নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় বায়ুসেনালৈ চি-২৯৫ সামৰিক পৰিবহণ বিমান

বিশেষ বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ ভাৰতীয় বায়ুসেনাই আজি দেশৰ প্ৰথমখন চি-২৯৫ সামৰিক পৰিবহণ বিমান লাভ কৰে। আজি স্পেইনত অনুষ্ঠিত এক অনুষ্ঠানত এয়াৰ চীফ মাৰ্শ্বাল ভি আৰ চৌধুৰীয়ে ইয়াক গ্ৰহণ কৰে। সামৰিক পৰিবহণ শ্ৰেণীৰ এই বিমানখন এয়াৰবাছে নিৰ্মাণ কৰিছে। বিমানখনৰ সন্দৰ্ভত এয়াৰ চীফ মাৰ্শ্বাল বিবেক ৰাম চৌধুৰীয়ে কয় যে ইয়াৰ প্ৰৱৰ্তনে আমাৰ বাহিনীৰ যিকোনো সময়তে ফ্ৰণ্ট লাইনলৈ লৈ যোৱাৰ ক্ষমতাক প্ৰচণ্ড সাহস দিব। তেওঁ কয় যে ভাৰতীয় বায়ুসেনা অতি সোনকালে চি-২৯৫ বিমানৰ সৰ্ববৃহৎ পৰিচালক হিচাপে পৰিগণিত হ’ব। এয়াৰ চিফ মাৰ্শ্বাল ভি আৰ চৌধৰীয়ে সংবাদ সংস্থা এ এন আইৰ আগত কয়, “এয়া কেৱল ভাৰতীয় বায়ুসেনাৰ বাবেই নহয় সমগ্ৰ দেশৰ বাবেও এক ডাঙৰ মাইলৰ খুঁটি। ইয়াৰ দুটা কাৰণ আছে। প্ৰথম- ভাৰতীয় বায়ুসেনাৰ বাবে ই আমাৰ কৌশলগত এয়াৰলিফ্টৰ উন্নতি সাধন কৰিব। ই দেশৰ বাবে এক নতুন যুগৰ আৰম্ভণিৰ প্ৰতীক। দ্বিতীয়তে, আত্মনিৰ্ভৰশীল ভাৰতৰ বাবেও ই গুৰুত্বপূৰ্ণ। আচলতে স্পেইনৰ পৰা প্ৰথম ১৬খন বিমান ক্ৰয় কৰাৰ পিছত ১৭সংখ্যক বিমানখন ভাৰততে নিৰ্মাণ কৰা হ’ব। এইটোৱে হ’ব ভাৰতীয় বিমান উদ্যোগৰ প্ৰথমখন বিমান। এইটো এটা ডাঙৰ পদক্ষেপ, য’ত আমি দেশৰ প্ৰথমখন সামৰিক পৰিবহণ বিমান নিৰ্মাণ কৰিম।” ভাৰতে ২০২১ চনৰ ছেপ্টেম্বৰ মাহত স্পেইনৰ এয়াৰবাছৰ সৈতে ৫৬খন চি-২৯৫ সামৰিক বিমান ক্ৰয়ৰ বাবে অনুমোদন জনাইছিল। এয়াৰবাছ ডিফেন্সৰ সৈতে এই চুক্তি স্বাক্ষৰ কৰিছিল প্ৰতিৰক্ষা মন্ত্ৰালয়ে। ৫৬খন বিমানৰ ভিতৰত ১৬খন স্পেইনত নিৰ্মাণ হ’ব। ইয়াৰ পিছত বাকী ৪০খন বিমান ভাৰতত টাটা এডভান্সড চিষ্টেমছ লিমিটেড (টিএএছএল)ৰ উদ্যোগত দুয়োটা কোম্পানীৰ উদ্যোগিক অংশীদাৰিত্বৰ অধীনত নিৰ্মাণ আৰু একত্ৰিত কৰা হ’ব।

You might also like