নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বসুন্ধৰা ৩.০ক লৈ কেবিনেটৰ সিদ্ধান্ত

🔹 আবেদনৰ অন্তিম দিন ১৫ ফেব্রুৱাৰীলৈ বৃদ্ধি

🔹 ‘আপোন ঘৰ’ আঁচনিৰ ঋণ চৰকাৰী কর্মচাৰীলৈ ১৫ লাখৰ পৰিৱর্তে ৩০ লাখ

বিশেষ বাৰ্তা, ১ ফেব্ৰুৱাৰী : মিছন বসুন্ধৰা ৩.০, মুখ্যমন্ত্রীৰ উদ্যমিতা আঁচনি, আপোন ঘৰ আঁচনিক লৈ কালি ৰাজ্যিক কেবিনেটে গ্রহণ কৰিলে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত৷ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ কথা বিস্তৃতভাৱে সদৰী কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে ৰাজ্যিক কেবিনেটে মিছন বসুন্ধৰা ৩.০ত আবেদন কৰাৰ বাবে অন্তিম সময়সীমা ১৫ ফেব্রুৱাৰীলৈ বৃদ্ধি কৰে৷ আনহাতে, মিছন বসুন্ধৰাৰ অধীনত তিনিটা প্রজন্মৰ প্রমাণপত্রৰ ক্ষেত্রতো কেবিনেটে গ্রহণ কৰিলে এক গুৰুত্বপূর্ণ সিদ্ধান্ত৷ সেই অনুসৰি এতিয়াৰে পৰা কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া আৰু আহোম সম্প্রদায়ৰ লোকে ভূমিৰ ক্ষেত্রত এই প্রমাণ-পত্র আবেদনৰ লগত দিয়াৰ প্রয়োজন নাই৷ ইতিপূর্বে কেবিনেটে অনুসূচিত জাতি, জনজাতি, গোর্খা সম্প্রদায় আৰু চাহ জনগোষ্ঠীয় সম্প্রদায়ৰ বাবে তিনিটা প্রজন্মৰ প্রমাণ-পত্রৰ প্রয়োজন নাই বুলি সিদ্ধান্ত গ্রহণ কৰিছিল৷ কালিৰ কেবিনেটে ষ্টার্টআপৰ বাবে এক সুকীয়া বিভাগ গঠনৰ সিদ্ধান্ত গ্রহণ কৰে৷ ডিপার্টমেণ্ট অৱ ইন’ভেচন অৱ ষ্টার্টআপ হ’ব বিভাগটোৰ নাম৷ মুখ্যমন্ত্রীয়ে প্রকাশ কৰা অনুসৰি, এই বিভাগটো গঠনৰ সমান্তৰালকৈ অহা বর্ষৰ বাজেটত বিভাগটোৰ বাবে এশ কোটি টকা ধার্য কৰিবলৈ বিত্ত বিভাগক নির্দেশ দিয়া হয়৷ কেবিনেটে তিনিচুকীয়া জিলাৰ তিনিখন প্রস্তাৱিত ৰিজার্ভ ফৰেষ্টক ৰাজহ গাঁৱলৈ পৰিৱর্তনৰ সিদ্ধান্ত লয়৷ তিনিচুকীয়াৰ তাল পথাৰ, মোহন পথাৰ আৰু দুৱাৰমৰা গাঁও এতিয়াৰে পৰা ৰাজহ গাঁও হিচাপে পৰিগণিত হ’ব৷ এই অঞ্চলত বসবাস কৰা লোকসকলে ইয়াৰ জৰিয়তে লাভ কৰিব ভূমিৰ পট্টা৷ কেবিনেটে কালি আপোন ঘৰ আঁচনিৰ অধীনত চৰকাৰী কর্মচাৰীক প্রদান কৰি অহা ঋণৰ পৰিমাণ ১৫ লাখৰ পৰা ৩০ লাখলৈ বৃদ্ধি কৰে৷ পূর্বে এই আঁচনিৰ অধীনত ৩৭,২৭৭গৰাকী কর্মচাৰীয়ে ১৫ লাখকৈ ঋণ লাভ কৰিছে৷ এইসকল কর্মচাৰীয়েও কালি কেবিনেটৰ সিদ্ধান্তৰ পিছত পুনৰ আন ১৫ লাখ টকাৰ ঋণ লাভৰ সুযোগ পাব৷ কেবিনেটে ৩৯খন সম–জিলাত আৰক্ষী অধীক্ষকৰ বাবে ৩৯টা পথ সৃষ্টিত অনুমোদন জনায়৷ সেই অনুসৰি ৩৯খন সম–জিলাত অতিৰিক্ত আৰক্ষী অধীক্ষক পর্যায়ৰ বিষয়াক সম–জিলাৰ অধীক্ষক ৰূপে নিযুক্তি দিয়া হ’ব৷ আৰক্ষী অধীক্ষক পর্যায়ৰ কামসমূহ সম–জিলা আৰক্ষী অধীক্ষকৰ কার্যালয়ত সম্পন্ন হ’ব৷ তদুপৰি থানাসমূহৰ ওপৰত নিয়ন্ত্রণ থাকিব আৰক্ষী অধীক্ষকগৰাকীৰ৷ কেবিনেটে মুখ্যমন্ত্রীৰ উদ্যমিতা নগৰীকৰণ আঁচনিৰ জৰিয়তে চহৰাঞ্চলৰ দুই লাখ মহিলাক ১০ হাজাৰ টকাকৈ ঋণ দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷ মুখ্যমন্ত্রীৰ অধ্যক্ষতাত বহা কেবিনেটে কালি ৰাজ্যৰ ২৫ হাজাৰ ধর্মীয় উপাসনাস্থলীত তিনি লাখ টকাকৈ দিয়াৰ পূর্বৰ সিদ্ধান্ত অনুসৰি ৬০০ কোটি টকা আবণ্টনত অনুমোদন জনায়৷ সদ্য ডিব্রুগড়ত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে নামঘৰ আৰু মন্দিৰসমূহত ২৫ হাজাৰ টকাকৈ পুঁজি আবণ্টনৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ সেই অনুসৰিয়েই কালি কেবিনেটে ৬০০ কোটি টকাৰ পুঁজিত আবণ্টন জনায়৷ কেবিনেটে ১৯খন জিলাৰ চাহ বাগিচা অঞ্চলত ২১৯টা গ্রাম্য পথ উন্নত কৰাৰ বাবে ২৩৪ কোটি টকাৰ অনুমোদন জনায়৷ কেবিনেটে ঔদ্যোগিক আৰু বিনিয়োগ অনুকুল ৰাজ্য হিচাপে অসমৰ সর্বাংগীণ বিকাশ নিশ্চিত কৰাৰ লক্ষ্যৰে কেইবাটাও নীতিত অনুমোদন জনায়৷ এই নীতিসমূহ হৈছে– আছাম ষ্টার্টআপ এণ্ড ইন’ভেচন পলিচী ২০২৫, আছাম এৰ’স্পেছ এণ্ড ডিফেঞ্চ মেনুফেচাৰিং পলিচী ২০২৫ আৰু আছাম একচন প্লেন অন বায়’ইত পলিচী৷

You might also like