নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাঁও পঞ্চায়তৰ নির্বাচন অৰাজনৈতিক কৰাৰ সিদ্ধান্ত কেবিনেটৰ

🔴৫ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ সিদ্ধান্ত

🔴বিদ্যুৎ মাচুল নহয় বৃদ্ধি

🔴১৭ ছেপ্টেম্বৰত গঠন হ’ব বিশ্বনাথ জিলা, তামুলপুৰ জিলা

বিশেষ বাৰ্তা, ৮ ছেপ্টেম্বৰঃ পঞ্চায়তীৰাজ আইন সংশোধনৰ লগতে ৭৯খন উপ–জিলা গঠন, আফস্পা প্রত্যাহাৰৰ বাবে কেন্দ্রীয় চৰকাৰৰ ওচৰত আবেদন, ৫ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণকে ধৰি আজি ৰাজ্যিক কেবিনেটে গ্রহণ কৰিলে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত৷ কইনাধৰাস্থিত ১নং ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত কেবিনেটে পঞ্চায়তীৰাজ আইন সংশোধনৰ বাবে সিদ্ধান্ত গ্রহণ কৰে৷ সেই অনুসৰি অহা ১১ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ অধিৱেশনত আইনখন সংশোধনৰ বিধেয়ক উত্থাপন কৰা হ’ব৷ কেবিনেটৰ অন্তত গ্রহণ কৰা সিদ্ধান্তৰ কথা সদৰী কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে পঞ্চায়তীৰাজ আইন সংশোধনৰ জৰিয়তে এতিয়াৰে পৰা গাঁও পঞ্চায়তৰ নির্বাচন সম্পূর্ণৰূপে অৰাজনৈতিক হ’ব৷ অর্থাৎ ৰাজনৈতিক দলৰ কোনো প্রতীক এই নির্বাচনত ব্যৱহাৰ নহ’ব৷ অৱশ্যে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ নির্বাচনত ৰাজনৈতিক দলৰ অংশগ্রহণ থাকিব৷ কেবিনেটে আজি জিলা পৰিষদৰ সদস্যক দলবিৰোধী আইনত সাঙুৰি লোৱাৰ সিদ্ধান্ত লয়৷ এই অনুসৰি ৫০ শতাংশতকৈ অধিক সদস্যই একেলগে দল ত্যাগ কৰিলে দলবিৰোধী আইনত নপৰিব৷ অন্যথা ৫০ শতাংশতকৈ কম সদস্যই দল ত্যাগ কৰি অন্য দলত যোগ দিলে দলবিৰোধী আইনৰ আওতালৈ আহিব৷ একেদৰে প্রথম আঢ়ৈ বছৰৰ বাবে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সভাপতি, উপ–সভাপতিসকলৰ বিৰুদ্ধে অনাস্থা আনিব নোৱাৰিব৷ কেবিনেটে আজি জিলা পৰিষদৰ হিচাপ পৰীক্ষাৰ দায়িত্ব ভাৰতৰ মহানিয়ন্ত্রক আৰু হিচাপ পৰীক্ষক (কেগ)ৰ ওপৰত অর্পণ কৰে৷ কেবিনেটে আজি ৰাজ্যৰ পাঁচখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ সিদ্ধান্ত গ্রহণ কৰে৷ এই মহাবিদ্যালয়কেইখন হ’ল– নর্থ লখিমপুৰ কলেজ, যোৰহাটৰ জে বি কলেজ, শিলচৰৰ গুৰুচৰণ কলেজ, কোকৰাঝাৰ কলেজ আৰু বঙাইগাঁও কলেজ৷ কোকৰাঝাৰ কলেজ উন্নীতকৰণৰ প্রস্তাৱৰ বাহিৰে আন কলেজসমূহক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ বিধেয়ক আগন্তুক বিধানসভাত উত্থাপন কৰা হ’ব আৰু কোকৰাঝাৰত অনুষ্ঠিত হ’বলগীয়া শীতকালীন বিধানসভা অধিৱেশনত কোকৰাঝাৰ কলেজক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ বিধেয়ক উত্থাপন কৰা হ’ব৷ আজি কেবিনেটে অসমৰ পৰা আফস্পা প্রত্যাহাৰৰ বাবে কেন্দ্রক অনুৰোধ জনোৱাৰ সিদ্ধান্ত লয়৷ কেবিনেটে আজি ৭৯টা মহকুমা অথবা উপ–জিলা গঠনৰ সিদ্ধান্ত গ্রহণ কৰে৷ প্রতিটো সমষ্টিতে মহকুমা অথবা উপ–জিলাৰ সদৰ স্থাপন হ’ব৷ ৰাজ্যিক কেবিনেটে আজি অহা ১৭ ছেপ্ঢেম্বৰত বিশ্বনাথ জিলা আৰু তামুলপুৰ জিলা আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ সিদ্ধান্ত লয়৷ আনুষ্ঠানিকভাৱে আৰম্ভ হ’বলগীয়া বিশ্বনাথ জিলা গঠন অনুষ্ঠানত মন্ত্রী পীয়ূষ হাজৰিকা আৰু তামুলপুৰ জিলা গঠন অনুষ্ঠানত মন্ত্রী ইউ জি ব্রহ্ম উপস্থিত থাকিব৷ আনহাতে, বজালী জিলা গঠনৰ ক্ষেত্রত সৃষ্টি হোৱা বিতর্কৰ বাবে বৰপেটা সত্রৰ পৃষ্ঠপোষকতাত বিষয়টো সমাধানৰ চেষ্টা চলোৱা হৈছে৷ সেয়েহে বজালী জিলা আনুষ্ঠানিকভাৱে গঠনৰ বাবে চৰকাৰে ৩০ দিন সময় অপেক্ষা কৰিব৷ ইফালে, কেবিনেটে ৰাজ্যত হোৱা অভাৱনীয় লোডশ্বেডিঙৰ বিষয়টো গভীৰভাৱে আলোচনা কৰি লোডশ্বেডিঙৰ মোকাবিলা কৰিবলৈ বিদ্যুৎ মাচুল বৃদ্ধি নকৰাৰ সিদ্ধান্ত লয়৷ মুখ্যমন্ত্রী ড০ শর্মাই এই সন্দর্ভত প্রকাশ কৰে যে লোডশ্বেডিঙৰ বিষয়টো সন্দর্ভত কাইলৈ নতুন দিল্লীত কেন্দ্রীয় শক্তিমন্ত্রীক সাক্ষাৎ কৰি কিদৰে লোডশ্বেডিঙৰ সমস্যা হ্রাস কৰিব পাৰি, সেই সন্দর্ভত আলোচনা কৰিব৷ মুখ্যমন্ত্রীগৰাকীয়ে অহা ১ অক্টোবৰলৈ কিছু পৰিমাণে লোডশ্বেডিং চলি থাকিব বুলিও আজি উল্লেখ কৰে৷

You might also like