ৰাজ্যৰ উন্নয়ন–সমস্যাক লৈ দেওবাৰেও নিশা দুই বজালৈকে ব্যস্ত মুখ্যমন্ত্রী
নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট: দেওবাৰৰে পৰা দুদিনীয়া কার্যসূচীৰে ডিফুত চলি থকা উপায়ুক্ত সন্মিলনৰ সময়ছোৱাত দিন–ৰাতি একাকাৰ কৰি ৰাজ্যৰ উন্নয়নৰ বাবে কাম কৰিছে কর্মনায়ক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ অসমক দেশৰ শীর্ষ পাঁচখন ৰাজ্যৰ ভিতৰত এখন হিচাপে পৰিগণিত কৰাৰ ক্ষেত্রত যি পৰিকল্পনা, পৰিশ্রম আৰু কর্মসংস্কৃতিৰ প্রয়োজন, সেয়া মুখ্যমন্ত্রীয়ে নিজেই কামৰ জৰিয়তে কৰি দেখুৱালে৷ এই দুটা দিনত মুখ্যমন্ত্রী ড০ শর্মাই কথাৰে নহয়, কামেৰে কর্মসংস্কৃতিৰ পৰিচয় দিয়া বুলি উল্লেখ কৰি কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে সংবাদ মাধ্যমৰ আগত কয় যে কালি হেলিকপ্টাৰযোগে ডিফুত উপস্থিত হৈ মুখ্যমন্ত্রী ড০ শর্মাই উপায়ুক্ত সন্মিলন সম্পর্কত প্রায় ২০ মিনিট সময় শীর্ষ বিষয়াসকলৰ সৈতে এক চমু পর্যালোচনা বৈঠকত মিলিত হয়৷ তাৰ পাছতে কর্মনায়ক মুখ্যমন্ত্রীয়ে উদ্যোগ বিভাগৰ কার্যালয় ভৱন এটা শুভ উদ্বোধন কৰি পোনে পোনে উপায়ুক্ত সন্মিলনত অংশগ্রহণ কৰে৷ বিয়লি ৪.৩০ বজাত তেওঁ দুপৰীয়াৰ আহাৰ গ্রহণ কৰে৷ দুপৰীয়াৰ আহাৰ গ্রহণৰ বাবে ৪০ মিনিট সময় অতিবাহিত কৰি পুনৰ বিয়লি ৫.৪৫ বজাৰ পৰা উপায়ুক্ত সন্মিলনৰ পৰৱর্তী বৈঠকত ভাগ লয়৷ নিশা ১১.৪৫ বজাত উপায়ুক্ত সন্মিলনৰ প্রথম দিনাৰ কার্যসূচী সামৰণি পৰে৷ তাৰ পাছত মুখ্যমন্ত্রী ড০ শর্মাই নিশা ২ বজালৈ কার্বি আংলং জিলাৰ বিভিন্ন সমস্যা আৰু উন্নয়ন সম্পর্কত আন এখন বৈঠকত মিলিত হয়৷ সেই বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড০ শর্মাই নিশাৰ আহাৰ গ্রহণ কৰি ৩ বজাত শুবলৈ যায়৷
মাত্র চাৰে তিনি ঘণ্টা শুয়েই সোমবাৰে পুৱা ৬.৩০ বজাতে মুখ্যমন্ত্রী ড০ শর্মাই শোৱাপাটী এৰে৷ পুৱা ৭ বজাত স্নান কৰি পুৱাৰ আহাৰ গ্রহণ কৰে আৰু ৮ বজাত নতুন আৱর্ত ভৱনটো উদ্বোধন কৰে৷ তাৰ পাছতেই পুৱা ৯ বজাত দ্বিতীয় দিনাৰ উপায়ুক্ত সন্মিলনৰ কার্যসূচীত মুখ্যমন্ত্রীয়ে অংশগ্রহণ কৰে৷
উল্লেখ্য যে পূর্বৰ কার্যসূচী অনুসৰি সোমবাৰে দিনৰ ১০ বজাৰ পৰা উপায়ুক্ত সন্মিলন আৰম্ভ হোৱাৰ কথা আছিল৷ কিন্তু সন্মিলনত অংশগ্রহণ কৰিবলগীয়া উপায়ুক্ত, চৰকাৰী আমোলা–বিষয়াসকল সেই স্থানতে উপস্থিত থকা হেতু এঘণ্টা পূর্বেই মুখ্যমন্ত্রী ড০ শর্মাই সভাস্থলীত উপস্থিত হৈ কার্যসূচী আৰম্ভ কৰে৷
ইপিনে এই উপায়ুক্ত সন্মিলনখনে অসমৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰিব বুলি আশা ব্যক্ত কৰিছে জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই৷ মন্ত্রী হাজৰিকাই এই সম্পর্কত সংবাদ মাধ্যমৰ আগত কয় যে পূর্বতে গুৱাহাটীত উপায়ুক্ত–আৰক্ষী অধীক্ষক সন্মিলন অনুষ্ঠিত কৰা হৈছিল যদিও সেই সন্মিলনলৈ মন্ত্রীসকলক মতা হোৱা নাছিল৷ এইবাৰ প্রতিগৰাকী মন্ত্রীকে সন্মিলনলৈ আমন্ত্রণ কৰা হৈছে৷ যাতে নিজ নিজ বিভাগৰ ওপৰত হোৱা আলোচনাত তেওঁলোকে অংশগ্রহণ কৰিব পাৰে৷
তদুপৰি উপায়ুক্তকে ধৰি চৰকাৰী বিষয়াসকল বিভিন্ন অঞ্চললৈ নাহিলে স্বাভাৱিকতে সেই অঞ্চলৰ উন্নয়নৰ গতিত যতি আহি পৰে৷ তাৰ বাবে বর্তমান চৰকাৰে ৰাজ্যখনৰ বিভিন্ন স্থানত এনেধৰণৰ বৈঠকৰ আয়োজন কৰা হৈছে৷ ইয়াৰ ফলত চৰকাৰী বিষয়াসকল সকলো স্থানৰ বিষয়ে অৱগত হ’ব আৰু উন্নয়নৰ গতিও ত্বৰান্বিত হ’ব৷ সেইদৰে ডিফুৰ সাংসদ হৰেনছিং বে’ই কয় যে মুখ্যমন্ত্রী ড০ শর্মাই অসমখন আগুৱাই নিয়াৰ লগতে দেশৰ পাঁচখন শ্রেষ্ঠ ৰাজ্যৰ ভিতৰত অসমক প্রতিষ্ঠিত কৰাৰ বাবে উপায়ুক্ত সন্মিলনত এক আদর্শ দেখুৱাইছে৷ এক কথাত ক’বলৈ গ’লে অসমক আগুৱাই নিয়াৰ লগতে দেশৰ পাঁচখন শ্রেষ্ঠ ৰাজ্যৰ ভিতৰত অসমক প্রতিষ্ঠা কৰাৰ এয়া এক অংশ বুলিব পাৰি৷