নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত কৰ্কট ৰোগৰ স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

বাৰ্তা বুৰো, ২৪ ছেপ্টেম্বৰ : মৰিগাঁও শিক্ষণ মহাবিদ্যালয়ত কালি মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ (IQAC) ৰ উদ্যোগত আৰু দ্বীপশিখা ফাউণ্ডেশ্যন কেঞ্চাৰ কেয়াৰ আৰু মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত কৰ্কট ৰোগৰ সজাগতা আৰু বিনামূলীয়া এটা স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয় যে মৰিগাঁও জিলাত ধঁপাতজাতীয় সামগ্ৰীৰ অধিক ব্যৱহাৰৰ ফলত মুখগহ্বৰ আৰু খাদ্যনলীৰ কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাবলৈ ধৰিছে। তেওঁ এনে সামগ্ৰীৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নোহোৱা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে বৰ্তমানৰ প্ৰেক্ষাপটত এনে শিবিৰসমূহ কেৱল নগৰ অঞ্চলতে নহয় গ্ৰামাঞ্চলতো অনুষ্ঠিত কৰাৰ প্ৰয়োজন আছে। তেওঁ দ্বীপশিখা ফাউণ্ডেশ্যনৰ উদ্যোগত পৰৱৰ্তী সময়ত জিলাখনৰ গাঁৱে ভুঞে এনে শিবিৰ অনুষ্ঠিত কৰাৰ পোষকতা কৰে। জিলা আয়ুক্তগৰাকীয়ে প্ৰসংগক্ৰমে মহিলাৰ স্তন আৰু জৰায়ুৰ কৰ্কট ৰোগৰ বিষয়েও ব্যাপক সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে প্ৰাৰম্ভিক অৱস্থাতে এই ৰোগ ধৰা পৰিলে উপশম লাভ কৰিব পৰা যায়। অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী মনীষা হাজৰিকাও উপস্থিত আছিল। এই শিবিৰত মহাবিদ্যালয়খনৰ ৩০গৰাকী মহিলাৰ মেম’গ্ৰাফি অৰ্থাৎ স্তনৰ কৰ্কট ৰোগ পৰীক্ষা কৰা হয়। অনুষ্ঠানত দ্বীপশিখা ফাউণ্ডেশ্যনৰ ডঃ ধীৰেন দাস আৰু ডঃ মৃন্ময়ী বৰুৱাই কৰ্কট ৰোগ সন্দৰ্ভত সজাগতামূলক বক্তব্য আগবঢ়ায়। অনুষ্ঠানত অংশ লৈ কন্দৰ্প দাস, নগেন দাস, ভূপেন দাস আৰু পূৰ্ণিমা দাসে স্বাস্থ্য পৰীক্ষাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায়। লগতে কৰ্কট ৰোগ সন্দৰ্ভত ঠাইতে পতা কুইজো অনুষ্ঠিত হয়। অনুষ্ঠানত বিশিষ্ট শিল্পী মণীষা হাজৰিকা আৰু জিলা আয়ুক্তগৰাকীৰ লগতে সভাত উপস্থিত সকলোৱে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ “মানুহে মানুহৰ বাবে” শীৰ্ষক গীতটি সমস্বৰে পৰিৱেশন কৰে। অনুষ্ঠানত তিৱা ভাষা-সংস্কৃতিৰ গৱেষক তথা মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি মনেশ্বৰ দেউৰী, সদৌ অসম লেখিকা সমাৰোহ সমিতি, মৰিগাঁও শাখাৰ সভানেত্ৰী স্মৃতিৰেখা গোহাঁই, অসম লেখিকা সংস্থা, মৰিগাঁও শাখাৰ সভানেত্ৰী শেৱালী শৰ্মা বৰকটকী, মৰিগাঁও শিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ডলী বুঢ়াগোহাঁই, মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ই শ্বাহ, অধ্যাপিকা ৰুকচানা ৰহমান আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like