নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিমান বিজুতিৰ পিছত দেশলৈ উৰা মাৰিলে কানাডাৰ প্ৰধানমন্ত্ৰীয়ে

বিশেষ বাৰ্তা, ১২ ছেপ্টেম্বৰ : দুদিন ধৰি আবদ্ধ হৈ থকাৰ পিছত আজি দিল্লীৰ পৰা কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ নিজ দেশলৈ উৰা মাৰে। পুৱা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে বিমানখনক উৰণৰ অনুমতি দিয়া বুলি অৱগত কৰে। বিবৃতিটোত কোৱা হৈছে যে বিমানখনৰ কাৰিকৰী বিজুতি ঠিক কৰা হৈছে। দেওবাৰে সমাপ্ত হোৱা জি-২০ শীৰ্ষ সন্মিলনৰ পিছত ট্ৰুডো আৰু তেওঁৰ প্ৰতিনিধি দলে দিল্লীৰ পৰা যাত্ৰা কৰিব লাগিছিল যদিও বিমানখনৰ কাৰিকৰী বিজুতিৰ বাবে ইয়াত আবদ্ধ হৈ পৰে। ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ শুকুৰবাৰে দিল্লীলৈ আহিছিল ট্ৰুডো। জি-২০ সন্মিলনত অংশগ্ৰহণকে ধৰি এই সময়ছোৱাত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কানাডা আৰু ভাৰতৰ সম্পৰ্কৰ বিষয়েও আলোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে ছ’চিয়েল মিডিয়াত লিখিছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চৰকাৰৰ সহযোগীসকলৰ হৈ মই কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোক ধন্যবাদ জনাই বিমানবন্দৰত উপস্থিত হৈছিলো। জি-২০ত উপস্থিত থকাৰ বাবে আৰু ঘৰলৈ উভতি অহাৰ নিৰাপদ যাত্ৰাৰ বাবে ট্ৰুডোলৈ শুভেচ্ছা জনালোঁ।

You might also like