নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেবিনেটৰ সিদ্ধান্ত : গহপুৰৰ কনকলতা বিশ্ববিঃ-বিটিচিলৈ ৪০০ কোটি টকা মুকলি

🔹 ২২ ফেব্রুৱাৰীত অযোধ্যালৈ যাব ড০ শর্মা মন্ত্রীসভা

🔹 পৰীক্ষাত নীতিবহির্ভূত কার্যকলাপ ৰোধৰ বাবে বিধেয়কত অনুমোদন

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ জানুৱাৰী : প্রাদেশীকৃত মহাবিদ্যালয়ত সহকাৰী অধ্যাপকৰ পদোন্নতি, শ্বহীদ কনকলতা বিশ্ববিদ্যালয় স্থাপনত অনুমোদন, বিটিআৰলৈ ৪০০ কোটি টকাৰ অর্থসাহায্যকে ধৰি কালি ৰাজ্যিক কেবিনেটে গ্রহণ কৰে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত দিছপুৰত অনুষ্ঠিত কেবিনেট বৈঠকে ৰাজ্যৰ প্রাদেশীকৃত মহাবিদ্যালয়সমূহৰ মুঠ ১,৭০৫গৰাকী সহকাৰী অধ্যাপকৰ পদোন্নতিত অনুমোদন জনায়৷ কেবিনেটৰ সিদ্ধান্ত সন্দর্ভত সবিশেষ প্রকাশ কৰি মন্ত্রী জয়ন্ত মল্ল বৰুৱাই এখন সংবাদ মেলত কয় যে এই অনুমোদন অনুসৰি প্রথম পর্যায়ৰ পৰা দ্বিতীয় পর্যায়লৈ ৭৫৭গৰাকী, দ্বিতীয় পর্যায়ৰ পৰা তৃতীয় পর্যায়লৈ ৪৬৯গৰাকী আৰু তৃতীয় পর্যায়ৰ পৰা চতুর্থ পর্যায়লৈ ৪৭৯গৰাকী সহকাৰী অধ্যাপকক চলিত বর্ষৰ ১ এপ্রিলৰ পৰা কার্যকৰী হোৱাকৈ পদোন্নতি দিয়া হ’ব৷ কেবিনেটে ৰাম মন্দিৰ দর্শনৰ বাবে অহা ২২ ফেব্রুৱাৰীত সকলো কেবিনেট মন্ত্রী অযোধ্যালৈ যোৱাৰ সিদ্ধান্ত গ্রহণ কৰে৷ কেবিনেটে আগন্তুক গণৰাজ্য দিৱসত কোন মন্ত্রীয়ে ক’ত ৰাষ্ট্রীয় পতাকা উত্তোলন কৰিব, তাৰ সিদ্ধান্ত গ্রহণ কৰে৷ সেই অনুসৰি মন্ত্রী ৰঞ্জিত কুমাৰ দাসে ডিব্রুগড়ত, অতুল বৰাই যোৰহাটত, ইউ জি ব্রহ্মই তেজপুৰত, চন্দ্রমোহন পাটোৱাৰীয়ে ধুবুৰীত, পৰিমল শুক্লবৈদ্যই শিলচৰত, কেশৱ মহন্তই কামৰূপত, ৰণোজ পেগুৱে তিনিচুকীয়াত, অশোক সিংহলে বঙাইগাঁৱত, যোগেন মহনে ধেমাজিত, সঞ্জয় কিষাণে শিৱসাগৰত, অজন্তা নেওগে মঙলদৈত, পীয়ূষ হাজৰিকাই মৰিগাঁৱত, বিমল বৰাই মাজুলীত, জয়ন্ত মল্ল বৰুৱাই গোলাঘাটত, নন্দিতা গার্লোছাই গোৱালপাৰাত, বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে কোকৰাঝাৰত, উপ–মুখ্য কার্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে ওদালগুৰিত, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে ডিফুত, বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনে হামৰেণত আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেবলাল গার্লোছাই হাফলঙত ৰাষ্ট্রীয় পতাকা উত্তোলন কৰিব৷ কেবিনেটে কালি গহপুৰত নতুন ৰাজ্যিক বিশ্ববিদ্যালয় ‘শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়’ স্থাপনত অনুমোদন জনায়৷ অহা বিধানসভা অধিৱেশনত এই সন্দর্ভত উত্থাপন কৰা হ’ব বিধেয়ক৷ আনহাতে, কেবিনেটে গোলাঘাট জিলাত গাঁৱৰ চৰণীয়া পথাৰ, সংৰক্ষিত বনাঞ্চল, পেছাদাৰী চৰণীয়া পথাৰ সংৰক্ষিত বনাঞ্চলৰ ভূমি মুক্ত কৰাৰ লগতে সমতুল্য পৰিমাণৰ ভূমি গাঁৱৰ চৰণীয়া পথাৰ সংৰক্ষিত বনাঞ্চল, পেছাদাৰী চৰণীয়া পথাৰ সংৰক্ষিত বনাঞ্চল হিচাপে সংৰক্ষণ কৰাৰ সিদ্ধান্ত লয়৷ কেবিনেটে সাতটা ভূমিহীন খিলঞ্জীয়া পৰিয়ালক সংৰক্ষণমুক্ত গাঁৱৰ চৰণীয়া পথাৰ সংৰক্ষিত প্রস্তাৱিত ভিজিআৰ–পিজিআৰ ভূমিত বসতি প্রদানৰ অনুমোদন জনায়৷ কেবিনেটে মিছন বসুন্ধৰা ০.২ৰ অধীনত শোণিতপুৰ, তিনিচুকীয়া, ধেমাজি, নগাঁও, বিশ্বনাথ, কামৰূপ (মহানগৰ), কামৰূপ, বঙাইগাঁও, গোৱালপাৰা আৰু ধুবুৰী জিলাত ভূমিহীন খিলঞ্জীয়া পৰিয়ালৰ বসতি স্থাপনত অনুমোদন জনায়৷ এই ১০খন জিলাৰ ৪১৮টা ভূমিহীন খিলঞ্জীয়া পৰিয়ালৰ বাবে ভূমি নিষ্পত্তিৰো অনুমোদন দিয়ে কেবিনেটে৷ মিছন বসুন্ধৰা ২.০ৰ অধীনত নিষ্পত্তি মুঠ অনুমোদিত অফাৰৰ ভিতৰত ৮৪ শতাংশ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্রেণীৰ আবেদনকাৰী আছে৷ কেবিনেটে বড়োলেণ্ড ক্ষেত্রীয় অঞ্চলৰ সর্বাংগীণ উন্নয়নৰ বাবে ২০২৩–২৪ বিত্তীয় বর্ষৰ বাবে বিটিচিক দ্বিতীয় কিস্তি হিচাপে ৪০০ কোটি টকাৰ ৰাজ্যিক স্ব–অগ্রাধিকাৰ উন্নয়ন–গ্রাম্য পুঁজিৰ অধীনত মুকলি কৰি দিয়াৰ বাবে অনুমোদন জনায়৷ কেবিনেটে পৰীক্ষাৰ সময়ত প্রশ্ণকাকত ফাদিল হোৱা আৰু নীতিবহির্ভূত কার্যকলাপ ৰোধ কৰিবলৈ আছাম পাব্লিক এগ্জামিনেচন (নিযুক্তিৰ ক্ষেত্রত নীতিবহির্ভূত কার্যকলাপ প্রতিৰোধ ব্যৱস্থা) বিল ২০২৪ত অনুমোদন জনায়৷ এই বিধেয়কখন ৫ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া অসম বিধানসভাৰ অধিৱেশনত উত্থাপন কৰা হ’ব৷

You might also like