নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপ-নিৰ্বাচন : বিহালীত ভবেশ কলিতাৰ বিশেষ সাংগঠনিক সভা 

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ ৰাজ্যখনত হব লগা  পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে  ইতিমধ্যে শাসক-বিৰোধীয়ে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে। সেই অনুসৰি বিহালী সমষ্টিতো ইতিমধ্যে উপ-নিৰ্বাচনৰ গৰম বতাহ বলিছে। উপ-নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিৰ  সভাপতি  ভবেশ কলিতায়ো ৰণনীতি তৈয়াৰত ব্যস্ত হৈ পৰিছে। কালি বিহালী সমষ্টিৰ  বৰগাং  বিবাহ  ভৱনত  বিশ্বনাথ  জিলা সভাপতি  দিগন্ত  ঘাটোৱাৰৰ সভাপতিত্বত বিজেপিৰ সকলো বিষয়ববীয়া আৰু কৰ্মকৰ্তাক লৈ অনুষ্ঠিত বিশেষ সাংগঠনিক সভাত  পৰবৰ্তী পৰ্যায়ত কেনে ধৰণৰ কাম কাজ কৰিব সেই সম্পৰ্কে ৰোডমেপ আৰু ৰণনীতি  নিৰ্ধাৰণ কৰাৰ উপৰি আগন্তুক উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত  আলোচনা কৰে  যদিও সাংবাদিকে সোধা বিজেপিৰ সম্ভাব্য প্ৰাৰ্থীৰ ক্ষেত্ৰত কৌশলীপূৰ্ণ মন্তব্য কৰি এতিয়ালৈকে প্ৰাৰ্থীৰ ক্ষেত্ৰত কোনোধৰণৰ আলোচনা-বিলোচনা হোৱা নাই বুলি মন্তব্য কৰিছে। আনহাতে শাসক-বিৰোধীৰ কেইবাগৰাকী প্ৰাথিত্বপ্ৰত্যাশীয়ে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰি বিহালীৰ বতাহ গৰম কৰি তুলিছে।
প্ৰেৰক ভুবন লুইটেল
You might also like