নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ৰাজ্যিক কেবিনেটৰ বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ; ল’লে এইকেইটা সিদ্ধান্ত

নিয়মীয়া বাৰ্তা, ২৬ মে’: আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত গুৱাহাটীত অসম মন্ত্ৰী পৰিষদৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

অসমৰ বাহিৰৰপৰা ৰাজ্যখনলৈ উভতি অহা লোকসকলৰ যাৱতীয় আৰু সঠিক কোৱাৰেণ্টাইনৰ ক্ষেত্ৰত মন্ত্ৰী পৰিষদে গুৰুত্ব আৰোপ কৰে।

কৃষি আৰু আনুষংগিক ক্ষেত্ৰত যুৱপ্ৰজন্মক উৎসাহিত কৰাৰ বাবে মন্ত্ৰী পৰিষদে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত থকা “ভৰলী পৰীয়া কন্যকা বহুমুখী পাম”ৰ বাবে ১,১৭৬ বিঘা ভূমি আৱণ্টনত অনুমোদন জনায়।

এই প্ৰতিকূল সময়ত ৰাজ্যৰ লোকশিল্পীসকলক সহায় কৰাৰ উদ্দেশ্যে প্ৰতিগৰাকী লোকশিল্পীক ৩ মাহ (এপ্ৰিল, মে’, জুন মাহ)ৰ বাবে মাহিলি ২,০০০ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ ক্ষেত্ৰত আজি সিদ্ধান্ত গ্ৰহণ কৰা হয়।

লগতে মন্ত্ৰী পৰিষদে অসমৰ সামগ্ৰিক বান পৰিস্থিতিৰ বিতংভাৱে পৰ্যালোচনা কৰে আৰু মথাউৰিসমূহৰ মেৰামতিৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বানাক্ৰান্ত লোকসকলৰ বাবে অত্যাৱশ্যকীয় খাদ্যসামগ্ৰী মজুত কৰি ৰাখিবলৈ জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়ে।

তদুপৰি, ক’ভিড-১৯ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জিলাভিত্তিক দায়িত্বত থকা মন্ত্ৰীসকলক বানপানী, গৰাখহনীয়া, ধুমুহা-বজ্ৰপাতৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ তদাৰক কৰা সন্দৰ্ভতো অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হয়।

You might also like