধানত বিভিন্ন আকাৰৰ প্ৰতিমা নিৰ্মাণ হৈ থকাৰ বিপৰীতে মৃৎ শিল্পী নাৰায়ণ পালৰ কাৰখানাত নিৰ্মিত হৈ আছে দূৰ্গা প্ৰতিমা৷ এই তিনিটা কাৰখানাৰ উপৰিও ধুবুৰীৰ এম কো ৰোডস্থিত আন এটি কাৰখানাত মৃৎশিল্পী সুধীৰাম পালৰ তত্বাৱধানত নিৰ্মিত হৈ আছে বহু কেইটা প্ৰতিমা। উল্লেখ্য যে, দূৰ্গা প্ৰতিমা নিৰ্মাণৰ সৈতে জড়িত ধুবুৰীৰ এই মৃৎশিল্পীসকলৰ পৰিয়ালকেইটাই দীৰ্ঘ বহু বছৰৰ পৰাই নিজৰ নিজৰ সুকীয়া নিৰ্মাণ শৈলীৰে ৰাইজৰ মন মোহিত কৰি আহিছে। তদুপৰি এই কাৰখানা চাৰিটাত ধুবুৰীৰ উপৰিও জিলাখনৰ গৌৰীপুৰ, গোলকগঞ্জ আদি বিভিন্ন অঞ্চলৰ বহু লোকে খনিকৰৰূপে নিয়োজিত হৈ কৰ্ম সংস্থাপনৰ পথ মোকলাবলৈ সক্ষম হৈছে। কিন্তু প্ৰতিমা নিৰ্মাণৰ এই পেচাটোৰ সৈতে থকা অনিশ্চয়তা আৰু উৎকণ্ঠাৰ বাবে ধুবুৰীৰ স্থানীয় মৃৎশিল্পীসকলৰ একাংশই নিজৰ নিজৰ পৰিয়ালৰ ন-প্ৰজন্মক তেওঁলোকৰ পেচাগত জীৱনত খোজ পেলোৱাটো নিবিচাৰে। তাৰেই প্ৰেক্ষাপটত মৃৎশিল্পৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত অসংগঠিত এই ক্ষেত্ৰখনলৈ চৰকাৰী পৃষ্ঠপোষকতাৰ প্ৰয়োজন থকা বুলিও মত প্ৰকাশ কৰা পোৱা গৈছে বহুতেই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like