নেতাৰ হট ডায়লগত মুখৰ ৰাজ্য
অন্তিম দিনা নামনিত মুখ্যমন্ত্রীৰ হাইভল্টেজ প্রচাৰঃ প্রচাৰ চলালে সোণোৱালেও ভৱানীপুৰ–তামুলপুৰ্ পাছত মৰিয়নিত কংগ্রেছৰ হৈ প্রচাৰ লুৰিণজ্যোতি গগৈৰ
নিয়মীয়া বাৰ্তা ২৮ অক্টোবৰঃ ৰাজ্যৰ ৫ বিধানসভা সমষ্টিত অহা ৩০ অক্টোবৰত হ’বলগীয়া উপ–নির্বাচনৰ বুধবাৰে বিয়লি ৫ বজাৰ লগে লগে নির্বাচনী প্রচাৰৰ অন্ত পৰে৷ এইবাৰ দেশৰ নির্বাচন আয়োগে ক’ভিড পৰিস্থিতিৰ পৰিপ্রেক্ষিতত ভোটগ্রহণৰ ৭২ ঘণ্টা পূর্বেই নির্বাচনী প্রচাৰৰ সামৰণি মাৰিবলৈ দিয়া নির্দেশৰ পৰিপ্রেক্ষিতত বুধবাৰে প্রচাৰকার্যৰ সামৰণি পৰে৷ মন কৰিবলগীয়া যে উপ–নির্বাচনৰ পৰিপ্রেক্ষিতত প্রায় এটা মাহ ৰাজ্যখন ৰাজনৈতিক নেতাৰ হট ডায়লগত মুখৰিত হৈ পৰে৷ শাসক দল বিজেপি, মিত্রদল ইউ পি পি এল–অগপৰ সমান্তৰালভাৱে বিৰোধী কংগ্রেছ, এ আই ইউ ডি এফ, ৰাইজৰ দল, অজাপৰ নেতৃত্বই যোৱা দিনকেইটাত প্রতিপক্ষক উদ্দেশ্যি গৰম গৰম সংলাপেৰে ৰাজ্যৰ ৰাজনীতি উত্তাল কৰি তোলে৷
বুধবাৰে প্রচাৰৰ অন্তিম দিনা বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নামনি অসমৰ গোসাঁইগাঁও, ভৱানীপুৰ আৰু তামুলপুৰ সমষ্টিত হাইভল্টেজ প্রচাৰ চলায়৷ সেইদৰে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালেও আজি গোসাঁইগাঁও, ভৱানীপুৰ আৰু তামুলপুৰ সমষ্টিত বিজেপি মিত্রজোঁটৰ প্রার্থীৰ হৈ প্রচাৰকার্যত নামি পৰে৷ আনহাতে, প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই বিগত দুটা দিনৰ দৰে আজিৰ দিনটোতো ভৱানীপুৰ সমষ্টিটোত নির্বাচনী প্রচাৰকার্য অব্যাহত ৰাখে৷ নির্বাচনী প্রচাৰৰ অন্তিম দিনটোত অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কংগ্রেছ প্রার্থীৰ হৈ মৰিয়নিত প্রচাৰ চলায়৷ যোৱা ২৪ অক্টোবৰত অজাপৰ সভাপতিজনে ভৱানীপুৰ আৰু কালি তামুলপুৰত নির্বাচনী প্রচাৰ চলোৱাৰ পাছত আজি মৰিয়নিত উপস্থিত হৈ কংগ্রেছ প্রার্থীক ভোটদান কৰিবলৈ প্রচাৰ চলায়৷ আঞ্চলিক দল অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এইবাৰ উপ–নির্বাচনত কংগ্রেছ প্রার্থীৰ হৈ প্রচাৰকার্য চলোৱা ঘটনাক ক্ষুৰধাৰ সমালোচনা কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷
বিজেপিৰ ৰাজ্যিক সভাপতি কলিতাই কয় যে কংগ্রেছ দল যে অজাপৰ উপদেষ্টা আছিল, সেই বিষয়ে তেওঁ ভবা নাছিল৷ কংগ্রেছৰ হৈ প্রচাৰ চলাই লুৰিণজ্যোতি গগৈয়ে কংগ্রেছৰ ওচৰত আঁঠু ল’লে৷ সেইদৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে লুৰিণজ্যোতি গগৈক সমালোচনা কৰি কয় যে যোৱা বিধানসভা নির্বাচনত তেওঁলোকক বিজেপিৰ বি টীম বুলি কোৱা হৈছিল৷ এইবাৰ উপ–নির্বাচনত কংগ্রেছৰ বি টীম হৈছে৷ এটা আঞ্চলিক দল কেতিয়াবা বিজেপিৰ বি টীম, কেতিয়াবা কংগ্রেছৰ বি টীম হোৱাটো দুর্ভাগ্যজনক৷
ইপিনে প্রচাৰৰ অন্তিম দিনাও প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মাজত বাক্যুদ্ধ অব্যাহত আছে৷ দুয়োজন নেতাৰ মাজত ‘মন মিলা’ৰ পাছতো মিত্রতাৰ পৰিৱর্তে নির্বাচনত শত্রুৰ ভূমিকাত অৱতীর্ণ হোৱাক লৈয়ে বাক্যুদ্ধ চলি আছে৷ প্রদেশ কংগ্রেছৰ সভাপতি বৰাই কয় যে অখিল গগৈয়ে নিজেই তেওঁক সাক্ষাৎ কৰি উপ–নির্বাচনত এটা সমষ্টি বিচাৰিছিল৷ অখিল গগৈয়ে তেওঁৰ সৈতে মন মিলা বুলিও কৈছিল৷ মন মিলিলে বিবাহ, বন্ধুত্ব হয়৷ কিন্তু শত্রুতা কেনেকৈ হ’ল? অখিল গগৈৰ অস্তিত্বও নাই, অৱশিষ্টও নাই৷ ইয়াৰ উত্তৰত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ভূপেন বৰাক কটাক্ষ কৰি কয় যে ভূপেন বৰাৰ মন আৰু অংক বিজেপিৰ লগতহে মিলিছে৷ আনহাতে, আজি নির্বাচনী প্রচাৰৰ অন্তিম দিনটোত ভৱানীপুৰ সমষ্টিৰ বিজেপি প্রার্থী ফণী তালুকদাৰে নির্বাচনী সমাৱেশত বিহু নাচি প্রচাৰকার্য চলোৱাৰ বিপৰীতে মন্ত্রী ৰঞ্জিত কুমাৰ দাসে তামুলপুৰত বিজেপি মিত্রজোঁট তথা ইউ পি পি এলৰ হৈ গীত গাই প্রচাৰকার্য চলায়৷ সেইদৰে ইউ পি পি এলৰ প্রতিষ্ঠাপক সভাপতি তথা অসম চৰকাৰৰ মন্ত্রী উর্খাও গৌৰা ব্রহ্মই বি পি এফ দলক বিচিত্র চৰিত্রৰ দল বুলি অভিহিত কৰি কয় যে মান–সন্মানৰ বাবেহে বি পি এফ দলে এইবাৰ উপ–নির্বাচনত গোসাঁইগাঁও সমষ্টিত প্রার্থী দিছে৷ তামুলপুৰ সমষ্টিত প্রার্থী দিবলৈ সাহস কৰা নাই৷ ভৱানীপুৰতো প্রার্থী দিয়া নাই৷ বৰং ভৱানীপুৰত বিজেপিক সমর্থন কৰিব বুলিহে হাগ্রামা মহিলাৰীয়ে প্রকাশ কৰিছে৷ ১৭ বছৰ বিটিচি শাসন কৰা দলটোৱে নির্বাচনত প্রার্থী দিবলৈ সাহস নকৰাটো তাৎপর্যপূর্ণ৷ একেদৰে প্রচাৰৰ অন্তিম দিনা এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল গোসাঁইগাঁও সমষ্টিৰ সংখ্যালঘু ভোটাৰক একত্রিত কৰাৰ বাবেই ব্যস্ত থকা দেখা যায়৷
নির্বাচন আয়োগৰ কঠোৰ সকীয়নিঃ বুধবাৰৰ বিয়লি পাঁচ বজাৰ পাছত সকলো প্রচাৰ বন্ধৰ নির্দেশ
আজি বিয়লি পাঁচ বজাৰ লগে লগে নির্বাচনী প্রচাৰৰ অন্ত পৰাৰ পৰিপ্রেক্ষিতত নির্বাচন আয়োগে ভোটগ্রহণৰ সময়ছোৱালৈ সকলো ধৰণৰ প্রচাৰকার্য নিষিদ্ধ কৰিছে৷ ৰাজ্যৰ নির্বাচন বিভাগে এক বিজ্ঞপ্তিযোগে স্পষ্ট কৰি দিয়ে যে এই সময়ছোৱাত কোনো ব্যক্তিয়ে নির্বাচনী প্রচাৰ সম্পর্কীয় কোনো বাইক ৰেলী, সভা, শোভাযাত্রা আদি অনুষ্ঠিত কৰা বা উপস্থিত থকাৰ পৰা বিৰত থাকিব লাগিব৷ এই সময়ছোৱাত চলচ্চিত্র, টেলিভিছন আদি গণ মাধ্যমসমূহতো প্রচাৰকার্য বন্ধ ৰাখিব লাগিব৷ ইয়াৰ উপৰি ভোটাৰসকলক আকর্ষিত কৰিব পৰা কোনো মনোৰঞ্জনধর্মী অনুষ্ঠান আয়োজনৰ পৰাও এই সময়ছোৱাত বিৰত থাকিব লাগিব৷ সেইদৰে সমাগত উপ–নির্বাচন মুক্ত, নিকা আৰু সুৰক্ষিতভাৱে অনুষ্ঠিত কৰাৰ বাবে নির্বাচন আয়োগৰ নির্দেশনা অনুসৰি অসমৰ মুখ্য নির্বাচনী বিষয়াই ভোটগ্রহণৰ নিৰীক্ষণ প্রক্রিয়াত ৱেব কাষ্টিঙৰ ব্যৱস্থা সংযোগ কৰিছে৷ সেই অনুসৰি উপ–নির্বাচন হ’বলগীয়া ৰাজ্যৰ পাঁচটা সমষ্টিৰ প্রতিটো ভোটকেন্দ্রতে এই ৱেব কাষ্টিং ব্যৱস্থা কৰা হৈছে৷ এইবাৰ মুঠ ১,১৩৫টা ভোটকেন্দ্রত ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ এই ব্যৱস্থাৰ জৰিয়তে ভোটকেন্দ্রসমূহৰ ভোটগ্রহণ প্রক্রিয়া জিলা নির্বাচনী বিষয়াৰ কার্যালয়, মুখ্য নির্বাচনী বিষয়াৰ কার্যালয় আৰু নির্বাচন আয়োগৰ কার্যালয়ৰ পৰা পোনপটীয়াকৈ পর্যবেক্ষণ কৰিব পাৰিব৷ তদুপৰি প্রতিটো ভোটগ্রহণ কেন্দ্রত চি আৰ পি এফৰ জোৱানৰ এটা গোট মোতায়েন কৰিব৷
আনহাতে, বিশেষভাৱে সক্ষম লোকসকলক উপ–নির্বাচনত ভোটদানৰ ক্ষেত্রত সহায়ক হোৱাকৈ আন এটা এনড্রইডভিত্তিক ম’বাইল এপ্লিকেচন প্রস্তুত কৰিছে৷ উক্ত এপ্লিকেচনটো ব্যৱহাৰ কৰি বিশেষভাৱে সক্ষমসকলে ভোটদানৰ বাবে ভোটকেন্দ্রলৈ অহা–যোৱা কৰিবলৈ বাহনৰ বাবে অনলাইন আবেদন জনাব পাৰিব৷ ইণ্টাৰনেট সংযোগ থকা এনড্রইড ম’বাইলেৰে গুগল প্লেষ্ট’ৰৰ পৰা এপটো ডাউনলডো কৰি প্রতিটো সমষ্টিৰ বিশেষভাৱে সক্ষম ভোটাৰসকলে সেই সুবিধা গ্রহণ কৰিব পাৰিব৷ নির্দেশনা অনুসৰি এপটো খুলি ভোটাৰগৰাকীৰ নাম, ভোটাৰ আই ডি নম্বৰ, ম’বাইল নম্বৰ, নির্বাচনী জিলা, ভোটকেন্দ্র, ভোটকেন্দ্রলৈ আনিবৰ বাবে বাহন যাবলগীয়া ঠিকনা আদি উল্লেখ কৰি পৰিবহণ ব্যৱস্থাৰ বাবে অনুৰোধ পঞ্জীয়ন কৰিব লাগিব৷ এই প্রক্রিয়াৰ বাবে ভোটাৰজনে ফটো পৰিচয়–পত্রৰ আলোকচিত্র আৰু অক্ষমতাৰ প্রমাণ–পত্র, ফটো আপলোড কৰিব লাগিব৷ এটা ম’বাইলেৰেই একাধিক অনুৰোধ পঞ্জীয়ন কৰিব পাৰিব৷
মুখ্যমন্ত্রীক ক্ষুৰধাৰ সমালোচনা কংগ্রেছৰ গৰুৰ বজাৰৰ দৰে বিধায়ক কিনাৰ অভিযোগ গৌৰৱ গগৈৰ
আজি নির্বাচনী প্রচাৰৰ অন্তিম দিনা বিৰোধী দল কংগ্রেছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ক্ষুৰধাৰ সমালোচনা কৰে৷ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই আজি পুৱাৰ ভাগত ভৱানীপুৰত দেশমাতৃৰ বাবে প্রাণ আহুতি দিয়া বীৰ শ্বহীদ দিলীপ কুমাৰ দাসৰ আবক্ষ মূর্তি উন্মোচন কৰি শ্বহীদগৰাকীৰ প্রতিমূর্তিত শ্রদ্ধাঞ্জলি অর্পণ কৰে৷ ইয়াৰ পাছতে সমষ্টিটোৰ কংগ্রেছ প্রার্থী শৈলেন্দ্র কুমাৰ দাসৰ হৈ কেইবাখনো নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰে৷ নির্বাচনী প্রচাৰ সভাৰ মাজতে সংবাদ মাধ্যমক সম্বোধন কৰি সভাপতি বৰাই মুখ্যমন্ত্রী ড০ শর্মাই নির্বাচনী আচৰণবিধি ভংগ কৰি ৰাইজক প্রলোভিত আৰু প্রতাৰণা কৰি ৰাজনৈতিক ইতিহাস কলুষিত কৰাৰ অভিযোগ কৰে৷ সেইদৰে বিৰোধী দলপতি দেৱব্রত শইকীয়াই শিৱসাগৰত এখন সংবাদ মেলযোগে মুখ্যমন্ত্রী ড০ শর্মাই নির্বাচনী আচৰণবিধি ভংগ কৰা কার্যক সমালোচনা কৰে৷ আনহাতে, গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদ মেল অনুষ্ঠিত কৰি সাংসদ গৌৰৱ গগৈয়ে বজাৰত গৰু বেচা–কিনাৰ দৰে বর্তমানৰ চৰকাৰে বিধায়ক কিনা কার্যৰ সমালোচনা কৰাৰ লগতে নির্বাচনী প্রচাৰৰ নামত মুখ্যমন্ত্রীয়ে ৰাইজক প্রলোভিত কৰিবলৈ বিভিন্ন ঘোষণা কৰি ৰাজ্যৰ সাংবিধানিক আসনখনক চূড়ান্ত অপমান কৰিছে বুলি মন্তব্য কৰে৷