নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ মহীয়া কণমানিক অপহৰণ কৰি নৃশংস হত্যা

পুৱতিনিশা পিতৃ মাতৃৰ বুকুৰ মাজৰ পৰা অপহৰণ দুর্বৃত্তৰ

নিয়মীয়া বাৰ্তা ৮ আগষ্টঃ বৰাক উপত্যকাৰ কাছাৰ জিলাত সংঘটিত এটি পাঁচমহীয়া দেৱশিশুৰ বর্বৰোচিত হত্যাকাণ্ডই সমগ্র ৰাজ্যকে জোকাৰি গৈছে৷ অপৰাধ মানসিকতাই মানুহক কিমান অমানুষিক কৰি তুলিব পাৰে, সেয়া পুনৰবাৰ নিষ্পাপ–ফুলকুমলীয়া শিশুটিৰ হত্যাকাণ্ডই প্রতীয়মান কৰিলে৷ একমাত্র মুক্তিপণ আদায়ৰ লোভতে তিনিজনীয়া অপৰাধী চক্র এটাই প্রথমতে পাঁচমহীয়া শিশুটিক যোৱা বুধবাৰে পুৱতিনিশা শুই থকা অৱস্থাত পিতৃ–মাতৃৰ বুকুৰ মাজৰ পৰা অপহৰণ কৰি লৈ গৈছিল৷ কিন্তু আদবাটত শিশুটিয়ে সাৰপাই কান্দিবলৈ ধৰে৷ কান্দোন বন্ধ কৰিব নোৱাৰি ধৰা পৰাৰ ভয়তে অপহৰণকাৰীকেইজনে শিশুটিক ডিঙি চেপি হত্যা কৰে আৰু মৃতদেহ এখন দলঙৰ সমীপত পুতি থয়৷ এটা দেৱশিশুক এইদৰে প্রথমতে অপহৰণ আৰু পাছত ডিঙি চেপি নৃশংসভাৱে হত্যা কৰি মৃতদেহ পুতি থোৱা ঘটনাক সকলোকে একমুখে ধিক্কাৰ দিছে৷ দাবী তুলিছে হত্যাকাৰীকেইজনক ফাঁচিকাঠত ওলমাবলৈ৷

ঘটনা সন্দর্ভত জানিব পৰা মতে, কাছাৰ জিলাৰ সোণাই বিধানসভা সমষ্টিৰ অন্তর্গত কাজিডহৰ দ্বিতীয় খণ্ড গাঁৱৰ বাসিন্দা ব্যৱসায়ী দেৱজ্যোতি নাথ আৰু লাভলী নাথৰ পাঁচমহীয়া শিশু পুত্র ধ্রুৱজ্যোতি নাথক বুধবাৰে পুৱতিনিশা শুই থকা অৱস্থাৰ পৰাই অপহৰণ কৰা হৈছিল৷ সেই সময়ত পিতৃ–মাতৃৰ বুকুৰ মাজত শুই আছিল শিশুটি৷ কিন্তু দুর্বৃত্তই খিৰিকী ভাঙি দেৱজ্যোতি নাথৰ ঘৰত প্রৱেশ কৰে আৰু পিতৃ–মাতৃৰ অজ্ঞাতেই শিশুটিক নির্বিঘ্ণে লৈ যাবলৈ সক্ষম হয়৷ ইয়াৰ পাছত অপহৰণকাৰীয়ে মুক্তিপণ হিচাপে পিতৃ দেৱজ্যোতি নাথৰ পৰা ১০ লাখ টকা দাবী কৰে৷ পিছদিনা ৰাজীৱ চাষা নামৰ এজন অপহৰণকাৰীয়ে মুক্তিপণ লোৱাৰ বাবে দেৱজ্যোতি নাথৰ পৰিয়ালৰ ওচৰলৈ আহে৷ সেই সময়তে আৰক্ষীয়ে অতি কৌশলেৰে ৰাজীৱ চাষাক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ৰাজীৱ চাষাৰ স্বীকাৰোক্তিৰ আঁত ধৰি আৰক্ষীয়ে আন দুজন অপৰাধীক মন্দীপ ৰয় আৰু কুকাইৱা বাউৰীকো গ্রেপ্তাৰ কৰে৷ তিনিওজনকে মাৰাথন জেৰা কৰাত ভয়ংকৰ কাণ্ডটোৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আনিবলৈ সক্ষম হয় আৰক্ষী৷ অপহৰণকাৰীকেইজনে দিয়া স্বীকাৰোক্তি অনুসৰি মুক্তিপণ আদায় কৰিবলৈ অহাৰ বহু আগতেই পাঁচমহীয়া শিশুটিক নৃশংসভাৱে হত্যা কৰা হৈছিল৷

পিতৃ–মাতৃৰ বুকুৰ মাজৰ পৰা অপহৰণ কৰি নিয়াৰ সময়ত শিশুটি নিদ্রাৰত অৱস্থাত আছিল যদিও আদবাটতে টোপনি ভাগি যায়৷ তেতিয়া শিশুটিয়ে কান্দিবলৈ ধৰে৷ অপহৰণকাৰীকেইজনে শিশুটিক নিচুকাই কান্দোন বন্ধ কৰিবলৈ চেষ্টা কৰিছিল৷ কিন্তু এইক্ষেত্রত বিফল হোৱাত ধৰা পৰাৰ ভয়তে কণমানিটোক ডিঙি চেপি দুর্বৃত্তকেইজনে হত্যা কৰে৷ ইয়াৰ পাছত দেৱজ্যোতি নাথৰ ঘৰৰ পৰা প্রায় ১০ কিলোমিটাৰ দূৰৈৰ আমজুৰঘাট অঞ্চলৰ এখন দলঙৰ ওচৰত মৃতদেহ পুতি থয়৷ অপহৰণকাৰীকেইজন স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে বৃহস্পতিবাৰে মাজনিশা আমজুৰঘাটৰ নির্দিষ্ট ঠাইৰ পৰা পাঁচমহীয়া শিশুটিৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷

ঘটনা সন্দর্ভত কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক বি এল মীনাই কেতবোৰ গুৰুত্বপূর্ণ মন্তব্য কৰিছে৷ ইতিমধ্যে ঘটনাৰ সৈতে জড়িত তিনি অপৰাধীক গ্রেপ্তাৰ কৰাৰ কথা নিশ্চিত কৰি তেওঁ কয়– অপৰাধীকেইজনৰ সৈতে যোগসূত্র থকা আন কেইবাজনকো তদন্তৰ আওতালৈ আনি সোধা–পোছা কৰি থকা হৈছে৷ অপৰাধীকেইজনে তথ্য–প্রমাণ নষ্ট কৰিবলৈ বিভিন্ন ধৰণে চেষ্টা কৰিছিল৷ কি কাৰণত এই নৃশংস কাণ্ড অপৰাধীকেইজনে সংঘটিত কৰিলে, সেই সন্দর্ভত আমি তদন্ত অব্যাহত ৰাখিছোঁ৷ এই ঘটনাৰ আঁৰত ধন সংগ্রহ অথবা ব্যক্তিগত আখেজো থাকিব পাৰে৷

ইতিমধ্যে সমগ্র ঘটনাটো সন্দর্ভত এটা গোচৰ পঞ্জীয়ন কৰা বুলি জানিবলৈ দি তেওঁ পুনৰ কয় যে ধৃত তিনিজনৰ ভিতৰত এজন মৃত শিশুটিৰ সম্পর্কীয় মোমায়েক৷ এটা কথা নিশ্চিত যে সম্পূর্ণ পৰিকল্পিতভাৱে শিশুটিক অপহৰণ কৰা হৈছিল৷ ইফালে, প্রথমে অপহৰণ আৰু তাৰ পাছত অতি নৃশংসভাৱে পাঁচমহীয়া ধ্রুৱজ্যোতি নাথ নামৰ শিশুটিক হত্যা কৰাৰ কথা আজি পুৱাৰ ভাগত ৰাষ্ট্র হৈ পৰাত কাজিডহৰ দ্বিতীয়খণ্ডৰ ৰাইজ উত্তেজিত হৈ পৰে৷ উত্তেজিত ৰাইজে শিলচৰ–আইজল সংযোগী ৫৪নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰি হত্যাকাৰীক ফাঁচিকাঠত ওলমোৱাৰ দাবী জনায়৷ প্রতিবাদকাৰীসকলে দীর্ঘসময় ধৰি ৰাষ্ট্রীয় ঘাইপথটো অৱৰোধ কৰাৰ ফলত যান–বাহনৰ চলাচল সম্পূর্ণৰূপে বন্ধ হৈ পৰে৷

এই প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰে প্রাক্তন বিধায়িকা ডাঃ ৰুমী নাথে৷ ঘটনা সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিছে অসম বিধানসভাৰ উপাধ্যক্ষ তথা সোণাইৰ বিধায়ক আমিনুল হক লস্কৰে৷ তেওঁ কয় যে যিয়ে এটি দেৱশিশুক অপহৰণৰ পাছত নৃশংসভাৱে হত্যা কৰি মৃতদেহ মাটিত পুতি থ’ব পাৰে, তেনে অপৰাধীক ফাঁচি দিয়া উচিত৷ ইয়াৰ বাবে যিকোনো পর্যায়লৈ যোৱাৰ বাবে সহমত আছে বুলি প্রকাশ কৰে বিধানসভাৰ উপাধ্যক্ষ লস্কৰে৷ এই প্রতিবাদী কার্যসূচীৰ মাজতে আৰক্ষীয়ে পাঁচমহীয়া শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ পৰিয়ালক চমজাই দিয়ে৷ মাত্র পাঁচ মাহ বয়সতে নিজ সন্তান নৃশংস হত্যাৰ বলি হোৱাত স্বাভাৱিকতে শোকাকুল হৈ পৰিছে শিশুটিৰ পিতৃ–মাতৃ আৰু পৰিয়ালবর্গ৷ প্রত্যেকেই হিয়া ধাকুৰি কান্দি কান্দি এটাই দাবী তুলিছে– এই কাণ্ডত জড়িত নৰপিশাচকেইটাক মৃত্যুদণ্ড বিহা হওক৷

You might also like