কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুৰ সুৰক্ষাৰ দিশত কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত
নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ চলিত বিধান সভাৰ বাজেট অধিবেশনৰ মাজতেই আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰাহিত্যত অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ অন্তত এক সংবাদমেল যোগে কেবিনেটৰ সিদ্ধান্তসমূহ অসমৰ ৰাইজক অৱগত কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।
আজিৰ কেবিনেটে লোৱা মূল সিদ্ধান্তসমূহৰ ভিতৰত অসম গৌৰৱ কাজিৰঙাক সুৰক্ষিত কৰাৰ স্বাৰ্থত আজিৰ কেবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সাত (৭)টা অঞ্চলক Eco Sensitive Zone হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সংৰক্ষিত অঞ্চলসমূহ হৈছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান টাইগৰ ৰিজাৰ্ভ, বুঢ়াচাপৰি অভয়াৰণ্য, লাওখোৱা অভয়াৰণ্য, গৰমপানী অভয়াৰণ্য, নামবৰ দৈগুৰুং অভয়াৰণ্য, পূব কাৰ্বি আংলং অভয়াৰণ্য আৰু উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য। ইয়াৰ লগতে ১১ টা অঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে আৰু ৯টা Animal Corridor ঘোষণা কৰা হৈছে।
ইপিনে ই- নিলাম যোগে ৰাজ্যৰ কাছাৰ কাগজ কল আৰু জাগীৰোডৰ নগাঁও কাগজ কল ৩৭৫ কোটি টকাত ক্ৰয় উদ্যোগ বিভাগৰ ৷ ইয়াৰ বাবে বাজেটত ধন আৱণ্টনৰ অনুমতি আজি কেবিনেট বৈঠকত প্ৰদান কৰা হয়।