নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলী–শিৱসাগৰৰ মনোনয়নত অনুমোদন কেবিনেটৰ

🔹 চৰাইদেউৰ পিছত বিশ্ব ঐতিহ্যক্ষেত্র

বিশেষ বাৰ্তা, ১০ মার্চ : আহোম ৰাজত্বৰ সাক্ষী চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্রৰ মর্যাদা লাভ কৰাৰ পিছত আন এক গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ এইবাৰ শিৱসাগৰ আৰু মাজুলীক ইউনেস্ক’ৰ অনুমোদন লাভৰ ক্ষেত্রত ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ দিছপুৰত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রী ড০ শর্মাই এই সন্দর্ভত কয় যে মাজুলী আৰু শিৱসাগৰক অগ্রাধিকাৰৰ ভিত্তিত বিশ্ব ঐতিহ্য ক্ষেত্রলৈ নিয়াৰ বাবে আমি যাৱতীয় ব্যৱস্থা গ্রহণৰ সিদ্ধান্ত লৈছোঁ৷ এতিয়া দুটা শিতানত মাজুলী আৰু শিৱসাগৰক আমাৰ তৰফৰ পৰা মনোনয়ন দিয়া হ’ব৷ এইক্ষেত্রত যাৱতীয় টেকনিকেল টীম আৰু অধ্যয়নৰ ব্যয়ৰ দায়িত্ব গ্রহণ কৰিব ৰাজ্য চৰকাৰে৷

You might also like