নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ ৰাজ্যৰ কৃষক ৰাইজৰ সহায়ক হোৱাকৈ জলসিঞ্চনৰ দ্বাৰা সূ-পৰিকল্পিতভাবে বিজ্ঞানসন্মত ব্যৱস্থাৰে খেতি পথাৰত উচিত সময়ত পানী যোগান নিশ্চিতকৰণেৰে ৰাজ্যৰ কৃষি প্ৰধান এলেকাত উন্নত মানদণ্ডৰে জলসিঞ্চন বিভাগে ফচল উন্নত হোৱাৰ বাবে পানী যোগান আঁচনি ব্যৱস্থা কৰিছে। কিন্তু তাৰ বিপৰীতে বজালীৰ চৌধুৰীপাৰাত যোৱা নিশা কোনো দুষ্ট চক্ৰই ৰাতিৰ অন্ধাৰৰ সুযোগ লৈ প্ৰায় ২০ মিটাৰ দৈৰ্ঘৰ জলসিঞ্চনৰ দ্বাৰা নিৰ্মিত পানী যোগান আঁচনিৰ কেনল ভাঙি ক্ষতিগ্ৰস্থ কৰে৷কৃষকৰ সুবিধাৰ্থে নিৰ্মাণ কৰি থকা এই কেনেল ভঙাৰ ঘটনাক লৈ বজালী অঞ্চলত বিশেষকৈ কৃষক ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এই দুষ্কাৰ্যৰ ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আজি দিনৰ ভাগত বজালী জিলা জলসিঞ্চন বিভাগৰ বিষয়াৰ এটি দলে ঘটনাস্থলী পৰিদৰ্শন কৰি পাটাছাৰকুছি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। জলসিঞ্চন বিভাগৰ পাটাছাৰকুছি উপ সংমণ্ড সহকাৰী অভিযন্তা ডলী চৌধুৰীয়ে দাখিল কৰা এজাহাৰখনত এই দুষ্কাৰ্যত বৰবাং চৌধুৰীপাৰা গাওঁৰ প্ৰয়াত মধুৰাম চৌধুৰীৰ পুত্ৰ নৱ কুমাৰ চৌধুৰী জড়িত থকাৰ সন্দেহ ব্যক্ত কৰি কয় যে আচলতে সেই অঞ্চলত এটা M&Rৰ কাম চলি আছে আৰু নিৰ্মাণ কাৰ্যৰ আৰম্ভনিৰ পৰাই নৱ কুমাৰ চৌধুৰীয়ে বাৰে বাৰে অশান্তি দি আহিছে৷ যেতিয়া বিষয়াসকলে যোৱা ২৫ ডিচেম্বৰত তদাৰকৰ বাবে ঠাইখনলৈ গৈছিল তেতিয়া বিষয়াসকলক বিভিন্ন ধৰণে ভাবুকি দিয়াৰ লগতে নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সামগ্ৰী নমাবলৈও বাধা প্ৰদান কৰিছিল৷ এনে এক প্ৰেক্ষাপটতে যোৱা নিশা সংঘটিত দুষ্কাৰ্যত উক্ত ব্যক্তিগৰাকীৰ হাত থকাৰ সন্দেহ ব্যক্ত কৰি বিভাগীয়ভাৱে এজাহাৰ দাখিল কৰি বিষয়টো ততালিকে তদন্ত কৰি ঘটনাৰ লগত জড়িত দুষ্কৃতিকাৰীক শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীৰ অনুৰোধ জনায়৷ এতিয়া আৰক্ষীৰ তদন্তৰ পিছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহিব। কৃষক ৰাইজেও এই দুষ্কাৰ্যৰ ক্ষিপ্ৰ তদন্তৰ বাবে পাটাছাৰকুছি আৰক্ষীক দাবী জনাইছে৷
প্ৰেৰক কল্যাণ কলিতা