নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰ্মান্তিক! বৰাকৰ শৈৱ তীৰ্থ ভুৱন পাহাৰলৈ গৈ শোকাৱহ মৃত্যু ৫ লোকৰ

নিয়মীয়া বাৰ্তা, ২ মার্চঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৰাক উপত্যকাৰ ঐতিহ্যবাহী শৈৱ তীৰ্থ ভুৱন পাহাৰক অন্যতম পৰ্যটন স্থলীলৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা চলোৱাৰ সময়তে জিলা প্ৰশাসনৰ নানা অব্যবস্থাৰ ফলত এইবাৰ তীৰ্থলৈ যোৱা ৫জন লোকৰ মৃত্যু হৈছে।কাছাৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ চৰম গাফিলতিৰ আৰু অব্যৱস্থাৰ বাবে বৰাক উপত্যকাৰ ঐতিহ্যবাহী শৈৱ তীৰ্থ ভুৱন পাহাৰত শিৱমন্দিৰ দৰ্শন কৰিবলৈ গৈ পাঁচজম লোকৰ মৃত্যু হৈছে। সময়ত জৰুৰীকালীন এম্বুলেন্স নোপোৱাৰ বাবে লোককেইজনৰ মৃত্যুবৰণ হৈছে । বুধবাৰৰ দিনা তিনি ভক্তৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। এই তিনি লোকক লৈ মৃত্যুৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি পাইছে। বুধবাৰে ৰাতিপুৱা মন্দিৰৰ কাষত বৰখলাৰ চন্দ্ৰনাথপুৰ অঞ্চলৰ পৰা আনন্দ ঘাটোৱাৰ (৩৭) নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। তেওঁৰ দেউতাকৰ নাম সাধন ঘাটোৱাৰ বুলি জানিব পৰা যায়। তদুপৰি আবেলি আৰু দুজন মানুহ আৰক্ষীয়ে উদ্ধাৰ কৰিছে। কাটিগৰা সমষ্টিৰ গুমৰাৰ খেলমা এলেকাৰ সঞ্জয় দাস (৩৭)নামৰ যুৱকৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে । আনজন ব্যক্তিৰ পৰিচয় পোৱা নাই। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰিছে। জানিব পৰা মতে, আবেলি দুটা মৃতদেহটো মতিনগৰ ৰাস্তাৰ পৰা উদ্ধাৰ কৰা হৈছে। ইপিনে মঙলবাৰৰ মৃত মহিলাগৰাকীক এতিয়াও চিনাক্ত কৰা হোৱা নাই। শিলচৰ মেডিকেলৰ মৰ্গত মহিলা ৰাকীৰ মৃতদেহ ৰখা হৈছে । ইপিনে শিলচৰ দেশবন্ধু ৰ’ডৰ বিক্ৰম পাল নামৰ এজন যুৱক পাহাৰ বগাবলৈ গৈ ৰাস্তাতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। স্থানীয় ৰাইজৰ অভিযোগ, বিক্ৰম পাল‌ নামৰ যুৱক ৰাতি বাৰোটা মান বজাত অসুস্থ হৈ পৰে। তেতিয়া পৰিয়ালৰ লোকে এম্বুলেন্চৰ বাবে যোগাযোগ কৰিছিল যদিও পুৱাৰ ভাগতহে চৰকাৰী এম্বুলেন্চ পোৱা যায়। ইয়াৰ ফলত শিলচৰ মেডিকেল কলেজ হাস্পাতাললৈ যুৱকজনক লৈ অহাৰ আগতেই ‌বাটতে মৃত্যু হৈছিল। ৰাইজে ইয়াৰ বাবে কাছাৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ গাফিলতিৰ বাবে শৈৱ তীৰ্থ ভুৱন পাহাৰলৈ যোৱা পাচঁ গৰাকী লোকৰ মৃত্যু হৈছে বুলি অভিযোগ উত্থাপিত হৈছে। ৰাইজৰ সুবিধাৰ্থে কাছাৰ জিলা আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা‌ নাছিল। দুই – এজন আৰক্ষী আৰু হোমগাৰ্ড নিৰাপত্তাৰ বাবে দিয়া হয় যদিও চি আৰপিএফ মোতায়েন কৰা নাছিল।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like