বিশেষ বাৰ্তা, ২৮ জানুৱাৰীঃ এলায়েঞ্চ গঠন কৰা মানেই দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক হকে-বিহকে সমালোচনা কৰা, লক্ষ্য কৰি লোৱাটো সমীচীন নহয়। এজন ব্যক্তিক সমালোচনা কৰাৰ বাবে এলায়েঞ্চ কেতিয়াও হব নোৱাৰে আৰু বৰ্তি থাকিব নোৱাৰে। ইণ্ডিয়াৰ ক্ষেত্ৰতো আজি সেয়াই হৈছে- ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এনেদৰে সাংবাদিকৰ আগত সদৰী কৰে। আনহাতে নীতিশ কুমাৰে পদত্যাগ কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এয়া এক আৰম্ভণিহে মাত্ৰ। বিৰোধী দলৰ জোঁটবন্ধন ‘ইণ্ডিয়া’ গঠন হোৱা দিনৰে পৰা আমি কৈ আহিছো যে এই জোঁটবন্ধন বেছি দিন টিকি নাথাকে। এই জোঁট বেছি দিন নাথাকে। তেওঁবিলাকৰ মতাদৰ্শতে বহু কেৰোণ আছিল। তেওঁলোকে কেৱল প্ৰধানমন্ত্ৰীকে টাৰ্গেট কৰি লৈছিল। সেয়া কাৰোৰে বাবেই শুভলক্ষণ নহয়। বৰ্তমানে দেশৰ প্ৰধানমন্ত্ৰী এগৰাকী বিশ্বৰ আগশাৰীৰ নেতা। যিগৰাকী নেতাই বিশ্বৰ দৰবাৰত সংহতি আৰু ঐক্য প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। দেশৰ এনে সংহতি আৰু ঐক্যই প্ৰমান কৰে যে সমাগত লোক সভা নিৰ্বাচনত নৰেন্দ্ৰ মোদীয়ে এক অভিলেখসংখ্যক আসন লাভ কৰি পুনৰ প্ৰধানমন্ত্ৰী হব। বিজেপিত যোৱা কেইটা দিনত বহু ব্যক্তিয়ে যোগদান কৰিছে আৰু অৰাজনৈতিক দলৰ ব্যক্তিক বিজেপিৰ মজিয়ালৈ অনাৰ এক প্ৰক্ৰিয়া চলি থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বই কয় যে চিকিৎসক, অভিযন্তা, কাৰিকৰী শিক্ষাৰ ব্যক্তি, সাহিত্যিক, সাংবাদিক, সমাজৰ বৌদ্ধিক নেতৃত্ব দিয়া আৰু গাঁৱত সমাজৰ বিভিন্ন ক্ষেত্ৰত নেতৃত্ব দিয়া লোকসকল বিজেপিত যোগদানৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল আৰু সেই আমন্ত্ৰণ ৰক্ষা কৰি যোৱা এটা পষেক বিজেপিত যোগদান হৈয়ে আছে।ইফালে ৰাহুলৰ ন্যায় যাত্ৰাক কটাক্ষ কৰি কয় যে ৰাহুল গান্ধী যি বাটেৰে যাব, তাতেই কংগ্ৰেছ নিঃশেষ হব। অহংকাৰী ৰাহুলে যতেই ভৰি থব, তাতেই বিজেপিৰ পদুম ফুলিব। বৰ্তমানে ৰাহুল বিজেপিৰ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ বুলি মন্তব্য কৰি সাংবাদিকৰ আগত কয় যে ৰাহুল গান্ধীৰ লিডাৰশ্বিপৰ কোনো গুণেই নাই। আনহাতে ‘কা’ আইন ক্ষেত্ৰত কয় যে বৰ্তমানে সমগ্ৰ বিষয়টো উচ্চতম ন্যায়লয়ৰ বিচাৰাধীন। সেয়ে ন্যায়লয়ে যি নিৰ্দেশনা দিব সেয়া আমি সকলোৱেই মানি লবলৈ বাধ্য বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে।
প্ৰেৰক বিভাস দুৱৰা