নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাতৃভাষা মাধ্যমবিৰোধী কেবিনেট সিদ্ধান্ত বাতিলৰ দাবীত মৰিগাঁৱত প্ৰতিবাদ আছুৰ

বাৰ্তা বুৰো, ২৭ জানুৱাৰী : আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অসম চৰকাৰৰ মাতৃভাষা মাধ্যমবিৰোধী কেবিনেট সিদ্ধান্ত বাতিলৰ দাবীত সমগ্ৰ মৰিগাঁও জিলাৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই চাইকেল ৰেলী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অসমত অসমীয়া মাধ্যম, বড়ো মাধ্যম, মাতৃভাষা মাধ্যমকে ধৰি মাতৃভাষা মাধ্যম নিঃশেষ কৰিবলৈ অসম চৰকাৰে গ্ৰহণ কৰি অহা আঁকোৰগোজ স্থিতিৰ তীব্ৰ প্ৰতিবাদ জনাই কেবিনেট সিন্ধান্ত বাতিলৰ দাবীত আজি মৰিগাঁও সদৰ ছাত্ৰ সন্থাকে ধৰি চৰাইবাহী, ভূৰবান্ধা, জালুগুটি, মনহা জাগীভকতগাঁও গেৰুৱা আদিকে ধৰি বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাই চাইকেল ৰেলী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ সভাপতি ঘনেন্দ্ৰ বৰা, সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি বৰ্মনৰ নেতৃত্বত মৰিগাঁও জিলা গান্ধী ভৱন প্ৰাংগণৰ পৰা ৰূপায়ণ কৰা চাইকেল ৰেলী কাৰ্যসূচীত দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ মাতৃভাষা মাধ্যমবিৰোধী কেবিনেট সিন্ধান্ত বাতিল কৰক, বিদ্যালয়সমূহত মাতৃভাষা মাধ্যম নিঃশেষ কৰিবলৈ লোৱা ষড়যন্ত্ৰ বন্ধ কৰক, অসম চৰকাৰ হায় হায়, অসমত অসমীয়া ভাষা সুৰক্ষিত হ’ব লাগিবই আদি শ্লোগানেৰে মৰিগাঁৱৰ আকাশ-বতাহ উত্তাল কৰি তোলে । সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধিয়ে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয়- অসম চৰকাৰে প্ৰথমে তৃতীয় শ্ৰেণীৰ পৰা আৰু এতিয়া ষষ্ঠ শ্ৰেণীৰ পৰা অসমীয়া মাধ্যম বড়ো মাধ্যম আৰু মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানত গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পাঠদান কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্তই মাতৃভাষা মাধ্যমক ধ্বংসৰ মুখলৈ ঠেলি দিবলৈ বিচাৰিছে ৷ যিখন অসমত অসমীয়া ভাষা সুৰক্ষিত কৰিবলৈ গৈ বহুকেইজন অসমী আইৰ সন্তান শ্বহীদ হৈছে, তেনেস্থলত অসম চৰকাৰ শিক্ষা বিভাগৰ এনে হঠকাৰী সিদ্ধান্ত কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে, এয়া নতুন শিক্ষা নীতিৰো পৰিপন্থী ৷ কথাই কথাই খিলঞ্জীয়া মানুহৰ কথা কোৱা এইখন চৰকাৰৰ দিনতে অসমতে অসমীয়া ভাষালৈ সংকট নামি অহাটো অতিশয় দুৰ্ভাগ্যজনক। অন্যহাতে, জালুগুটি আঞ্চলিক ছাত্ৰ সন্থাৰ চাইকেল ৰেলী কাৰ্যসূচীত উপস্থিত থাকি জিলা আছুৰ সভাপতি দিপুল কুমাৰ নাথে অসম চৰকাৰলৈ স্পষ্ট বাৰ্তা প্ৰেৰণ কৰি কয়- অসমত অসমীয়া ভাষা, অসমীয়া মাধ্যম, বড়ো ভাষা, বড়ো মাধ্যম আৰু অসমৰ বিভিন্ন জনজাতীয়-জনগোষ্ঠীয় ভাষা মাধ্যমৰ বিকাশৰ বিশেষ পটভূমি অসম চৰকাৰে এৰাই চলাটো দুৰ্ভাগ্যজনক ৷ মাতৃভাষা সুৰক্ষিত হ’বই লাগিব, মাতৃভাষা ধ্বংসকাৰী কেবিনেট সিদ্ধান্ত অসম চৰকাৰে প্ৰত্যাহাৰ নকৰালৈকে ছাত্ৰ সন্থা ক্ষান্ত নহয় । অসম চৰকাৰে এই হঠকাৰী কেবিনেট সিদ্ধান্ত বাতিল নকৰালৈকে ছাত্ৰ সন্থাৰ আন্দোলনৰ কাৰ্যসূচী চলি থাকিব ৷ আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দিব্যজ্যোতি চৌধুৰী উপস্থিত থাকে ৷

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like